ETV Bharat / state

বিধানসভাত গৃহীত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ অধিনিয়ম 2024: হেৰিটেজ বেল্টত বৰপেটা-বৰদোৱা - Assam assembly autumn session

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:43 PM IST

Assam Land and Revenue Regulation Bill: ৰাজ্যৰ 250 বছৰতকৈ পুৰণি ঐতিহ্যমণ্ডিত স্থানসমূহৰ সংৰক্ষণৰ বাবে বিধানসভাত গৃহীত হ’ল ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ বিধেয়ক 2024 ৷ এই বিধেয়কখনৰ অধীনত বৰপেটা, বৰদোৱা হেৰিটেজ বেল্ট ৰূপে ঘোষিত হ’ল ।

ASSAM ASSEMBLY AUTUMN SESSION
Assam Land and Revenue Regulation Bill (ASSAM ASSEMBLY TV)

গুৱাহাটী, 29 আগষ্ট: অসম বিধানসভাত আজি গৃহীত হ’ল অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) বিধেয়ক 2024 (Assam Land and Revenue Regulation (Second Amendment) Bill, 2024) । অসন্তুষ্ট বিৰোধীৰ আপত্তিৰ পিছতো বিতৰ্কৰ মাজত সদনত ধ্বনি ভোটত গৃহীত হ’ল ৰাজ্যৰ 250 বছৰতকৈ পুৰণি ঐতিহ্যমণ্ডিত স্থানসমূহৰ সংৰক্ষণৰ বাবে সংশোধনী অনা এই বিধেয়কখন ।

এই বিধেয়কখনৰ অধীনত বৰপেটা, বৰদোৱা হেৰিটেজ বেল্ট ৰূপে ঘোষিত হ’ল । জন বৈচিত্ৰৰ থলী সত্ৰনগৰী বিশ্বৰ সৰ্ব বৃহৎ নদী দ্বীপ মাজুলীকো এই বিধেয়কৰ আওতালৈ অনাৰ প্ৰস্তাৱ আছিল যদিও সদ্যহতে বাদ দিয়া হ'ল বিধেয়কখনৰ আওতাৰ পৰা ৷ কংগ্ৰেছ বিধায়ক ভৰত নৰহৰ আপত্তিৰ ভিত্তিত বাদ দিয়া হ'ল মাজুলীক ৷

এই বিধেয়ক গৃহীত হোৱাৰ পিছত কিনো বুলিলেই যিকোনো মানুহে এতিয়াৰ পৰা ক্ৰয় কৰিব নোৱাৰি বৰপেটা-বটদ্ৰৱাৰ ভূমি । ঐতিহ্যথলীৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে প্ৰযোজ্য হ'ব এই নিয়ম । বৰপেটা, বটদ্ৰৱা ধামৰ ভূমি ক্ৰয়-বিক্ৰয় কৰিব পাৰিব কেৱল 3 প্ৰজন্মই বাস কৰা লোকেহে৷

গৃহীত হোৱা বিধেয়কখনৰ অধীনত কি কি হ’ব সেয়াও ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, “জাতি-মাটি-ভেটি সুৰক্ষাৰ মহৎ স্বাৰ্থত আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো ৷ আজি বিধানসভাত গৃহীত- 'অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (দ্বিতীয় সংশোধনী) বিধেয়ক, 2024 ৷ এই বিধেয়কত অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন, 1886 ত অধ্যায় 12 অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে আমাক 250 বছৰতকৈ পুৰণি ঐতিহ্যমণ্ডিত স্থানসমূহৰ চাৰিওফালে "হেৰিটেজ বেল্ট এণ্ড ব্লক" গঠন কৰাত সক্ষম কৰি তুলিব । ইয়াৰ জৰিয়তে ঐতিহ্যমণ্ডিত স্থানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি বিক্ৰী/ক্ৰয় কেৱল তিনি প্ৰজন্ম ধৰি অঞ্চলটোৰ বাসিন্দাসকলৰ বাবে সীমিত কৰিব ।”

আনহাতে, এই বিধেয়কখনৰ প্ৰতিবাদত সদন ত্যাগ কংগ্ৰেছ আৰু AIUDF ৰ বিধায়কসকলে ৷ তাৰ বিপৰীতে বিধেয়কৰ সপক্ষত সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ, “আমি হেৰাই যাবলৈ ধৰিছোঁ । কেইদিনমান জীয়াই থাকিবলৈ মাত্ৰ যুঁজ দিবলৈ খিলঞ্জীয়াৰ কথা কৈছো । ধুবুৰী গ'ল, গোৱালপাৰা গ’ল, বৰপেটা গ'ল, নগাঁও গ'ল । মাটি-বাৰীৰ অধিকাৰ গ'ল । কেৱল আৰু কেইটামান দিন জীয়াই থকাৰ স্বাৰ্থত এইবোৰ কথা কৈছোঁ” ৷

লগতে বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফক উদ্দেশ্যি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “কংগ্ৰেছ এতিয়া ভোটৰ অংকত ব্যস্ত৷ তেওঁলোক সুৰক্ষিত অসমৰ বাবে চিন্তিত নহয়৷ মই আমাৰ সংখ্যালঘু বিধায়কসকলক আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে আজিয়েই টেলিভিছনত কৈ দিয়ক নিৰ্ধাৰণ কৰা সত্ৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ কথাটোক আপোনালোকে সমৰ্থন কৰিছে৷ অসমীয়া মানুহ খুব মৰমীয়াল, চাব আপোনালোকক সকলোৱে মৰম কৰিব৷” মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে অসমৰ সাংস্কৃতিক পৰিচয় বহন কৰা সত্ৰ, নামঘৰ আদিৰ সংৰক্ষণত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব এই গৃহীত বিধেয়কখনে ৷

লগতে পঢ়ক: বিধানসভাত গৃহীত অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪ - Assam Assembly autumn session

মিঞাক অসমীয়া জাতিৰ কাল্পনিক শত্ৰু বুলি বুজাব খুজিছে বিজেপিয়ে: আমিনুল ইছলাম - miya controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.