গুৱাহাটী, ১৩ জুলাই : এ ডি আৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বিপৰীতে মূল (মেইনছ) আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব । এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য, কেইদিনমান পূৰ্বে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অসম লোক সেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছিল । কিন্তু ইয়াকে লৈ বিভিন্নজনে ব্যাপক অসন্তুষ্টি ব্যক্ত কৰাত মুখ্যমন্ত্রীয়ে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ কথা উল্লেখ কৰিছিল । অৱশেষত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে প্ৰাৰম্ভিক পৰীক্ষাৰ বিপৰীতে মেইনছ আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা জনায় ।
শুকুৰবাৰে নিশা সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, "তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি কিয় এ পি এছ চিৰ দৰে হ'ব লাগে বুলি সংবাদ মাধ্যমত বিতৰ্ক হোৱা দেখা পাইছিলোঁ । পৰীক্ষা এ পি এছ চিৰ আৰ্হিত হোৱাৰ কথাহে কোৱা হৈছিল, এ পি এছ চিৰ দৰে নহয় । পৰীক্ষা শিক্ষাগত অৰ্হতাৰ ভিত্তিতে হ'ব । ছিলেবাছ অনুসৰি হ'ব ।"
মুখ্যমন্ত্রীয়ে কয়, 'আমাৰ প্ৰস্তাৱ আছিল যে এ ডি আৰ ইৰ পৰীক্ষাত 7 হাজাৰ পদৰ ভিতৰত এটা পদ আছে, যাৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক । যিটোৰ পদ আছে ৩৭০০টা । ইয়াৰ বিপৰীতে ১১ লাখ ল'ৰা-ছোৱালীয়ে আবেদন কৰিছে । ১১ লাখৰ বাবে পৰীক্ষা পাতিবলৈ গ'লে ২১০০ পৰীক্ষা কেন্দ্ৰ লাগিব । যিটো প্ৰত্যাহ্বানমূলক ।" আনহাতে, ২১০০ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গ'লে সমস্যা থাকিব বুলি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰৰ সিদ্ধান্ত যিয়েই নহওক কিয় আমি বিতৰ্কৰ ঊৰ্ধ্বত থাকিব বিচাৰোঁ ।
মুখ্যমন্ত্রীয়ে লগতে কয় যে বহুতে চৰকাৰৰ প্ৰতিটো কথাতে বিতৰ্ক বিচাৰে । ইয়াৰ দ্বাৰা তেওঁলোকৰ যে কিবা লাভ হ'ব তেনে নহয় । মুখ্যমন্ত্রীয়ে কয়, "এইবাৰ আমি প্ৰিলিমিনাৰী (প্ৰাৰম্ভিক) পৰীক্ষা নাপাতি মেইনছ আৰু ভাইভাৰ যোগেদি পৰীক্ষাৰ ফলাফল দিম । ১১ লাখ পৰীক্ষাথীয়ে ২১০০ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিলে প্ৰত্যাহ্বান হ'ব আৰু এইক্ষেত্রত ৰাইজৰো সহযোগিতা লাগিব ।' মুখ্যমন্ত্রীয়ে লগতে কয় যে ৩ অক্টোবৰৰ পৰা আৰক্ষীৰ পৰীক্ষা আৰম্ভ হ'ব । পৰীক্ষা যোগ্যতা অনুসৰি অনুষ্ঠিত কৰা হ'ব । ইয়াত বিতৰ্কৰ কোনো অৱকাশ নাই । চৰকাৰৰ এটায়ে লক্ষ্য যে চাকৰি যোগ্যজনৰ বাহিৰে কোনেও পাব নোৱাৰে ।
মুখ্যমন্ত্রীয়ে কয় যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ১৪ হাজাৰ পদৰ বাবে মুঠ ১৮ লাখ আবেদন কৰিছে । আগন্তুক তিনি দিনৰ ভিতৰত পৰীক্ষাৰ ছিলেবাছ দিয়া হ'ব ।
উল্লেখ্য, মুখ্যমন্ত্রীয়ে গোৱালপাৰাৰ শিমলীতোলাত সংঘটিত নাও দুৰ্ঘটনাৰ প্ৰসংগও উল্লেখ কৰে । মন্ত্রী অশোক সিংহলৰ সৈতে নাও দুৰ্ঘটনাত নিহত পাঁচগৰাকী লোকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে চৰকাৰৰ পৰা অনুদান হিচাপে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আগবঢ়োৱা হৈছে ।
আনহাতে, মুখ্যমন্ত্রীয়ে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মাতৃ-পিতৃৰ বন্দনাৰ বাবে দুদিনৰ ছুটী দিয়াৰ কথাও উল্লেখ কৰে । সেই অনসৰি ৰাজ্যিক কৰ্মচাৰীয়ে দুদিনৰ বিশেষ ছুটীকে ধৰি ৬ নবেম্বৰৰ পৰা ১০ নবেম্বৰলৈ পাঁচদিনৰ বন্ধ লাভ কৰিব । মুখ্যমন্ত্রীয়ে এই পাঁচ দিন মাক-দেউতাক নাইবা শহুৰ-শাহুৰ সৈতে বিভিন্ন মন্দিৰ, তীৰ্থস্থান বা পৰ্যটনস্থলীলৈ যোৱাৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰাৰ কথা সদৰী কৰে ।
মুখ্যমন্ত্রীয়ে কয়, "পিতৃ-মাতৃৰ কৃপাতেই আমি জীৱনত সফলতা লাভ কৰোঁ । ব্যস্ত জীৱনৰ মাজত আমি কেতিয়াবা পিতৃ-মাতৃক সময় দিব নোৱাৰোঁ । তিনি বছৰ ধৰি ৰাজ্য চৰকাৰে এই কাৰ্যসূচী হাতত লৈ আহিছে । যাৰ পৰিণাম স্বৰূপে বহুতে গাঁৱৰ ঘৰলৈ গৈ মাক-দেউতাৰ সৈতে সময় কটোৱাৰ ফটো আমালৈ পঠাইছে ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "বহুতে প্ৰশ্ন কৰে যে ব্যক্তিগত কোম্পানীত কাম কৰাসকলে এই সুবিধা কিয় নাপায় । মই আশাকৰোঁ যে চৰকাৰী কৰ্মচাৰীৰ দৰে একে সময়তে ব্যক্তিগত কোম্পানীয়েও তেওঁলোকৰ কৰ্মচাৰীক এই সুবিধা দিয়ক যাতে আমাৰ সমাজত মাতৃ-পিতৃ বন্দনা এক সুন্দৰ নিয়মত পৰিণত হয় ।" মুখ্যমন্ত্রীয়ে বেচৰকাৰী কোম্পানীসমূহলৈ চৰকাৰী বিশেষ ছুটীৰ সময়ত নিজৰ কৰ্মচাৰীসকলক ছুটী দিয়াৰ বাবে আহ্বান জনাই কয় যে এয়া দাবী নহয়, বিনম্ৰ আহ্বান ।