ETV Bharat / state

চৰকাৰী কৰ্মচাৰীৰ বাবে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : পাব কি কি সুবিধা ? - HIMANTA BISWA SARMA

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 11:19 AM IST

Assam Cabinet in Lakhimpur : লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াৰ সন্মিলন কেন্দ্ৰত বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকখন নিশা প্ৰায় ৯ বজাত সামৰণি পৰে । ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহৎ সুখবৰ অনাৰ লগতে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে এই কেবিনেট বৈঠকে । লখিমপুৰৰ বাবেও বহু আঁচনিৰ অনুমোদন জনোৱা হয় ।

Assam Cabinet in Lakhimpur
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক কোটি টকা পৰ্যন্ত বীমা কভাৰেজ প্ৰদানৰ নতুন পলিচি ঘোষণা (ANI)

লখিমপুৰ, ৫ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক কোটি টকা পৰ্যন্ত বীমা কভাৰেজ প্ৰদানৰ নতুন পলিচি ঘোষণা কৰে ৷

উল্লেখ্য যে, লখিমপুৰত বুধবাৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ কঢ়িয়াই আনে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, জয়ন্তমল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহন, বিমল বড়া, অজন্তা নেওগ, ৰঞ্জিত দাস, ৰণোজ পেগু,অশোক সিংহল, সঞ্জয় কিষাণ, উৰ্খাও গৌৰা ব্ৰহ্ম আৰু নন্দিতা গাৰ্লোচা । বিয়লি পাঁচ বজাৰ পৰা আৰম্ভ হোৱা বৈঠকখন প্ৰায় ন বজাত সামৰণি পৰে । বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক সম্বোধন কৰি বৈঠকখনৰ সবিশেষ সদৰী কৰে ।

  • ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ সিদ্ধান্ত :

তেওঁ কয়, ‘‘ৰাজ্য চৰকাৰৰ কৰ্মচাৰী যদি দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় অথবা আংশিক বা সম্পূর্ণ ৰূপে ক্ষতিগ্ৰস্ত হয়, তেন্তে এতিয়াৰ পৰা তেওঁলোকে কেতবোৰ সুবিধা লাভ কৰিব । পূৰ্বৰ পৰা ৰাজ্য চৰকাৰৰ যিখিনি সা-সুবিধা আছে তাৰে উপৰঞ্চি এনে সুবিধা সমূহ লাভ কৰিব ।’’

‘‘দুৰ্ঘটনাত মৃত্যু হ’লে এক কোটি অথবা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ’লেও এক কোটি আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত হ’লে ৮০ লাখ টকা লাভ কৰিব । চৰকাৰী কৰ্তব্য সম্পাদন কৰাৰ সময়ত এনেদৰে মৃত্যু অথবা ক্ষতিগ্ৰস্ত হ’লে পূৰ্বৰ চৰকাৰী সকলো সা-সুবিধাৰ উপৰিও এইখিনিও অতিৰিক্তভাৱে কৰ্মচাৰীসকলে লাভ কৰিব ।’’ শৰ্মাই কয় ৷

লগতে পঢ়ক : ঐতিহাসিক চতিয়া থানাত নিৰ্মাণ হ’ব স্মৃতিসৌধ: মুখ্যমন্ত্ৰীৰ ঘোষণা - Sootea Police station

  • অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ :

আনহাতে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবেও কেবিনেটে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে । বিপ্লব শৰ্মা সমিতিয়ে দাখিল কৰা ৬৭ টা অনুমোদনৰ ৫৭ টা ৰাজ্য চৰকাৰে ৰূপায়ণ কৰাৰ সিদ্ধান্ত কেবিনেটে অনুমোদন জনায় । বাকী দহটা কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাৰে আলোচনা কৰি অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে । এই ক্ষেত্ৰত জনজাতীয় ভাষা সংস্কৃতিত যাতে আঘাত নপৰে তালৈ বিশেষভাৱে লক্ষ্য ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

  • বিভিন্ন বেংকৰ লগত এক চুক্তি সম্পাদন :

ৰাজ্য চৰকাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াকে ধৰি বিভিন্ন বেংকৰ লগত এক চুক্তি সম্পাদন কৰিব । এই চুক্তি মতে কৰ্মচাৰীসকলে যি বেংকত দৰমহা লয় সেই বেংকে এনে ধনৰাশি কৰ্মচাৰীজনৰ পৰিয়াললৈ বীমা আঁচনিত আগবঢ়াব । কৰ্মচাৰীসকলৰ পৰিয়ালক আৰ্থিক নিৰাপত্তা দিয়াৰ এই সিদ্ধান্ত কেবিনেটে অনুমোদন জনায় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

  • সমজিলাৰ বাবে অনুমোদন:

আনহাতে, দুই অক্টোবৰত ৩৯ খন সমজিলা অনুমোদন কৰিব পৰাকৈ ঘোষণা কৰিবলৈ কেবিনেটে অনুমোদন জনায় । এই সমজিলাসমূহত মাটি-বাৰী, বিধায়কৰ পুঁজি আদিৰ বিভিন্ন কাম-কাজ এই সমজিলাসমূহতে সম্পন্ন হ’ব । ২০ লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড প্ৰদান কৰিবলৈও কেবিনেটে অনুমোদন জনায় । অহা ১৫ ছেপ্টেম্বৰৰ আগতে ৰেচন কাৰ্ডৰ কাম-কাজ আৰম্ভ হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

লগতে পঢ়ক : বিশ্বনাথ চিকিৎসা মহাবিদ্য়ালয়ত কেতিয়াৰ পৰা চিকিৎসা সেৱা আৰম্ভ হ’ব ! জনালে মুখ্যমন্ত্ৰীয়ে - CM Himanta Biswa Sarma

  • বীৰ ৰাঘৱ মৰাণ দিৱস :

কেবিনেটে ২০ নৱেম্বৰৰ দিনটো বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে ৰেষ্টিকটেড হলি ডে ৰূপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । ইন্ডাষ্ট্ৰিয়েল ষ্টাৰ্টআপ পলিচি অনিদিষ্টকালৰ বাবে অব্যাহত ৰখাৰ সিদ্ধান্ত লয় কেবিনেটে । ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰক সমৃদ্ধ কৰাত সহায় কৰিবলৈ জাগীৰোডত এখন তাজ হোটেল খোলাৰ সিদ্ধান্তক কেবিনেটে অনুমোদন জনায় ।

অসম চাহ নিগমৰ চৰকাৰৰ আওতাত থকা বাগিচাসমূহত বিশ শতাংশ পূজাৰ বোনাচ দিবলৈও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰৰ বাবেও এই কেবিনেটে কেইবাটাও ভাল সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে ।

লগতে পঢ়ক : ট্ৰেডিং প্ৰৱঞ্চনাত জড়িত ৩৬ জনক গ্ৰেপ্তাৰ : চক্ৰ উৎখাতৰ বাবে তৎপৰ অসম আৰক্ষী - Himanta Biswa Sarma

  • মথাউৰি তথা পথৰ উন্নয়ন :

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় লখিমপুৰৰ ৰঙানদী সমষ্টিৰ ডিজু কিমিন ৩৪ কিলোমিটাৰ পথৰ উন্নয়নৰ বাবে কেবিনেটে ২৭ কোটি টকা অনুমোদন কৰে । তেনেদৰে ডিক্ৰং বাহনা বাৰী মথাউৰি তথা পথৰ উন্নয়নৰ বাবে ২৫ কোটি টকা অনুমোদনৰ সিদ্ধান্ত লয় । নাওবৈচা বিধান সভা সমষ্টিৰ খাৰকাটি চোমনি বিহপুৰীয়া সংযোগী ৩০ কিলোমিটাৰ পথৰ বাবে দুটা পৰ্যায়ত ৪৪ কোটি টকা অনুমোদনৰ বাবে কেবিনেটে সিদ্ধান্ত লয় ।

এচাৰিকটা, গোৱালবাৰী, বালিভেটাৰ গৰাখহনীয়া ৰোধৰ বাবে ২৪.৫৮ কোটি টকা কেবিনেটে অনুমোদন জনায় । বগীনদীত এটা ১৫ কোটি টকীয়া অতিথি শালাৰ নিৰ্মাণ, মইনাপাৰা তাৰিয়নি সংযোগী ২৩ কিলোমিটাৰ পথৰ বাবে ১৮.৭০ কোটি টকা, ঢকুৱাখনা সমষ্টিৰ ৩০ খন বিচনাযুক্ত চিকিৎসা লয়ক ২০০ খনলৈ উন্নীত কৰা, ফাট বিহুৰ প্ৰেক্ষাগৃহৰ বাবে ২০ কোটি টকা, মাধৱ দেৱৰ জন্মস্থানৰ উন্নয়নৰ বাবে ৩০ কোটি টকা, অনিৰুদ্ধ দেৱৰ জন্ম স্থানৰ বাবে ১৫ কোটি টকা, আদিৰ কেবিনেটে অনুমোদন জনায় ।

লগতে পঢ়ক : লখিমপুৰত এফালে কেবিনেট বৈঠক আনফালে উত্তাল প্ৰতিবাদ - Tribalisation of Six Tribes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.