ETV Bharat / state

মৃতকৰ সৎকাৰথলীত তীব্ৰ প্ৰতিবাদ চাহ মজদুৰ সংঘৰ শতাধিক নেতা-কৰ্মীৰ - Tea worker protest - TEA WORKER PROTEST

Tea worker protest in Chabua : চাহ মজদুৰ সংঘৰ দুই ফৈদৰ মাজত ভয়ংকৰ সংঘাত ৷ চাবুৱাৰ চাহ বাগিচাত মৃতকৰ সৎকাৰথলীত প্ৰতিবাদ সাব্যস্ত কৰে চাহ মজদুৰ সংঘৰ শতাধিক নেতা-কৰ্মীয়ে  ৷

Assam Chah Mazdoor Sangha protest
মৃতকৰ সৎকাৰথলীত তীব্ৰ প্ৰতিবাদ চাহ মজদুৰ সংঘৰ শতাধিক নেতা-কৰ্মীৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 6:55 AM IST

মৰাণ, 17 জুন : চাহ বাগিচা অঞ্চলত অতি শক্তিশালী এটা সংগঠন হৈছে অসম চাহ মজদুৰ সংঘ । চাহ জনগোষ্ঠীয় ৰাইজক একত্ৰিত কৰা আৰু শ্ৰমিকৰ সমস্যা সমাধানৰ লক্ষ্য লৈ গঠন কৰা চাহ মজদুৰ সংঘই জনগোষ্ঠীটোৰ উত্তৰণত অতীজৰ পৰাই গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ।

মৃতকৰ সৎকাৰথলীত তীব্ৰ প্ৰতিবাদ চাহ মজদুৰ সংঘৰ শতাধিক নেতা-কৰ্মীৰ (ETV BHARAT ASSAM)

কংগ্ৰেছ চৰকাৰৰ দিনত চাহ মজদুৰ সংঘ আছিল কংগ্ৰেছ দলৰ ভোট বেংক স্বৰূপ । কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আৰম্ভ হোৱাৰ পাচতে বিজেপি দলে চাহ মজদুৰ সংঘক নিজৰ হাতলৈ নিয়াৰ চেষ্টা আৰম্ভ কৰিছে । চাহ মজদুৰ সংঘৰ বহু নেতাই যোগদান কৰিছে ইতিমধ্যে বিজেপি দলত ।

কিন্তু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে আজিও চাহ মজদুৰ সংঘৰ সভাপতি হিচাপে সংগঠনটোক নেতৃত্ব দি আছে । ইয়াৰ মাজতে দেওবাৰে অসম চাহ মজদুৰ সংঘৰ দুটা ফৈদৰ সংঘাতৰ ভয়ংকৰ পৰিণাম দেখিবলৈ পোৱা যায় । মৃতকৰ সৎকাৰস্থলীতে মুষলধাৰ বৰষুণত ডিব্ৰুগড়ৰ চাবুৱা চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ মজদুৰ সংঘৰ একাংশ নেতা কৰ্মীয়ে ।

লগতে পঢ়ক: চাহ কোম্পানীৰ শোষণৰ বলি চাহ শ্ৰমিক : নাহৰতলি চাহ বাগিচাত শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদ - TEA WORKERS PROTEST

উল্লেখ্য যে, অসম চাহ মজদুৰ সংঘৰ চাবুৱা প্ৰাথমিক শাখা ভংগ সম্পৰ্কীয় এখন সভা আজি পানীতোলাত অনুষ্ঠিত হোৱাৰ কথা আছিল , কিন্তু চাবুৱা প্ৰাথমিক শাখাৰ সম্পাদক গনেশ তাঁতীৰ আত্নীয় বিয়োগ হোৱা বাবে একাংশই উক্ত সভাত উপস্থিত থাকিব নোৱাৰিলে । ইয়াকে লৈ আন এটা ফৈদে পানীতোলাৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ।

তাৰ পিচতে চাহ মজদুৰ সংঘৰ চাবুৱা প্ৰাথমিক শাখাৰ নেতৃত্বত শুভাকাংক্ষীসকলে চাবুৱা প্ৰাথমিক শাখাৰ সম্পাদক গনেশ তাঁতীৰ আত্মীয়ৰ সৎকাৰস্থলীতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ নেতৃত্বতে এনে পৰিস্থিতি সৃষ্টি হোৱাৰ অভিযোগ কৰিছে সৎকাৰস্থলীতে প্ৰতিবাদ কৰা চাহ মজদুৰ সংঘৰ নেতা-কৰ্মীসকলে।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ দিনাই চাহ শ্ৰমিকৰ প্ৰতিবাদ - TEA WORKERS PROTEST IN MARIYANI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.