ETV Bharat / state

অসমৰ ৪ খন জিলাত মণিপুৰী ভাষাক বিশেষ মৰ্যাদা প্ৰদান - Assam associate official language

author img

By PTI

Published : Aug 30, 2024, 12:49 PM IST

Assam associate official language: কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাইত এতিয়াৰে পৰা মণিপুৰী ভাষা হ'ব অসমৰ সহযোগী চৰকাৰী ভাষা । যিকোনো চৰকাৰী উদ্দেশ্যৰ বাবে সহযোগী চৰকাৰী ভাষা হিচাপে মণিপুৰী ব্যৱহাৰ কৰিব পৰা যাব ।

Assam associate official language
অসমৰ ৪ খন জিলাত মণিপুৰী ভাষাক বিশেষ মৰ্যাদা প্ৰদান (ETV Bharat)

নিউজ ডেস্ক,৩০ আগষ্ট : অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ৰাজ্যৰ ৪ খন জিলাত মণিপুৰীক সহযোগী চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হ'ব । এই সন্দৰ্ভত অসম বিধানসভাই বৃহস্পতিবাৰে এখন বিধেয়ক গৃহীত কৰে । সেই অনুসৰি বৰাক উপত্যকাৰ ৩ খন জিলা আৰু ৰাজ্যখনৰ কেন্দ্ৰীয় অংশত অৱস্থিত হোজাইত মণিপুৰীক সহযোগী চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হ'ব ।

অসম চৰকাৰী ভাষা (সংশোধনী) বিধেয়ক, ২০২৪

সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই ২২ আগষ্টত বিধানসভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হৈ অসম চৰকাৰী ভাষা (সংশোধনী) বিধেয়ক, ২০২৪ উত্থাপন কৰে । যিটো বিষয় গৃহ আৰু ৰাজনৈতিক বিভাগে অধীনত আছে ।

বিধেয়কখন সন্দৰ্ভত আলোচনাৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "দীৰ্ঘদিন ধৰি মণিপুৰী ৰাইজে এই মৰ্যাদা দাবী কৰি আহিছে । আজিৰ দিনটো এক ঐতিহাসিক দিন ।" বিবৃতিত তেওঁ কয় যে বৰাক উপত্যকা আৰু ৰাজ্যৰ অন্যান্য প্ৰান্তত বাস কৰা যথেষ্ট সংখ্যক লোকে মণিপুৰী ভাষা কয় আৰু তেওঁলোকৰ ভাষাক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ নিৰন্তৰ দাবী উত্থাপিত হৈ আহিছে ।

৪ খন জিলাত মণিপুৰী হ'ব সহযোগী চৰকাৰী ভাষা

মুখ্যমন্ত্ৰীয়ে কয়,"প্ৰস্তাৱিত সংশোধনীয়ে মণিপুৰীক ৰাজ্যখনৰ ৪ খন জিলা যেনে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাইত অনুসূচী-২ত নিৰ্ধাৰিত কৰা সকলো বা যিকোনো চৰকাৰী উদ্দেশ্যৰ বাবে সহযোগী চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিব ।"

বিধেয়কখনে ৪ খন জিলাত মণিপুৰী ভাষাক স্বীকৃতি দিবলৈ অসম চৰকাৰী ভাষা আইন, ১৯৬০ত এক নতুন ধাৰা ৫বি অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছে । ইফালে বিধেয়কখন গৃহীত হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মণিপুৰী লোকসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :অসম ভূমি আৰু ৰাজহ পৰিসৰ আৰু নিয়ন্ত্ৰণ বিধেয়কৰ বিৰোধিতা এআইইউডিএফৰ - Assam Assembly autumn session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.