ETV Bharat / state

১৫ আগষ্টৰ পূৰ্বে প্ৰদান কৰা হ’ব বানত ক্ষতিগ্ৰস্তৰ ক্ষতিপূৰণ : আৰু কি কি সিদ্ধান্ত কেবিনেটৰ ? - Assam Cabinet Metting

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:24 PM IST

Updated : Jul 3, 2024, 10:53 PM IST

Cabinet decision over flood : বৃহস্পতিবাৰৰ পৰা মন্ত্ৰীসকলে বাহৰ পাতিব বিভিন্ন জিলাত । 15 আগষ্টৰ পূৰ্বে প্ৰদান কৰা হ’ব ক্ষতিপূৰণ ৷ বানে চিঙা সকলো মথাউৰি জলসম্পদ বিভাগে নিৰ্মাণ কৰা নহয় ৷ আৰু কি কি জনালে মুখ্যমন্ত্ৰীয়ে ?

Cabinet decision over flood
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

গুৱাহাটী, ৩ জুলাই: ৰাজ্যজুৰি ত্ৰাসৰ সৃষ্টি কৰা ভয়াৱহ বান পৰিস্থিতি সন্দৰ্ভত বুধবাৰে ৰাজ্যিক কেবিনেটত বিতং আলোচনা কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ৷

বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানলৈ ৰাজ্যৰ ২৮ খন জিলাৰ ৮৪ টা ৰাজহ চক্ৰৰ ২২০৮ খন গাঁৱৰ ১১,৩৪,৪৪৬ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে । বাৰিষাৰ দুটাকৈ বানে কৰা ক্ষয়ক্ষতিৰ তথ্য সংগ্ৰহ কৰাৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে ।

বানত এতিয়ালৈকে ৪০ টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে আৰু সকলো মথাউৰি জলসম্পদ বিভাগে নিৰ্মাণ কৰা নহয় । আন বিভাগে নিৰ্মাণ কৰা মথাউৰিও বানত ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বানত এতিয়ালৈকে ৯২২ টা পথ ক্ষতিগ্ৰস্ত হৈছে আৰু ৫২ খন দলং ভাঙিছে । এতিয়ালৈকে বানত ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি ৫ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা চিকিৎসা শিবিৰতে জন্ম হ’ল সন্তান

উদ্ধাৰ অভিযানত এন ডি আৰ এফ আৰু এছ ডি আৰ এফ নিয়োজিত হৈ আছে ৷ উদ্ধাৰ অভিযানৰ বাবে বায়ুসেনাৰো সহায় লোৱা হৈছে ৷ জিলা আয়ুক্তসকলক সাহায্য প্ৰদানৰ বাবে পুঁজি মোকলাই দিয়া হৈছে । পুনৰ বৰষুণ নহ'লে দুই-তিনিদিনত বানৰ প্ৰকোপ কমিব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বানৰ তৃতীয় ৱেভৰ কথা নুই কৰিব নোৱাৰি ।

বান পৰিস্থিতি যিয়েই নহওক কিয় ১৫ আগষ্টৰ পূৰ্বে বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সাহায্য প্ৰদান কৰাৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । আনহাতে এইক্ষেত্ৰত বানৰ ক্ষয়ক্ষতিৰ পৰ্যবেক্ষণ কৰাৰ লগতে বিষয়াসকলক সচেতন কৰাৰ বাবে কাইলৈৰ পৰা মন্ত্ৰীসকলে তিনিদিনৰ বাবে বিভিন্ন জিলাত বাহৰ পাতিব ।

সেই অনুসৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, শিৱসাগৰ আৰু যোৰহাটত বিমল বড়া, চৰাইদেউত যোগেন মহন, ধেমাজি আৰু লখিমপুৰত ডাঃ ৰণোজ পেগু, শোণিতপুৰ-বিশ্বনাথ আৰু দৰঙত পীযুষ হাজৰীকা, গোলাঘাটত অজন্তা নেওগ, নগাঁও আৰু মৰিগাঁৱত অতুল বৰা, মাজুলীত জয়ন্ত মল্লবৰুৱা, ওদালগুৰিত নন্দিতা গাৰ্লোচাই কাইলৈৰ পৰা তিনিদিনৰ বাবে বাহৰ পাতি ক্ষয়ক্ষতিৰ পৰ্যবেক্ষণ কৰিব ।

বৰাক উপত্যকাত মন্ত্ৰীসভাৰ এটা দল যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে নিজে তিনি-চাৰি দিন বৰাক উপত্যকাত বাহৰ পাতি পৰিস্থিতিৰ বুজ ল’ব । তদুপৰি মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে মাজুলীলৈ আৰু শুকুৰবাৰে ডিব্ৰুগড়লৈ গৈ পৰিস্থিতিৰ বুজ ল'ব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ছেপ্টেম্বৰ-অক্টোবৰত বানত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠানকে ধৰি পথ, মথাউৰি আদিৰ পুনৰ নিৰ্মাণৰ বাবে পুঁজি দিয়া হ’ব । মাৰ্চৰ আগত সকলো পূৰ্বৰ দৰে নিৰ্মাণ কৰি উলিওৱা হ’ব ।

লগতে পঢ়ক: বান সমস্যাৰ সমাধান আছেনে ? বান সমস্যাৰ মূল কাৰণসমূহ কি কি ?

আজিৰ কেবিনেটত ৰাজ্যৰ ৩৭ টা নতুন স্থানত কিডনী ডায়েলেচিছ চেণ্টাৰ বনোৱাৰ বাবে অনুমোদন জনোৱা হয় । আনহাতে কেবিনেটত ২২ খন জিলাত পি পি পি ব্যৱস্থাৰে একোটা আই চি ইউ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হয় । ইয়াৰ বাবে ৫২২ কোটি টকা ব্যয় কৰা হ’ব । একোটা আই চি ইউৰ বাবে ২৩ কোটি টকা ব্যয় কৰা হ’ব ।

আজিৰ কেবিনেটত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত হোৱা চুক্তিৰ ম্যাদ আৰু ৫ বছৰৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কৰ্কট হাস্পতাল নিৰ্মাণৰ বাবে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত হোৱা চুক্তিৰ ম্যাদ শেষ হোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । নতুন চুক্তিৰ যোগেদি অসম চৰকাৰে ২৮০৩ কোটি টকা আৰু টাটা ট্ৰাষ্টে ১১০০ কোটি টকা খৰচ কৰিব ।

কেবিনেটত অনুসূচীত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এতিয়াৰে পৰা এছ টি আৰু এছ চিৰ যুৱক-যুৱতীসকলে অসম লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাকে ধৰি আন সকলোধৰণৰ নিযুক্তি পৰীক্ষাৰ বাবে কোনোধৰণৰ মাচুল দিব নালাগে ৷ এইক্ষেত্ৰত বিধানসভাত আইন অনা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

সংবাদমেলত মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা আৰু যোগেন মহন উপস্থিত আছিল ।

লগতে পঢ়ক: প্ৰলয়ৰে সহাৱস্থান ৰাজ্যৰ লাখ লাখ জনতাৰ : প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ভিন্ন স্থানত

Last Updated : Jul 3, 2024, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.