ETV Bharat / state

অনিশ্চয়তাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: ৰাজ্যসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনক লৈ ব্যস্ত মুখ্যমন্ত্ৰী - Assam cabinet expansion

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 4:05 PM IST

Assam cabinet reshuffle: ৰাজ্য চৰকাৰৰ কেবাটাও দপ্তৰ চম্ভালি থকা এগৰাকী মন্ত্ৰী লোকসভালৈ সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পিছত এতিয়া তেওঁৰ স্থান পূৰাবলৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটত এগৰাকী মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাটো জৰুৰী হৈ পৰিছে ৷ লগতে চলি আছে মন্ত্ৰীসভাৰ ৰদ-বদল আৰু সম্প্ৰসাৰণৰো চৰ্চা ৷ কিন্তু কেতিয়া হ’ব এই সম্প্ৰসাৰণ ? ঠিৰাং কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে...

Assam cabinet reshuffle
অনিশ্চয়তাত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ (ETV Bharat)

গুৱাহাটী, ১২ আগষ্ট: এতিয়াও অনিশ্চিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ ৷ কেতিয়া মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিব এতিয়াও নিশ্চিত কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সোমবাৰে এই কথা নিজে সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে । ছত্তীশগড়ৰ ৰাজ্যপাল তথা প্ৰবীণ বিজেপি নেতা ৰমেন ডেকাক গুৱাহাটীত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে স্পষ্ট কৰিলে এই কথা ৷

ৰমেন ডেকা ৰাজ্যপাল হোৱাৰ পাছত এয়া তেওঁক মুখ্যমন্ত্ৰীৰ প্ৰথম সাক্ষাৎ ৷ ৰাজ্যপাল ৰমেন ডেকাক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

ৰাজ্যসভা, উপ-নিৰ্বাচনক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যসভা আৰু বিধানসভাৰ উপ-নিৰ্বাচনক লৈ সোমবাৰে গুৱাহাটীৰ কইনাধৰাত অনুষ্ঠিত হয় বিজেপিৰ এক গুৰুত্বপূৰ্ণ বৈঠক ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে এই বৈঠকত ৰাজ্যৰ সমাগত বিধানসভাৰ উপ-নিৰ্বাচন আৰু ৰাজ্যসভাৰ দুখন আসনৰ প্ৰাৰ্থিত্বক লৈ সবিশেষ আলোচনা কৰা হয় ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় “আজিৰ বৈঠকত ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হয় ৷ সেই তালিকা ৰাষ্ট্ৰীয় নেতৃত্বলৈ পঠিওৱা হ’ব ৷” লগতে উপ নিৰ্বাচন সন্দৰ্ভতো প্ৰাৰম্ভিক আলোচনা হয় কইনাধৰাৰ বৈঠকত ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰাৰ্থী চূড়ান্ত হ’বলৈ এতিয়াও সময় আছে ৷

Assam cabinet reshuffle
ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ (ETV Bharat)

ৰাজ্যসভাৰ দুখন আসনৰ দৌৰত কোন কোন ?

ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে বিজেপিয়ে ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা তালিকা প্ৰকাশ হৈছে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, প্ৰাক্তন সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী, উপ-সভাপতি বিজয় কুমাৰ গুপ্তা, উপ-সভাপতি অশোক ভট্টৰায়, জেষ্ঠ নেতা ড৹ প্ৰদীপ ঠাকুৰীয়া , অনুপ সিং ৰাজপুৰোহিত, নেতা মানস প্ৰতিম ডেকা, উপ-সভানেত্ৰী ৰেখাৰাণী দাসবড়ো, প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাস- এই সকলে আবেদন কৰিছে ৰাজ্যসভাৰ আসনৰ বাবে । ৰাজ্যিক নিৰ্বাচন সমিতিয়ে আটাইকেইজনৰ নাম দিল্লীলৈ প্ৰেৰণ কৰিছে ৷ হয়তো এই সকলৰ ভিতৰৰ পৰাই দুজনক ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ বাবে নিৰ্বাচিত কৰিব বিজেপি দলে ৷

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: মন্ত্ৰীসভা কেতিয়া সম্প্ৰসাৰণ কৰা হ’ব সেয়া এতিয়া নিশ্চিত নহয় ৷ ৰাজ্যসভা আৰু বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ সিদ্ধান্ত ল'ব পৰা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰীয়ে কয়, “ৰাজ্যসভা আৰু বিধানসভাৰ উপ-নিৰ্বাচন, এই দুয়োটা নিৰ্বাচনক লৈহে মই এতিয়া ব্যস্ত আছো ৷ সেইবাবে নিৰ্বাচনৰ আগত নে পাছত মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিম সেয়া সিদ্ধান্ত ল’ব পৰা নাই । এই বিষয়ে বিভিন্নজনৰ লগত আলোচনা কৰি শীঘ্ৰেই মই সদৰী কৰিম ।”

মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পৰা এটা কথা স্পষ্ট হ’ল যে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণতকৈ এই মুহূৰ্তত তেওঁ প্ৰাধান্য দিছে বিধানসভাৰ উপ-নিৰ্বাচন আৰু ৰাজ্যসভাৰ দুয়োখন আসনৰ নিৰ্বাচনী সমীকৰণতহে ।

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলত সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে বিজেপিৰ বৈঠক - BJP Meeting In Guwahati

আগন্তুক নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি সাজু হৈছে প্ৰদেশ কংগ্ৰেছ : চৰাইদেউৰ সাধাৰণ সভাত হ'ব সিদ্ধান্ত - Assam Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.