ETV Bharat / state

সুধাকণ্ঠলৈ সন্মান, প্ৰতিচ্ছবি অংকনেৰে গঢ়িলে ৰেকৰ্ড - Bhupen Hazarika

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 1:47 PM IST

Bhupen Hazarika's birth anniversary: ড৹ ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনটোতেই অভিলেখ মাকুমত । সুধাকণ্ঠৰ বৃহত্তম প্ৰতিচ্ছবি অংকন কৰিলে ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে । ২ মিনিটতকৈ ক’ম সময়ত অংকন কৰি গঢ়িলে অসম বুক অফ ৰেকৰ্ড ।

Assam Book of Record
প্ৰতিচ্ছবি অংকনেৰে গঢ়িলে ৰেকৰ্ড (ETV Bharat Assam)

তিনিচুকীয়া,৮ ছেপ্টেম্বৰ: আজি ৮ ছেপ্টেম্বৰ । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন । সেই উপলক্ষে আজি ৰাজ্যৰ প্ৰতিটো স্থানতেই পালন কৰা হৈছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন । তাৰ মাজতে তিনিচুকীয়া জিলাৰ মাকুমত এই বিশেষ দিনটোত গঢ়িবলৈ সক্ষম হৈছে এক অভিলেখ । তিনিচুকীয়া জিলাৰ মাকুমৰ শংকৰদেৱ শিশু নিকেতনত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম দিন উপলক্ষে “ৱাই ডি এম আৰ্ট এণ্ড যোগ স্কুল”ৰ ১০০ গৰাকী ১৫ বছৰতকৈ ক’ম বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত ২ মিনিটতকৈ সময়ৰ ভিতৰত ভূপেন হাজৰিকাৰ বৃহত্তম প্ৰতিচ্ছবি অংকন কৰে ।

ৱাই ডি এম আৰ্ট এণ্ড যোগ স্কুলৰ অধ্যক্ষ মনজিত কাশ্যপৰ তৎপৰতাত তেখেতৰ ছাত্ৰছাত্ৰীসকলে অংকন কৰে সুধাকণ্ঠৰ বৃহত্তম প্ৰতিচ্ছবি । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি অংকন কৰাৰ প্ৰাকমুহূৰ্তত মাকুমৰ প্ৰতিভাৱান যুৱক মনজিত কাশ্যপৰ ১০০ গৰাকী ৫ বছৰৰ কৰা ১৫ বছৰৰ তলৰ ছাত্ৰছাত্ৰীয়ে প্ৰথমে শাৰীপাতি বহে । তাৰ পাচতে সকলো ছাত্ৰ-ছাত্ৰীকে ক্ৰমিক নম্বৰ অনুসৰি ছবি অংকন কৰা কাগজ আৰু পানীয়া ৰং প্ৰদান কৰে । তাৰ পাচতে অসম বুক অফ ৰেকৰ্ডৰ পৰা অহা বিচাৰকৰ অনুমতি লাভ কৰাৰ লগেলগে অংকন আৰম্ভ কৰে আৰু ২ মিনিট হোৱাৰ পূৰ্বেই ছবি অংকন সম্পন্ন কৰে ।

আজি অংকন কৰা বৃহত্তম ছবিখন ৮৩০ বৰ্গফুট আৰু ইঞ্চি হিচাপত ১ লাখ ১৫ হাজাৰ ২৫০ বৰ্গ ইঞ্চি । উক্ত অনুষ্ঠানত অসম বুক অফ ৰেকৰ্ডৰ তৰফৰ পৰা ৰাম কুমাৰ কাৰ্কীয়ে উপস্থিত থাকি এই ৰেকৰ্ড কৰিবলৈ সক্ষম হয় বুলি সদৰী কৰাৰ লগতে অসম বুক অফ ৰেকৰ্ডৰ প্ৰমাণপত্ৰ প্ৰদান কৰে ।

উক্ত অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মাকুম সাহিত্য সভাৰ সভাপতি চন্দ্ৰ বৰাই । তাৰ পাছতে এগৰাকী ছাত্ৰীয়ে বৰগীত পৰিৱেশন কৰি আৰম্ভ কৰে অনুষ্ঠানৰ । আজিৰ অনুষ্ঠানটোত মাকুমৰ বহুসংখ্যক গণ্যমান্য ব্যক্তিৰ লগতে ছাত্ৰছাত্ৰীসকলৰ অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে ।

লগতে পঢ়ক: কোন নবৰ আলী ? ভূপেনদাৰ সৈতে কি সম্পৰ্ক নবৰৰ ? - Bhupen Hazarika

সৌৰ শক্তিৰে জিলিকি থাকিব ড৹ ভূপেন হাজৰিকা সেতু: প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ - Indias second longest Bridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.