ETV Bharat / state

৬ জনগোষ্ঠীৰ জনজাতিকৰণ কিয় হোৱা নাই ? - Demand for Tribal status

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 7:53 PM IST

Demand for Tribal status: ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য । কংগ্ৰেছ চৰকাৰৰ দিনত বিধানসভাত উত্থাপন কৰা অদ্ভুত প্ৰস্তাৱৰ বাবে বিষয়টো এতিয়াও আগবঢ়া নাই ।

Demand for Tribal status
৬ জনগোষ্ঠীৰ জনজাতিকৰণ কিয় হোৱা নাই (ETV Bharat)

মৰাণ,৬ ছেপ্টেম্বৰ : অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দীৰ্ঘসময় ধৰি চৰ্চাত আছে । বিগত কেইবা বছৰ ধৰি প্ৰতিখন চৰকাৰে নিৰ্বাচনৰ সময়ত ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি অহা দেখা গৈছে । কিন্তু ফলাফল এতিয়াও একেই আছে । যাৰ বাবে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । শেহতীয়াকৈ পুনৰ বিভিন্ন সংগঠনে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰিছে । বিষয়টোক লৈ কেতিয়াবা যদি কংগ্ৰেছে বিজেপিক আক্ৰমণ কৰিছে কেতিয়াবা আকৌ বিজেপিয়ে বিৰোধী কংগ্ৰেছৰ ওপৰত অভিযোগ আনিছে ।

জনজাতিকৰণৰ দাবীত প্ৰতিবাদ

জনজাতিকৰণৰ দাবীত চলিত সপ্তাহত ৰাজ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি অসমৰ জাতীয় সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ পিছতে জনজাতিকৰণক লৈ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে । ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰাৰ বাবে কংগ্ৰেছলৈ দোষ ঠেলিলে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীৰ যুক্তি

মুখ্যমন্ত্রীগৰাকীয়ে কয়, "৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ আৰম্ভণি এক প্ৰস্তাৱৰ জৰিয়তে অসম বিধানসভাৰ পৰাই আৰম্ভ হৈছিল । সেই প্ৰস্তাৱক সঁচা বুলি মানি লৈ কেন্দ্ৰীয় চৰকাৰে সদনত আইনখন উত্থাপন কৰিছিল । ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণৰ মডেল নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় । সেই প্ৰস্তাৱ লক্ষ্য কৰাত আমি দেখিলো যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দিনত জনজাতিকৰণৰ প্ৰস্তাৱত লিখা আছিল যে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰক কিন্তু পুৰণি জনগোষ্ঠীৰ কোনো ক্ষতি হ'ব নোৱাৰে । তেতিয়া আমি পুৰণি জনগোষ্ঠীক মাতিলো, তেওঁলোকে ক'লে আমাৰ ক্ষতি হ'ব । বিধানসভাৰ প্ৰস্তাৱ অনুসৰি আমি পুৰণি জনজাতিৰ কোনো ক্ষতি কৰিব নোৱাৰো । এতিয়া এই অদ্ভুত সিদ্ধান্ত এটা আমি কেনেকৈ ৰূপায়ণ কৰিম ?"

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "এপ্ৰিললৈকে আমি প্ৰচেষ্টা চলাম । যদি দুয়োটা ক্ষেত্ৰত সমন্বয় স্থাপন কৰিব নোৱাৰো তেতিয়া বিধানসভাত আমি কংগ্ৰেছকে সুধিব লাগিব যে আপোনালোকে এই প্ৰস্তাৱটো কেনেধৰণে লৈছিল । এইটো কেনেকৈ কৰিব পাৰি আপোনালোকেই আমাক পৰামৰ্শ দিয়ক । এনেকুৱা প্ৰস্তাৱ কোনেও বাস্তৱত কৰিব নোৱাৰে ।"

এই সন্দৰ্ভত বিধানসভাত মন্ত্ৰীসভাই প্ৰতিবেদন দাখিল কৰিব আৰু নতুন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :পুনৰ আশাৰ ৰেঙণি : অসম চুক্তিৰ ছয় নং দফা আৰু ইয়াৰ দীঘলীয়া পৰিক্ৰমা - Assam Accord

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.