ETV Bharat / state

বিধানসভাত গৃহীত অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪ - Assam Assembly autumn session

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:00 PM IST

Registration of Muslim Marriage: বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত গৃহীত হ’ল অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪ ৷ এতিয়াৰে পৰা অসমত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাবে চৰকাৰী পঞ্জীয়নৰ বাধ্যতামূলক হৈ পৰিব ।

MUSLIM MARRIAGE
ASSAM ASSEMBLY AUTUMN SESSION (Assam Assembly TV)

গুৱাহাটী, ২৯ আগষ্ট: এতিয়াৰে পৰা অসমত বাধ্যতামূলক হ’ব মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন ৷ অসমত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ প্ৰথাত নাথাকিব কাজীৰ কোনো ভূমিকা ৷ কিয়নো সকলো বিতৰ্ক আৰু জল্পনা-কল্পনাৰ অৱসান ঘটাই বৃহস্পতিবাৰে অসম বিধানসভাৰ মজিয়াত গৃহীত হ’ল অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪ (The Assam Compulsory Registration of Muslim Marriage And Divorce Bill, 2024) ৷

বাল্যবিবাহ আৰু বহুবিবাহ ৰোধৰ উদ্দেশ্যৰে উত্থাপন কৰা এই বিধেয়কখন আজি অসম বিধানসভাত ধ্বনি ভোটত গৃহীত হয় । এই বিধেয়ক গৃহীত হোৱাৰ ফলত এতিয়া অসমত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাবে চৰকাৰী পঞ্জীয়নৰ বাধ্যতামূলক হৈ পৰিব ।

আনহাতে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত কাজীৰ কোনো ভূমিকা নাথাকিব এতিয়াৰ পৰা ৷ এককথাত অসমৰ পৰা নোহোৱা হ’ব কাজী । বিধেয়ক গৃহীত হোৱাৰ বিতৰ্কত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “বাল্যবিবাহ নামৰ সামাজিক ব্যাধিটোৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত আজি এক ঐতিহাসিক দিন । অসম বিধানসভাই অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪’ গৃহীত কৰিছে ।”

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে, “গৃহীত হোৱা এই বিধেয়কখনৰ অধীনত এতিয়াৰ পৰা চৰকাৰীভাৱে বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিব আৰু ছোৱালীৰ বাবে ১৮ বছৰ তথা ল'ৰাৰ বাবে ২১ বছৰৰ বিবাহৰ আইনী বয়স উলংঘন কৰিব নোৱাৰিব । বিধেয়কখনে কিশোৰী গৰ্ভধাৰণৰ বিৰুদ্ধে এক কঠোৰ প্ৰতিৰোধক হিচাপেও কাম কৰিব আৰু আমাৰ ছোৱালীসকলৰ সামগ্ৰিক বিকাশ সুনিশ্চিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব । এই বিধেয়কখন দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত আৰু আমাৰ ছোৱালীসকলক মৰ্যাদাপূর্ণ জীৱন প্ৰদানত আমাৰ এক বিনম্ৰ প্ৰয়াস ।”

লগতে পঢ়ক: শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবীত উত্তাল বিধানসভা চৌহদ - MLA protest in Assam Assembly

২৪ ঘন্টাৰ বাবে শ্বেৰমান আলীক সদনৰ পৰা নিলম্বন: বিধানসভা চৌহদতে প্ৰতিবাদ আলীৰ - ASSAM ASSEMBLY AUTUMN SESSION

হিন্দু মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত বিধানসভা : ১০ মিনিটৰ বাবে স্থগিত সদন - ASSAM ASSEMBLY AUTUMN SESSION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.