ETV Bharat / state

মুকলি হ'ল অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ - ASCRTPS LAUNCHED

অসমৰ সাধাৰণ জনতাৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ ।

Assam State Public Services Commission
মুকলি হ'ল অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ (ANI)
author img

By ANI

Published : Dec 1, 2024, 11:44 AM IST

গুৱাহাটী : ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত অধিক দায়বদ্ধতা নিশ্চিত কৰাৰ অংশ হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এক অনুষ্ঠানত মুকলি কৰে অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ । মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সেৱাৰ অধিকাৰৰ বাবে আবেদন প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰা মেনুৱেল আৰু আয়োগৰ অফিচিয়েল ৱেবছাইটো মুকলি কৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে দায়বদ্ধতাৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে পালন কৰা পৰিৱৰ্তনশীল ভূমিকাৰ কথা উল্লেখ কৰে । তেওঁ দৃঢ়তাৰে কয় যে যদি নাগৰিকসকলে তেওঁলোকৰ অধিকাৰৰ বিষয়ে অজ্ঞাত থাকে তেন্তে সুশাসন সম্ভৱ নহয় ।

জনসাধাৰণে অজস্ৰ সেৱাৰ সুবিধা লাভ কৰিব বুলি স্বীকাৰ কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে এই সেৱাসমূহ দক্ষ আৰু সময়মতে প্ৰদান কৰাটো নিশ্চিত কৰাটো চৰকাৰৰ প্ৰাথমিক কৰ্তব্য ।

ৰাজহুৱা সেৱাৰ অধিকাৰ আইন

উল্লেখ্য যে ২০১০ চনত মধ্য প্ৰদেশে প্ৰথমবাৰৰ বাবে ৰাজহুৱা সেৱাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰিছিল । মধ্য প্ৰদেশৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমে ২০১২ চনত আইন প্ৰণয়ন কৰি ইয়াক অনুসৰণ কৰিছিল । ২০১৯ আৰু ২০২৪ চনত পৰৱৰ্তী সংশোধনীও কৰিছে ।

তেওঁ উল্লেখ কৰে যে সেৱা সেতু প্লেটফৰ্মৰ জৰিয়তে অসম চৰকাৰে ইতিমধ্যে প্ৰায় ৭২৫ টা বিষয়ক নাগৰিক অধিকাৰ হিচাপে স্বীকৃতি দিছে, যাৰ ভিতৰত আছে ষষ্ঠ অনুসূচীৰ অধীনত ৬৪ টা চৰকাৰী বিভাগ আৰু তিনিখন স্বায়ত্তশাসিত পৰিষদ ।

অসমৰ সেৱা সেতু প্লেটফৰ্ম

তেওঁ কয়, "পৰ্টেলটোৱে এক স্পষ্ট সেৱা বিতৰণ সময়সীমা প্ৰদান কৰে, প্ৰতিটো সেৱা প্ৰদান কৰিব লগা সৰ্বাধিক সময়সীমা নিৰ্ধাৰণ কৰে । সেৱা সেতু প্লেটফৰ্ম মুকলি হোৱাৰ পিছত, ১.৫৬ কোটিতকৈও অধিক আবেদন লাভ কৰা গৈছে, ইয়াৰে ৯০ শতাংশতকৈও অধিক আবেদন সফলতাৰে সমাধান কৰা হৈছে । ৰাজহুৱা সেৱাৰ অধিকাৰ আইন এতিয়া দেশৰ ৩৪ খন ৰাজ্যত বলবৎ কৰা হৈছে, যাতে নাগৰিকসকলৰ অধিকাৰ সুৰক্ষিত কৰা হয় । নাগৰিকসকলে এতিয়া তথ্যৰ অধিকাৰ (আৰটিআই) আইনৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব ।"

মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা বছৰ অসম চৰকাৰে ৰাজহুৱা সেৱাৰ অধিকাৰৰ বাবে ৰাজ্যিক আয়োগ স্থাপনৰ সিদ্ধান্ত জনসেৱাৰ অধিকাৰক প্ৰকৃত অধিকাৰলৈ ৰূপান্তৰ কৰাৰ এক নিৰ্ণায়ক পদক্ষেপ । মুখ্যমন্ত্ৰীয়ে অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ মুখ্য আয়ুক্ত হিচাপে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া সুজয় লাল থাওচেনক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে আৰু ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী আৰু বিমল চি অছৱালক সদস্য হিচাপে নিযুক্তি দিয়ে ।

তেওঁ গুৰুত্ব আৰোপ কৰে যে যদি জনসাধাৰণক তেওঁলোকৰ অধিকাৰ আৰু সেৱাসমূহ দক্ষতাৰে প্ৰদান কৰা হয় তেন্তে অসমে দৃষ্টান্তমূলক শাসনৰ বাবে এক মানদণ্ড স্থাপন কৰিব পাৰে । তেওঁ বিষয়া আৰু অসামৰিক কৰ্মচাৰীসকলক এই সংস্কাৰসমূহ ৰূপায়ণৰ ক্ষেত্ৰত সক্ৰিয় হ'বলৈ আহ্বান জনায় আৰু লগতে অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ জৰিয়তে উপলব্ধ অধিকাৰ সম্পৰ্কে জনসজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক :আজি বিশ্ব এইডছ দিৱস : অসমত চিন্তনীয় ৰূপত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.