ETV Bharat / state

মুছলিম বিবাহ আৰু বিচ্ছেদ আইন খাৰিজৰ ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰৰ - মুছলিম মেৰিয়েজ এণ্ড ডিভোৰ্চ এক্ট

Muslim Marriage and Divorce Act: আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেছন এক্ট-1935খন বাতিল কৰিলে অসম চৰকাৰে ৷ শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Muslim Marriage and Divorce Act
মুছলিম মেৰিয়েজ এণ্ড ডিভোৰ্চ এক্ট
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 11:01 PM IST

নিউজ ডেস্ক, 23 ফেব্ৰুৱাৰী: আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেছন এক্ট-1935খন বাতিল কৰিলে অসম চৰকাৰে ৷ শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই বিষয়ে সদৰী কৰি সংবাদ মাধ্যমক কয় যে ব্ৰিটিছ আমোলৰে পৰা চলি অহা এই আইনখনৰ এতিয়া আৰু কোনো প্ৰয়োজনীয়তা নাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এতিয়াৰে পৰা এই সন্দৰ্ভত সকলো দায়িত্ব ন্যস্ত থাকিব জিলা আয়ুক্তসকলৰ ওপৰত ৷ এই আইনখন খাৰিজ কৰাৰ ফলত অসমত বাল্য বিবাহো নাইকিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

উল্লেখ্য যে এই আওপুৰণি আইনখন বাতিৰ বাবে বহু পূৰ্বৰে পৰা ৰাজ্যত চৰ্চা চলি আহিছিল ৷ এতিয়াৰে পৰা জিলা আয়ুক্তসকলে মুছলিম বিবাহ পঞ্জীয়ণ আৰু বিচ্ছেদ সম্পৰ্কীয় সকলো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব ৷ ইয়াৰ উপৰি কেবিনেটৰ আন কেতবোৰ সিদ্ধান্ত সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয়খন খণ্ডিত কৰি ভেটেৰনেৰী আৰু ফিছাৰী ইউনিভাৰ্চিটী সুকীয়াকৈ গঠনৰ সিদ্ধান্ত লয় কেবিনেটে ৷

আনহাতে অসমৰ চাৰিখন জিলা ক্ৰমে কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ আৰু হোজাইত মণিপুৰী ভাষাক সহকাৰী চৰকাৰী ভাষা হিচাপে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইপিনে এতিয়াৰে পৰা দ্বিতীয় শ্ৰেণী পৰ্যন্ত কোনো শিক্ষাৰ্থীয়ে আগ্ৰহ প্ৰকাশ কৰিলে ৰাভা, মিচিং, তিৱা, ডিমাছা আদি ভাষাত শিক্ষাগ্ৰহণ কৰিব পাৰিব ৷

লগতে পঢ়ক: দুই বিধায়কৰ পদ খাৰিজৰ বাবে বিধানসভাৰ অধ্যক্ষক আবেদন কংগ্ৰেছ বিধায়িনী দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.