ETV Bharat / state

লাচিত মৈদামত প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানে

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 8:09 PM IST

PM Modi to visit Assam : গৃহ বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনে পূৰ্ণগতিত চলাইছে প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি ৷ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে লাচিত মৈদাম প্ৰাংগনত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা তথা প্ৰস্তুতি পৰ্যবেক্ষণ কৰে ৷

PM Modi to visit Assam
যোৰহাটত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান
প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে

টীয়ক, 28 ফেব্ৰুৱাৰী : 9 মাৰ্চত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ যোৰহাট জিলাৰ লাহদৈগড়স্থিত বীৰ লাচিত মৈদামত অসম চৰকাৰে প্ৰায় ডেৰশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত প্ৰকল্পৰ অন্যতম আকৰ্ষণ বীৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লগতে মেটেলি পথাৰত প্ৰায় দুই লাখ ৰাইজৰ উপস্থিতিত এক বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ এতিয়া ৰাজ্য চৰকাৰৰ গৃহ বিভাগ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ গৃহ বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনে পূৰ্ণগতিত চলাইছে প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি ৷ আজি ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে লাচিত মৈদাম প্ৰাংগনত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা তথা প্ৰস্তুতি পৰ্যবেক্ষণ কৰে ৷ লগতে দুয়ো গৰাকী শীৰ্ষ বিষয়াই প্ৰধানমন্ত্ৰীৰ আগমনৰ ক্ষেত্ৰত ল’বলগীয়া প্ৰয়োজনীয় ব্যৱস্থা সুচাৰুৰূপে সম্পাদন কৰিবলৈ যোৰহাট জিলা আয়ুক্তকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়াক আহ্বান জনায় ৷

ইয়াৰ পিচতেই দুয়োগৰাকী শীৰ্ষ বিষয়া নাতি দূৰৈত থকা মেলেং পথাৰত উপস্থিত হৈ মেলেং পথাৰ পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থাৰ ওপৰত জিলা আৰক্ষী অধীক্ষক তথা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হয় ৷ উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যোৰহাটলৈ আহিব ৷ সেয়েহে সমূহ যোৰহাটবাসীক প্ৰধানমন্ত্ৰী গৰাকীক আদৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ লগতে উজনি-নামনিৰ সকলো ৰাইজৰ সুবিধা হোৱাকৈ প্ৰশাসনে গাড়ী ৰখাৰ স্থানকে ধৰি অন্যান্য সা সুবিধাৰ ব্যৱস্থা কৰিব বুলিও মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানজনে ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ 9 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ 3 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল ৷ ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকী প্ৰায় এমাহৰ অন্তত পুনৰ যোৰহাটলৈ আহিব ৷ লাহদৈগড়ত বীৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাখপতি বাইদেউসকলৰ সৈতেও বাৰ্তালাপ কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : এতিয়াই বন্ধ নহয় মহাবিদ্যালয়, নামভৰ্তি বৃদ্ধিৰ বাবে আমি প্ৰচেষ্টা চলাইছো: শিক্ষামন্ত্ৰীৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.