ETV Bharat / state

নেতাৰ কামো শেষ, জনতাৰ কামো শেষ: ৩৪ গৰাকীৰ উচ্চ ৰক্তচাপ আৰম্ভ - ASSAM BYELECTION CONCLUDES

৫ সমষ্টিৰ উপ-নিৰ্বাচনত সন্ধিয়া ৫ বজালৈ ৭২.৮৩ শতাংশ ভোটদান ৷

ASSAM BYELECTION CONCLUDES
নেতাৰ কামো শেষ, জনতাৰ কামো শেষ: ২৩ নৱেম্বৰলৈ ৩৪ গৰাকীৰ ৰক্তচাপ বৃদ্ধি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 9:01 PM IST

Updated : Nov 13, 2024, 9:13 PM IST

গুৱাহাটী: নিৰ্বাচনী ৰণ গুচি সঁচাকৈ ৰণক্ষেত্ৰত পৰিণত হোৱা নঁগাৱৰ চামগুৰি সমষ্টিত দুই-এটা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাহিৰে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা ৫ টা সমষ্টিৰ বাকী ৪ টাতেই বুধবাৰে বিয়লি শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল ভোটগ্ৰহণপৰ্ব । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সন্ধিয়া ৫ বজালৈকে পাঁচোটা সমষ্টিত ৭২.৮৩ শতাংশ ভোটদান হয় । আনহাতে একাংশ ভোটকেন্দ্ৰত দেৰিলৈকে ভোটগ্ৰহণ অব্যাহত থকাৰ বাবে ভোটদানৰ শতকৰা হাৰ বৃদ্ধি পাব ।

বিয়লি 5 বজালৈকে পাঁচ সমষ্টিত ভোটদানৰ হাৰ ক্ৰমে বিহালী সমষ্টিত 73.70 শতাংশ, চিদলী সমষ্টিত 71.50 শতাংশ, চামগুৰি সমষ্টিত 78.10 শতাংশ, বঙাইগাঁও সমষ্টিত 69.08 শতাংশ আৰু ধলাই সমষ্টিত 72.40 শতাংশ ৷ গুৱাহাটীস্থিত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তথ্য মতে, পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হয় আৰু ১১.৩০ বজাৰ ভিতৰত ভোটদানৰ ৩০.৩১ শতাংশ হাৰেৰে অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

লগতে পঢ়ক: উপ-নিৰ্বাচনত ব্যাপক ৰিগিঙৰ অভিযোগ বিৰোধী দলপতিৰ

দিনটোত চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো ঠাইত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰে শিৰোনাম দখল কৰে । বিজেপি আৰু কংগ্ৰেছৰ একাংশ সমৰ্থকৰ মাজতেই এই সংঘাত ঘটে । অৱশ্যে কোনো এখন ঠাইৰ পৰা বিশেষ বৃহৎ হিংসাত্মক ঘটনাৰ খবৰ নিৰ্বাচনী কৰ্তৃপক্ষই লাভ কৰা নাই বুলি সদৰী কৰিছে । আজি ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মুঠ ৯০৯০৫৭ গৰাকী ভোটাৰে ভোটদান কৰে ।

বৰাকৰ ধলাই সমষ্টিত ভোটাৰৰ সংখ্যা ১৯৬৭৭২ গৰাকী হোৱাৰ বিপৰীতে চিদলীত ভোটাৰৰ সংখ্যা ২১৭১৮৩গৰাকী, বঙাইগাঁৱত ভোটাৰৰ সংখ্যা ১৮২,৩৪৫ গৰাকী, বিহালীত ১৩২৩০০ গৰাকী আৰু চামগুৰিত ভোটাৰৰ সংখ্যা ১৮০৪৪৮ গৰাকী৷ বুধবাৰে পুৱা ৭ বজাৰ পৰা ধলাইৰ ২০৮টা ভোটকেন্দ্ৰ, চিদলীৰ ২৭৩টা, বঙাইগাঁৱৰ ২৪৬টা, বিহালীৰ ১৫৪টা আৰু চামগুৰিৰ ১৯৭টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হয় ।

এইবাৰৰ এই উপ-নিৰ্বাচনৰ পূৰ্বৰে পৰা ধাৰাবাহিকভাৱে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল চামগুৰি সমষ্টিত । নিৰ্বাচন আয়োগৰ বাবে সুকলমে চামগুৰিত নিৰ্বাচন পতাটো একপ্ৰকাৰ প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছিল । ধলাইত ৮ জন, চামগুৰিত ১১ জন, চিদলী আসনৰ বাবে ৩ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে উপ-নিৰ্বাচনত । আনহাতে, বিহালীত চাৰিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰাৰ বিপৰীতে বঙাইগাঁও আসনত ৮জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । ৫ টা সমষ্টিত মুঠ ৩৪ গৰাকীয়ে এই উপ-নিৰ্বিচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে ।

লগতে পঢ়ক: হিংসাজৰ্জৰ চামগুৰিত ভোটগ্ৰহণ সম্পন্ন

Last Updated : Nov 13, 2024, 9:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.