ETV Bharat / state

বানবিধ্বস্ত অসমৰ হৈ দিল্লীত মাত মাতিব কোনে ? ৰাহুল গান্ধীয়েই এতিয়া ভৰসা অসম প্ৰদেশ কংগ্ৰেছৰ... - RAHUL GANDHI NE VISIT

Assam congress filed report to Rahul Gandhi : শিলচৰত সোমবাৰে পুৱা উপস্থিত হোৱা কংগ্ৰেছৰ যুৱৰাজ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক আদৰণি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ । অসমৰ বান পৰিস্থিতি সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ হৈ ভূপেন বৰাই ৰাহুল গান্ধীৰ ওচৰত দাখিল কৰে এখন প্ৰতিবেদন ৷

author img

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 3:56 PM IST

RAHUL GANDHI NE VISIT
ৰাহুল গান্ধীৰ উত্তৰ পূৱ ভ্ৰমণ (Source : X account of Bhupen Borah)

গুৱাহাটী, 8 জুন: সোমবাৰে অসমত উপস্থিত হোৱা কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধীৰ দলপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি অসমৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিবেদনযোগে সবিশেষ জনালে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই ৷ অগ্নিগৰ্ভা মণিপুৰৰ প্ৰসংগত সোমবাৰে অসম আৰু মণিপুৰ ভ্ৰমণলৈ আহিছে ৰাহুল গান্ধী ৷

বিৰোধী দলপতি ৰাহুল গান্ধীক প্ৰতিবেদন দাখিল (ETV Bharat Assam)

সোমবাৰে পুৱা শিলচৰ বিমানবন্দৰত উপস্থিত হয় কংগ্ৰেছৰ যুৱৰাজগৰাকী ৷ বিমানবন্দৰতে নেতাগৰাকীক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ৷

পিছে কি আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিবেদনত ? ৰাহুল গান্ধীক কি কি জনালে এপিচিচিয়ে ?

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটি প্ৰতিনিধিৰ দলে ৰাহুল গান্ধীক অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে এক প্ৰতিবেদনযোগে অৱগত কৰে ৷ দেওবাৰলৈকে শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে ৰাহুল গান্ধীক অৱগত কৰে ভূপেন বৰাই ৷ প্ৰতিবেদনযোগে ৰাহুল গান্ধীক ভূপেন বৰাই অৱগত কৰে যে,

  • দেওবাৰলৈকে বানৰ ফলত ৰাজ্যখনত মৃত্যু হৈছে মুঠ 58 গৰাকী লোকৰ
  • সমগ্ৰ ৰাজ্যতে আশ্ৰয় শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে 53,429 গৰাকী লোকে
  • ৰাজ্যৰ মুঠ 3,535 খন গাঁৱৰ 23.9 লাখ লোক আক্ৰান্ত হৈছে বানত
  • মুঠ শস্যৰ 68,769 হেক্টৰ ভূমি ডুব গৈছে বানত
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 6 টা গঁড়সহ 114 টা জীৱ-জন্তুৰ মৃত্যু হৈছে
  • কাজিৰঙাত বিগত বছৰবোৰৰ তুলনাত বানৰ ফলত হোৱা প্ৰাণীৰ মৃত্যুৰ হাৰ এইবাৰ আটাইতকৈ বেছি ৷

লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৰাহুল গান্ধীক জনায় যে, অসমৰ ভিতৰত ধুবুৰীয়ে হৈছে সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা ৷ ইয়াত 7.95 লাখৰো অধিক লোকে বানৰ সৈতে যুঁজিবলগীয়া হৈছে ৷ ধুবুৰীৰ পিছতে আছে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু উজনি অসম ৷ ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰতে 1.50 লাখৰো অধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে ৷ ইফালে কৰিমগঞ্জ জিলাৰ অন্নপূৰ্ণা ঘাট, বদৰপুৰ ঘাট, কুশিয়াৰাত বিপদচিহ্নৰ ওপৰেৰে বৰাক নদী বৈছিল বিগত দিনকেইটাত ৷

লগতে পঢ়ক: শিলচৰ বিমানবন্দৰ পৰা পোনে পোনে জিৰিবামলৈ ৰাওনা ৰাহুল গান্ধী; ৰাহুলৰ ভ্ৰমণৰ পূৰ্বে জিৰিবামত গুলীয়াগুলী - Rahul Gandhi’s Visit To Manipur

যোৱা 5 টা বছৰত হোৱা অসম চৰকাৰৰ ভুল ব্যৱস্থাপনাই বিপুল ক্ষয়-ক্ষতিৰ কাৰক বুলি ৰাহুল গান্ধীক জনালে অসম প্ৰদেশ কংগ্ৰেছে ৷ ৰাহুল গান্ধীক নিজৰ প্ৰতিবেদনত ভূপেন বৰাই জনায় যে, পথ নাইবা মথাউৰিয়ে হওক, সকলোৰে আন্তঃগাঁথনিৰ এটা জীৱন আছে ৷ নিৰ্দিষ্ট কালৰ শেষত সেই আন্তঃগাঁথনিৰ নিৰ্দিষ্ট অংশৰ মেৰামতি বা নতুনকৈ নিৰ্মাণ কৰিব লাগিব ৷ উদাহৰণস্বৰূপে, পি এম জি এছ ৱাই গাঁৱৰ পথবোৰৰ জীৱনকাল 5 বছৰ ৷ তাৰপিছত উক্ত পথবোৰ মেৰামতি কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে ভূপেন বৰাই ৷

ভূপেন বৰাই ৰাহুল গান্ধীক লগতে জনায় যে, এটা মথাউৰিৰ জীৱনকাল প্ৰায় 20-25 বছৰ ৷ যোৱা 5 বছৰত ডাবল ইঞ্জিন বিজেপি চৰকাৰে মথাউৰিৰ মেৰামতি আৰু পুনৰ নিৰ্মাণক কোনো গুৰুত্ব দিয়া নাই ৷ এই 5 বছৰত অসমৰ বিজেপি চৰকাৰে কেন্দ্ৰৰ বিজেপি চৰকাৰক বান-সম্পৰ্কীয় সাহায্য আৰু পুনৰ নিৰ্মাণৰ বাবে 10,785 কোটি টকাৰ অনুমোদনৰ বাবে অনুৰোধ জনাইছিল ৷ কিন্তু অসমৰ বিজেপি চৰকাৰে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ পৰা মাত্ৰ 250 কোটি টকা লাভ কৰিলে ৷

2018 চনৰ পৰা কোন চনত অসম চৰকাৰে কিমান ধন কেন্দ্ৰৰ পৰা লাভ কৰিলে, সেয়াও এপিচিচিয়ে দলীয় ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীক প্ৰতিবেদনৰ জৰিয়তে সদৰী কৰে ৷

কিমান টকাৰ অনুৰোধ কেন্দ্ৰলৈ ? পালে কিমান ?

চনঅসমৰ কেন্দ্ৰলৈ অনুৰোধলাভ কৰা টকা
2018-192,509 কোটি0
2019-203,237 কোটি0
2020-212,640 কোটি44 কোটি
2021-22 1,088 কোটি51 কোটি
2022-231,309 কোটি60 কোটি

কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজ্য চৰকাৰে বিচৰাৰ দৰে ধন নিদিয়াৰ ফলত ৫৩ টা মথাউৰিৰ ক্ষতি হোৱাৰ লগতে আন বহুকেইটা মথাউৰিৰ অৱস্থা শোচনীয় হৈছে বুলি সদৰী কৰে ভূপেন বৰাই ৷

সমাধান

অসমৰ বান সমস্যাৰ সমাধানৰ চাবিকাঠি আছিল পাহাৰত ৷ পাহাৰত বৃহৎ পৰিসৰৰ বনাঞ্চল ধ্বংসৰ ফলত অসমৰ নদীত অপৰিসীম পলস পৰি আছে ৷ ফলস্বৰূপে অসমৰ নদীসমূহৰ বহন ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস হৈছে ৷ গতিকে বাৰিষাৰ বতৰত আৰু জলবায়ু পৰিৱৰ্তনৰ লগে লগে ব্যাপক বৰষুণ দেখিবলৈ পোৱা গৈছে ৷

আনহাতে, পানীৰ নিৰ্গমন নদীৰ বহন ক্ষমতাৰ বাহিৰত ৷ সেয়েহে দীৰ্ঘম্যাদী সমাধান হ’ল সমগ্ৰ উত্তৰ-পূব পানী ব্যৱস্থাপনা কৰ্তৃপক্ষ, যাক বান নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় সকলো কাম কৰিবলৈ সংসদে উপযুক্তভাৱে ক্ষমতা প্ৰদান কৰিছে ৷ হ্ৰস্বম্যাদী সমাধান হৈছে মথাউৰিৰ দৰে বৰ্তমানৰ বান ব্যৱস্থাপনা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিকভাৱে সকাহ আৰু পুনৰ্বাসন প্ৰদান কৰা ৷

কেন্দ্ৰৰ ওচৰত বান সমস্যা দাঙি ধৰিবলৈ ৰাহুল গান্ধীক অনুৰোধ :

অসম প্ৰদেশ কংগ্ৰেছে অসমৰ বিষয়টোক বিশেষ ক্ষেত্ৰ হিচাপে লৈ সহায় কৰিবলৈ, অসমবাসীৰ হৈ দিল্লীত মাত মাতিবলৈ ৰাহুল গান্ধীক অনুৰোধ জনায় ৷ যাতে বানৰ ফলত হোৱা ভয়াৱহ লোকচানৰ পৰ্যাপ্ত সকাহ আৰু ক্ষতিপূৰণ কেন্দ্ৰৰ পৰা অসমে লাভ কৰে ৷ অসমৰ যন্ত্ৰণাৰ কণ্ঠক কেন্দ্ৰৰ ডাবল ইঞ্জিন চৰকাৰৰ ওচৰলৈ নি অসমবাসীক সকাহ দিবলৈ ৰাহুল গান্ধীক অনুৰোধ অসম প্ৰদেশ কংগ্ৰেছৰ ৷

লগতে পঢ়ক: ২৮ খন জিলাৰ ৩৪৪৬ খন গাঁও এতিয়াও বানৰ কবলত; দেওবাৰে বানে প্ৰাণ ল’লে ৮ গৰাকীৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.