ETV Bharat / state

জাতিগত প্ৰমাণ পত্ৰ ভুৱা মহবুবুল হকৰ ! গোচৰ তৰাৰ নিৰ্দেশ মুখ্য়মন্ত্ৰীৰ - USTM row

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 5:21 PM IST

Assam CM vs USTM: জালিয়াতিৰ বাবে বাতিল হৈছিল USTMৰ মহবুবুল হকৰ জাতিগত প্ৰমাণ পত্ৰ ! ভুৱা জাতিগত প্ৰমাণ পত্ৰ উলিওৱাৰ বাবে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

USTM row
জাতিগত প্ৰমাণ পত্ৰ ভুৱা মহবুবুল হকৰ ! গোচৰ তৰাৰ নিৰ্দেশ মুখ্য়মন্ত্ৰীৰ (ETV Bharat)

গুৱাহাটী, ২৮ আগষ্ট: USTM বনাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিতৰ্কই এইবাৰ নতুন মাত্ৰা লাভ কৰিছে । এইবাৰ গুৱাহাটীৰ কত্ৰিম বানৰ সৈতে জড়িত বিতৰ্ক নহয়, এইবাৰ অভিযোগ জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ ৷ ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ অভিযোগত অভিযুক্ত হৈ প্ৰমাণ পত্ৰ বাতিল হৈছিল USTM ৰ আচাৰ্য মহবুবুল হকৰ ৷ এই তথ্য বুধবাৰে দিছপুৰত এক সংবাদমেলত সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সৈতে USTM আৰু বিশ্ববিদ্যালয়খনৰ আচাৰ্য মহবুবুল হকক সাঙুৰি 'ফ্লাড জিহাদ’ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । তাৰ পিছতেই মুখ্যমন্ত্ৰী শৰ্মাই ৰাজহুৱাভাৱে মন্তব্য কৰিছিল যে USTM আৰু তাৰ স্বত্বাধিকাৰী তথা আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে 'শ্ল’ পয়জন’ তেওঁ অব্যাহত ৰাখিব ৷ তেওঁ এয়া প্ৰত্যাহ্বান হিচাবে লৈছে ৷

আনকি USTM ৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসমত চাকৰিৰ বাবে আবেদন জনালে অসমত পৰীক্ষা দিব লাগিব বুলিও ৰাজহুৱা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে । তাৰ কিছুদিনৰ পিছতেই USTM ৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আনিলে OBC বুলি জালিয়াতিৰে জাতিগত প্ৰমাণ-পত্ৰ উলিওৱাৰ অভিযোগ ৷

মুখ্যমন্ত্ৰীয়ে বুধবাৰে কয় যে মহবুবুল হকৰ OBC প্ৰমাণ-পত্ৰ নাকচ কৰিছিল কৰিমগঞ্জৰ আয়ুক্তই ৷ সেই সময়ত কৰিমগঞ্জৰ আয়ুক্তই ৰুজু কৰা নাছিল গোচৰ ৷ সম্প্ৰতি কৰিমগঞ্জৰ আয়ুক্তক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷

মহবুবুল হকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষোভ উজাৰিলে এইদৰে, “ভুৱা OBC প্ৰমাণ পত্ৰ উলিওৱা মানুহজন কেতিয়াবা শিক্ষাবিদ হ’ব পাৰে নেকি ? কিৰেণ সম্প্ৰদায়ৰ লোক বুলি তেওঁ এখন OBC ৰ প্ৰমাণ পত্ৰ লৈছিল । তেতিয়া মানুহে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল । তেতিয়া কৰিমগঞ্জৰ জিলা উপায়ুক্তই সকলোৰে শুনানি লোৱাৰ পিছত এইগৰাকী ভদ্ৰলোকৰ OBC ৰ প্ৰমাণ পত্ৰ খাৰিজ কৰে ৷”

হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “এজন মানুহে জাল প্ৰমাণ পত্ৰ লোৱাৰ পিছত, পিছৰ পদক্ষেপটো হ’ব লাগিছিল ক্ৰিমিনেল গোচৰ । তেতিয়া FIR দিয়া হোৱা নাছিল । এতিয়া আমি FIR দিম ৷ আয়ুক্তক মই এতিয়া FIR দিবলৈ ক’ম ।”

লগতে পঢ়ক: অসমৰ বাহিৰত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে চাকৰিৰ ক্ষেত্ৰত হ’ব অতিৰিক্ত পৰীক্ষা - Himanta Biswa Sarma

সম্পত্তিৰ উইল জনোৱাৰ পৰিৱৰ্তে বিৰোধীৰ সম্পত্তিৰ হিচাপ বিচাৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই - Property Controversy of CM Wife

ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি: দিছপুৰত ঘোষণা মুখ্যমন্ত্ৰীৰ - CM Himanta on USTM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.