ETV Bharat / state

বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী-মন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰী : সকলো দিশত চকু ৰখাৰ ইংগিত - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 7:16 PM IST

Current flood situation in Assam : মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰিছে বানপীড়িত এলেকা ৷ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলেও বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ বুজ লৈছে ৷ দিছে ভিন্ন প্ৰতিশ্ৰুতি ৷ বহু ঠাইত খাদ্য সংকটে দেখা দিছে ৷

Current flood situation in Assam
বানাক্ৰান্তৰ কাষত মুখ্যমন্ত্ৰী-মন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰী (ETV Bharat Assam)

নিউজ ডেস্ক, 4 জুলাই : আহাৰমহীয়া বানত ককবকাইছে ৰাজ্য ৷ মৃত্যু হৈছে মানুহৰ, মৃত্যু হৈছে জীৱ-জন্তুৰ ৷ চপৰা-চপৰে খহিছে নদীৰ গৰা, ভাগিছে মথাউৰি ৷ তৰণি হেৰাইছে মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-বিধায়কৰ ৷ এই মুহূৰ্তত ৰাজ্যৰ ক’ত কেনেধৰণৰ পৰিস্থিতি ? খবৰ ল’বলৈ কোন ক’লৈ গৈছে ? জানক এই প্ৰতিবেদনৰ জৰিয়তে ৷

গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে কি ক’লে ?

‘‘ৰাইজে বিচাৰিছে শ্লুইছ গেট এখন হ’ব লাগে ৷ যিখিনি পাৰো সহায় কৰি দিম ৷ য’ত যেনেকৈ পাৰো চেষ্টা কৰি আছো ৷ সমস্যাবিলাক সমাধানৰ বাবে বহুত ডাঙৰ প্ৰচেষ্টা লাগে ৷’’ এইদৰে গুৱাহাটীবাসীক আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে গুৱাহাটীৰ পাৰ্শ্বৱর্তী চন্দ্ৰপুৰ, পানীখাইতী আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কেবাখনো গাঁও । ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী ৷ চন্দ্ৰপুৰ-সোণাপুৰ সংযোগী মথাউৰিৰ প্ৰতি সৃষ্টি হৈছে ভাবুকিৰ ৷ ভৰলুমুখৰ শ্লুইছ গেটেৰে ব্ৰহ্মপুত্ৰৰ পানী সোমোৱাৰ ফলত বিস্তৃৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে । বৃহস্পতিবাৰে পাণ্ডু অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

ডিব্ৰুগড়ত কি ক’লে সৰ্বানন্দ সোণোৱালে ?

বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ খোৱাঙত কেবাটাও আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মন্ত্ৰীগৰাকীয়ে খোৱাঙত বানপীড়িত লোকসকলৰ সৈতে মত বিনিময়ো কৰে ৷ ইয়াৰ পিচতে সোণোৱালে SDRF-ৰ সহযোগত বানবিধ্বস্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় ৷ ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰি সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে বানৰ পৰৱৰ্তী সময়তো ক্ষতিগ্ৰস্ত ৰাইজৰ লগতে কৃষকসকলৰ ক্ষয়-ক্ষতিৰ বুজ লৈ সহযোগিতা আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা উন্নয়ণ প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই ৷

লগতে পঢ়ক: কেশৱ মহন্তৰ লগত যি হ’ল, সেয়া মাথো আৰম্ভণিহে : ভূপেন বৰা

খাদ্য সংকটত নগাঁৱৰ বানপীড়িত :

নগাঁৱৰ কামপুৰ ৰাজহ চক্ৰ প্ৰায় ১০ খনকৈ গাঁও পৰিছে বানৰ কৱলত । পতিয়াপাম ,চানজোৰাই, গোঁসাই গাঁও ,গাৰুখুন্দা আদিকে ধৰি ১০ খনৰো অধিক গাঁও আছে পানীৰ তলত । শংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল । কামপুৰৰ পটিয়াপামত ভগ্ন মথাউৰিৰে পানী সোমাই প্লাৱিত কৰিছে বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁও । ইতিমধ্যে কামপুৰ -যমুনামুখ সংযোগী পথৰ ওপৰেদি পানী বাগৰাৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে । বহু পৰিয়ালৰ বাসগৃহত পানী সোমোৱাৰ ফলত নিৰাপদ স্থানলৈ গতি কৰিছে বন্যাৰ্তসকলে । চৰকাৰৰ পৰা পোৱা নাই বান সাহায্য ৷ খাদ্য সংকটত পৰিছে বানাক্ৰান্তসকল ৷

মৰিগাঁৱৰ পৰিস্থিতিৰ বুজ ল’লে অতুল বৰাই :

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হ’ল মন্ত্ৰী অতুল বৰা ৷ বুজ ল’লে জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ । জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ আন বিষয়াসকলৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত দিয়া নিৰ্দেশসমূহ পালন কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে অতুল বৰাই । বানত হোৱা ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা জনসাধাৰণে যাতে অহা ১৫ আগষ্টৰ পূৰ্বে ক্ষতিপূৰণ লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ সংশ্লিষ্ট প্ৰতিটো বিভাগক এই সময়ছোৱাত সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ কৃষিমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে যাতে বান ক্ষতিগ্ৰস্ত লোকসকল কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ৷

অসমৰ সম্পদবোৰ যদি ৰাষ্ট্ৰীয়, সমস্যাটো ৰাষ্ট্ৰীয় কিয় নহয় ? আছুৰ প্ৰশ্ন

‘‘কেৱল ডিঙিত গামোচাখন ল’লেই অসমৰ সমস্যা সমাধান নহয় । মুখ্যমন্ত্ৰীলৈ ফোন কৰি অসমৰ বানৰ খবৰ লোৱাতকৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰক । অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুৰব্বীজনে এইক্ষেত্ৰত কিয় আগ-ভাগ নলয় ? নিৰ্বাচনৰ সময়ত ডিঙিৰ শিৰ ফুলাই অসমৰ বান সমস্যাৰ কথা কয় । কিন্তু এতিয়া তেওঁলোক নিমাত কিয় ?’’ এই প্ৰশ্ন আছুৰ ৷ বৃহস্পতিবাৰে কলিয়াবৰৰ বানাক্ৰান্তৰ কাষত থিয় হৈ এইদৰে ক’লে কলিয়াবৰ আছুৰ প্ৰতিনিধিয়ে ৷

লগতে পঢ়ক: বোকাখাতত নাও ডুবি দুজন যুৱকৰ মৃত্যু : তিনিজনৰ কথমপি প্ৰাণৰক্ষা

আনহাতে মুখ্যমন্ত্ৰীয়ে হাতীমূৰাৰ ছিগা মথাউৰি পৰিদৰ্শন কৰি বানক্ৰান্তসকলক মাত এষাৰো নিদিয়াকৈ ৰাজধানীলৈ উভতি যোৱা কাৰ্যক গৰিহণা দিয়ে ছাত্ৰ প্ৰতিনিধিসকলে ৷ তেওঁলোকে কয় যে হাতীমূৰা মথাউৰি ছিগাৰ পিচতো বিভাগীয় বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে এইপৰ্যন্ত কোনো ব্যৱস্থা নলৈ ঠিকাদাৰৰ সৈতে যে গোপন বুজাবুজি আছে তাকে চৰকাৰখনে প্ৰমাণ কৰিছে ।

বানৰ কৱলত লাওখোৱা-বুঢ়াচাপৰি :

বানত ডুবিছে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰায় 40 শতাংশ এলেকা ৷ অভয়াৰণ্যখনৰ মুঠ 23 টা বন শিবিৰৰ 10 টা বন শিবিৰেই এতিয়া বানৰ কৱলত আছে ৷ আনহাতে বুঢ়াচাপৰি অভয়াৰণ্যৰ প্ৰায় 80 শতাংশই প্লাৱিত হৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত । অভয়াৰণ্যখনৰ মুঠ 18 টা বন শিবিৰৰ 17 টা বন শিবিৰেই প্লাৱিত কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জীৱকুলৰ মাজত ৷ ঢেকীয়াপতীয়া বাঘ, হাতী, হৰিণাকে ধৰি বিভিন্ন জীৱ-জন্তুৰ আশ্ৰয়স্থল লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ জীৱ-জন্তুৱে ওখ স্থান বিচাৰি অভয়াৰণ্য এৰিছে ৷ আনকি লাওখোৱা অভয়াৰণ্যৰ পৰা এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ বুধবাৰে জনাঞ্চলত প্ৰৱেশ কৰি বাট হেৰুৱাবলগীয়া হৈ পৰে । অভয়াৰণ্য দুখনৰ পৰা গাঁও অঞ্চলত প্ৰৱেশ কৰে পাঁচটাকৈ হৰিণাই ৷ অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত গাঁও অঞ্চলত প্ৰৱেশ কৰা হৰিণাকেইটা উদ্ধাৰ কৰা হয় ৷

ডিমৌত বাঢ়নী পানীয়ে উটুৱালে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা :

পাহাৰৰ পৰা বৈ পৰা খৰস্ৰোতা নদীৰ প্ৰৱল সোঁতে বৃহস্পতিবাৰে পুৱতি নিশা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা অংশ উটুৱাই নিয়ে৷ প্ৰায় ৬ ঘণ্টা ধৰি পথ নিৰ্মাণ সংস্থাই চলোৱা যুদ্ধকালীন তৎপৰাতাৰ পিচত পথটো সুচল হয় ৷ হাজাৰ হাজাৰ পথচাৰীৰ মাজত সৃষ্টি হ’ল হাহাকাৰ অৱস্থাৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথটো ফ’ৰ লেনলৈ উন্নীতকৰণৰ দায়িত্বত থকা পথ নিৰ্মাণ সংস্থাই নিম্নমানৰ কাম কৰাৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷

খোৱাপানীৰো অভাৱ বৰপেটাৰ বানাক্ৰান্তৰ :

ব্ৰহ্মপুত্ৰৰ পানীয়ে জলমগ্ন কৰিলে বৰপেটাৰ ভোগেৰপাৰ গাঁও ৷ গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰৰ ভিতৰত এবুকু পৰ্যন্ত পানী ৷ গাঁওবাসীয়ে আশ্ৰয় লৈছে বহৰি-বাঘবৰ মথাউৰিত ৷ দেওবাৰৰ পৰাই ব্ৰহ্মপুত্ৰৰ পানী সোমাই সম্পূৰ্ণৰূপে জলমগ্ন কৰি তোলে ভোগেৰপাৰ গাঁওখন ৷ সোমবাৰৰ পৰাই মথাউৰিত আশ্ৰয় লৈ থকা পৰিয়ালসমূহে বান সাহায্যতো দূৰৈৰে কথা, খোৱাপানী এটুপিও লাভ কৰা নাই ৷ তদুপৰি লাভ কৰা নাই পশুখাদ্য ৷ কেবাবছৰ পূৰ্বে ভোগেৰপাৰ গাঁৱৰ দক্ষিণৰ বহৰি-বাঘবৰ মথাউৰিটোৰ লগতে গাঁওখনৰ বহু পৰিয়ালৰ ঘৰবাৰী ব্ৰহ্মপুত্ৰত জাহ গৈছিল ৷ তেতিয়াৰে পৰা গাঁওবাসীয়ে বাৰিষাৰ সময়ত তিনি-চাৰিটাকৈ বানৰ কৱলত পৰি মথাউৰিতে আশ্ৰয় ল’বলগীয়া হৈ আহিছে ৷

লগতে পঢ়ক: প্লাষ্টিকৰ বেগেহে ভেটিব ব্ৰহ্মপুত্ৰ, মাতমৰাত সুৰক্ষাৰ নামত ভেকোভাওনা

কলিয়াবৰত কেশৱ মহন্তই কি ক’লে ?

বৃহস্পতিবাৰে কলিয়াবৰৰ বান শিৱিৰসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ মন্ত্ৰীগৰাকীয়ে কয়, ‘‘কলঙৰ পানী কমিছে আৰু জলমগ্ন গাঁওসমূহতো লাহে-লাহে পানী কমিছে । দুই-এদিনতে আশ্ৰয় শিৱিৰ এৰি নিজ-নিজ ঘৰলৈ যাব পাৰিব । অৱশ্যে কলঙৰ পাৰৰ দ অঞ্চলৰ বাসগৃহসমূহৰ পানী শুকাওঁতে কিছু সময় লাগিব । এই সময়ছোৱাত বানাক্ৰান্ত লোকসকলক সকলোধৰণৰ সা-সামগ্ৰীৰ ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিব ৷ আনহাতে, কলঙমুখৰ ছিঙা অংশ মেৰামতি কৰিব পৰাকৈ জলসম্পদ বিভাগৰ সাজু হৈ আছে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমিলেই সেই কাম আৰম্ভ কৰিব পৰা যাব ।’’

‘‘ছাৰ আমাক খাবলৈ দিয়ক’’ : মৈৰাবাৰীৰ বানাক্ৰান্ত

মৈৰাবাৰীৰ চৰ-চাপৰিৰ চাৰিওফালে হাহাকাৰ পৰিস্থিতি৷ দেখা দিছে দুৰ্ভিক্ষৰ আগজাননীয়ে ৷ ২১ খন চৰৰ শ-শ গৃহহীন আৰু ক্ষুধাতুৰ মানুহে এতিয়া এমুঠি অন্ন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৷ ভোকাতুৰ দুৰ্ভগীয়া চৰবাসীৰ কাষতে থিয় দিলে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । আয়ুক্ত দেৱাশীষ শৰ্মাই নিজাববীয়াকৈ যোগান ধৰিলে কেইবস্তামান চিৰা । নাওখন সন্মুখত দেখিয়েই ভোকাতুৰ চৰবাসীয়ে দৌৰি আহি ক’লে- ছাৰ ‘‘আমাক খাবলৈ দিয়ক’’ । যন্ত্ৰচালিত নাৱৰ পৰাই চৰৰ ভোকাতুৰ লোকৰ হাতত জিলা আয়ুক্তগৰাকীয়ে তুলি দিলে কেইটামান চিৰাৰ বস্তা ৷ খাদ্যৰ টোপোলা পাই সকলোৱে খাবলৈ আৰম্ভ কৰে ৷ তেনেতে আয়ুক্ত দেৱাশীষ শৰ্মাই চিঞৰি চিঞৰি ক’বলৈ ধৰিলে- ‘‘খালী পেটত বেছিকৈ চিৰা নাখাব । কমকৈ খাওক ।’’

লগতে পঢ়ক: দৰঙত তিনি আৰু চৰাইদেউত দুজনৰ মৃত্যু

এনে এক ভয়ংকৰ দুৰ্যোগে আজি চাৰিদিন অতিক্ৰম কৰিছে যদিও অসম চৰকাৰৰ কোনো এজন মন্ত্ৰীয়ে আজিলৈকে খবৰ লোৱা নাই । মন্ত্ৰী পীযুষ হাজৰীকায়ো গৃহ জিলা মৰিগাঁৱৰ লাহৰীঘাট সমষ্টিৰ এই দুৰ্ভগীয়া চৰবাসীৰ দুৰ্দশাৰ খবৰ লোৱা নাই । কংগ্ৰেছক ৯২ শতাংশ ভোট দিয়া অসমৰ বিশেষ সম্প্ৰদায়ৰ তালিকাত এই চৰবাসী পৰিছে বুলিয়েই মন্ত্ৰী পীযুষ হাজৰীকাই এবাৰো খবৰ ল'বলৈ অহা নাই নেকি বুলি বহুতে প্ৰশ্ন কৰিছে ৷

জোনাইত বানত মৃত্যু হোৱাৰ যুৱকৰ বাসগৃহত ভূৱন পেগু :

জোনাইৰ তেলাম কমন চেলেক গাঁৱৰ জুৱেল পেগু নামৰ ১৬ বছৰীয়া যুৱকজন ৩০ জুনত উটি গ’ল দিখাৰী নদীৰ প্ৰবল সোঁতত ৷ এদিন পিচতে বাঢ়নী পানীৰ সোঁতে উটুৱাই নিয়াত বেংগলী বগীনদী গাঁৱৰ সন্তোষ দাস নামৰ আন এজন বৃদ্ধৰ মৃত্যু হয় । এই খবৰ পোৱাৰ পিচতে জোনাইৰ বিধায়ক ভূৱন পেগুৱে জোনাই মহকুমা প্ৰশাসনৰ লগত যোগাযোগ কৰি পৰিয়াল দুটালৈ মুঠ আঠ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ ব্যৱস্থা কৰে ।

মিছিং জাতীয় সংগঠন TMPK আৰু জোনাইৰ সম্মিলিত গণশক্তি, অসম দলৰ এটা সজাতি দলে দুৰ্ভগীয়া পৰিয়াল দুটাৰ বাসগৃহত উপস্থিত হৈ ৪ লাখকৈ দুটা পৰিয়াললৈ মুঠ ৮ লাখ টকাৰ আৱন্তিত পত্ৰ বিতৰণ কৰে ।

আনহাতে জোনাইত আশ্ৰয় শিৱিৰত থকা পৰিয়ালসমূহত কাষত থিয় দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু TMPKই ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই শিৱগুৰি গাঁওখন এতিয়া বাসস্থানৰ অনুপযোগী বুলি উল্লেখ কৰে ৷ পৰিয়ালসমূহক বাসস্থানৰ বাবে ভূমি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে । TMPKয়ো অঞ্চলটোত থকা পৰিয়ালসমূহক শীঘ্ৰে স্থায়ী সংস্থাপনৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: বেকী নৈৰ চৰত ২০ টা শিবিৰত ৬ হাজাৰ পশুধনসহ জলবন্দী ২০ হাজাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.