ETV Bharat / state

এতিয়াৰে পৰা মুখ্যমন্ত্রী, মন্ত্রী-আমোলাই বহন কৰিব লাগিব চৰকাৰী আৱাসৰ বিদ্যুৎ মাচুল - Electricity bill Assam - ELECTRICITY BILL ASSAM

Himanta Biswa Sarma on electricity bill: পহিলা জুলাইৰ পৰা বিদ্যুতৰ মাচুল নিজে বহন কৰিব লাগিব মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-আমোলাই । অৱসান ঘটিব ৭৫ বছৰীয়া পৰম্পৰাৰ ৷ ইমান দিনে ৰাজ্য চৰকাৰে বহন কৰি আহিছিল এওঁলোকৰ বিদ্যুতৰ মাচুল । বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস কৰাৰো চিন্তা-চৰ্চা চৰকাৰৰ ।

Himanta Biswa Sarma on electricity bill
বিদ্যুৎ মাচুলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 7:34 PM IST

Updated : Jun 16, 2024, 9:45 PM IST

গুৱাহাটী, ১৬ জুন : অৱসান ঘটিব এটা ৭৫ বছৰীয়া পৰম্পৰাৰ । এতিয়াৰে পৰা মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-আমোলা তথা জ্যেষ্ঠ বিষয়াসকলে নিজে বহন কৰিব লাগিব চৰকাৰী আৱাসৰ বিদ্যুতৰ মাচুল ৷ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই ব্যৱস্থা ৷ পূৰ্বতে ৰাজ্য চৰকাৰে বহন কৰিছিল তেওঁলোকৰ বিদ্যুতৰ মাচুল ৷ অৱশেষত পূৰ্বৰ পৰা চলি অহা এই পৰম্পৰাৰ অৱসান ঘটালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এই ঘোষণা কৰে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

জনতা ভৱনত সৌৰ প্ৰকল্প উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে পহিলা জুলাইৰ পৰা মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে বিদ্যুতৰ মাচুল নিজে বহন কৰিব লাগিব ৷ বিগত ৭৫ বছৰ ধৰি ৰাজ্য চৰকাৰে এই মাচুল বহন কৰি আহিছিল ৷ চৰকাৰী আৱাসৰ বিদ্যুতৰ মাচুল পহিলা জুলাইৰ পৰা নিজে বহন কৰিব লাগিব ৷

লগতে পঢ়ক: স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ জনতাক মাধমাৰ বিদ্যুৎ বিভাগৰ

বিদ্যুতৰ মাচুলৰ এই কথাটো আগতে গম পোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে কিবা কথাতহে এই বিষয়টো জানিব পাৰিলে । জ্ঞাত হোৱাৰ পিচতে উদ্যোগ গ্ৰহণ কৰা হৈছে । এই ব্যৱস্থাৰ দ্বাৰা বিদ্যুৎ পৰিষদৰ সহায় হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সচিবালয়ৰ চৰকাৰী আৱাসত থকা কৰ্মচাৰীসকলকো বিদ্যুতৰ মাচুল নিজে বহন কৰাৰ বাবে কোৱা হৈছে ।

বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকাকৈ হ্ৰাস কৰাৰ চিন্তা-চৰ্চা চৰকাৰৰ :

২০২৫ চনৰ পহিলা এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত এটকা হ্ৰাস কৰাৰ বাবে এ পি ডি চি এলৰ প্ৰতি আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিচত ২০২৬ চনত আৰু ৫০ পইচা হ্ৰাস কৰাৰ বাবেও আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে । যাতে ইয়াৰ দ্বাৰা নিম্ন মধ্যবিত্তৰ উপভোক্তাসকলে সকাহ লাভ কৰিব পাৰে ।

বৰ্তমান সময়ত ৩০০ ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰিলে প্ৰতি ইউনিটত ৫.৮৫ টকাকৈ লোৱা হয় ৷ ২০২৫ চনৰ পহিলা এপ্ৰিলত প্ৰতি ইউনিটত এটকা হ্ৰাস কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে এ পি ডি চি এলক আগন্তুক ছমাহত পৰিকল্পনা কৰাৰ বাবে আহ্বান জনায় । ড৹ শৰ্মাই বিদ্যুতৰ ক্ষতি তথ‍া চুৰি ৰোধ কৰাৰ বাবেও এ পি ডি চি এলৰ প্ৰতি আহ্বান জনায় । যাতে লক্ষ্যত উপনীত হ'ব পৰা যায় ৷

লগতে পঢ়ক: বিদ্যুৎ মাচুল নিদিয়াকৈ ঘৰতে বিনামূলীয়াকৈ কেনেকৈ লাভ কৰিব শক্তি ?

তেল নাইবা গেছৰ দাম বৃদ্ধি নহ’লে অহা বছৰত এটকা আৰু পৰৱৰ্তী বছৰত উপৰঞ্চি ৫০ পইচা প্ৰতি ইউনিটত হ্ৰাস কৰিব পৰা যাব । এনে কৰিব পাৰিলে বিদ্যুতৰ মাচুল অসমত দেশৰ ভিতৰতে কম হ’ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ আন ডাঙৰ ৰ‍াজ্যৰ তুলনাত অসমত পেট্ৰ’ল আৰু ডিজেলৰ দাম কম ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিগত তিনি বছৰত ৰাজ্যৰ শক্তিখণ্ডৰ ব্যাপক সংস্কাৰ সাধন কৰা হৈছে ।

লগতে পঢ়ক: এপিডিচিএলৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ গ্ৰাহকৰ

Last Updated : Jun 16, 2024, 9:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.