ETV Bharat / state

পৰেশ বৰুৱাক সদনৰ মজিয়াৰ পৰাই আহ্বান মুখ্যমন্ত্ৰীৰ - Assam CM appeals to ULFA I

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 4:30 PM IST

Updated : Aug 27, 2024, 6:42 PM IST

Assam Assembly Autumn Session : ‘‘আপোনাৰ শত্ৰুতা ভাৰত চৰকাৰৰ লগতহে, অসমীয়াৰ লগত নহয় ৷ ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰক ৷ ৰাজ্যত বোমা নুফুটাব ৷ নহ’লে অসমৰ ঔদ্যোগিকৰণত বাধা আহি পৰিব ৷’’ সদনত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্যি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Assam Assembly Autumn Session
বোমা উদ্ধাৰৰ পাছত মোলৈ টাটা গ্ৰুপৰ ফালৰ পৰা 7 টা ফোন আহিছিল : মুখ্যমন্ত্ৰী (Assam CM X handle)

নিউজ ডেস্ক, 27 আগষ্ট : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয়টো দিন ৷ অধিৱেশনৰ দ্বিতীয় দিনটোতে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, বিগত স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ 25 টা স্থানত উদ্ধাৰ হৈছিল আলফা স্বাধীনে সংস্থাপিত কৰি থোৱা বোমা ৷ এই বোমাৰ প্ৰসংগক লৈ আজি সদনত মুখ্যমন্ত্ৰীয়ে পৰেশ বৰুৱালৈ আহ্বান জনাই কয়, ‘‘বোমা ফুটাবলৈ হ’লে মোৰ ঘৰৰ সন্মুখত অথবা মন্ত্ৰী আৱাসৰ উদ্যানত ফুটাওক । পলাশবাৰী বা জাগীৰোডৰ দৰে ঠাইত বোমা নুফুটাব ৷ কাৰণ অসমে ঔদ্যোগিকৰণৰ দিশে গতি লাভ কৰিছে ৷ এনে হ’লে অসম স্থবিৰ হৈ যাব ৷ ফলত ঔদ্যোগিকৰণত বাধা আহি পৰিব ৷’’

লগতে পঢ়ক : গুৱাহাটী-লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনা 'নিয়া'ক হস্তান্তৰ কৰা হ'ব : জি পি সিং - ULFA I BOMB PLANS

‘‘স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ ভিন্ন স্থানত 25 টা বোমা উদ্ধাৰ হৈছিল ৷ ইয়াৰ পাছতে মোলৈ টাটা গ্ৰুপৰ ফালৰ পৰা 7 টা ফোন আহিছিল ৷’’ মুখ্যমন্ত্ৰীগৰাকীয়ে অধিৱেশনত কয় ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পৰেশ বৰুৱাক উদ্দেশ্যি আৰু কয়, ‘‘আপোনাৰ শত্ৰুতা ভাৰত চৰকাৰৰ লগতহে, অসমীয়াৰ লগত নহয় ৷ অহা 26 জানুৱাৰীত যদি এনে ঘটনাৰ পুনৰাবৃত্তি ঘটে, তেন্তে অসমৰ পৰা টাটা গ্ৰুপ উঠি যাব, যি আমাৰ কাৰণে বৃহৎ লোকচান । সেয়ে অসমত ঔদ্যোগীকৰণৰ পৰিৱেশ বেয়া কৰিব নালাগে ৷’’

তেওঁ কয়, ‘‘আমি অসমত ঔদ্যোগীকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছো । অসমত ৩২ লাখ নিবনুৱাৰ বিপৰীতে ২০ লাখ নিবনুৱাহে আছে ৷ টাটা গ্ৰুপৰ ফলত অসমৰ মুঠ 27 হাজাৰ লোকে কৰ্মসংস্থাপন পাব ৷ ফলত অসম উদ্যোগৰ ক্ষেত্ৰত আগবাঢ়ি যাব ৷"

মুখ্যমন্ত্ৰীয়ে লগতে আৰু কয়, "অইল ইণ্ডিয়া বা অ' এন জি চিৰ বাহিৰে অসমত আৰু তেনেকুৱা বৃহৎ উদ্যোগ নাই ৷ তৈলভাণ্ডাৰ শেষ হ'লে সেই কোম্পানীসমূহেও অসম এৰি যাবগৈ ৷ গতিকে আমি বিকল্প বৃহৎ উদ্যোগৰ সন্ধান কৰিব লাগিব ৷ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই টাটা গ্ৰুপে অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে ৷ টাটাই আমাৰ সম্পদ লুন্ঠন কৰি নিবলৈ অহা নাই ৷ আমাৰ ল'ৰা-ছোৱালীক সংস্থাপন দিবলৈহে আহিছে ৷"

লগতে পঢ়ক : সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি : নামনিৰ মিঞাক উজনিলৈ যাব নিদিওৱেই, যি কৰে কৰক - Assam Assembly Autumn Session

Last Updated : Aug 27, 2024, 6:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.