ETV Bharat / state

চামগুৰিত ৰকিবুলৰ পৰিয়ালৰ চাউল শেষ হৈছে: দিপ্লু ৰঞ্জন শৰ্মা - ASSAM ASSEMBLY BY POLLS 2024

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 1:29 PM IST

Assam Assembly by polls 2024: চামগুৰিত উপ-নিৰ্বাচন সমাগত । তাৰ প্ৰাকক্ষণত বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ বিস্ফোৰণ । সমষ্টিত উপস্থিত হৈ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইন আৰু তেওঁ পৰিয়ালক তীব্ৰ সমালোচনা বিজেপি নেতাজনৰ ।

Assam Assembly bypolls 2024
চামগুৰিত ৰকিবুলৰ পৰিয়ালৰ চাউল শেষ হৈছে:দিপ্লু ৰঞ্জন শৰ্মা (ETV Bharat)

নগাঁও, ২০ আগষ্ট: ৰাজ্যৰ ৫ টাকৈ বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে একেৰাহে ২৩ বছৰ ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ ।

চামগুৰিত উপ নিৰ্বাচন

সমষ্টিটোত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰাক্তন মন্ত্ৰী তথা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনৰ পুত্ৰ তথা এনএছইউআইৰ নেতা তাঞ্জিল হুছেইনৰ নাম চর্চালৈ অহাৰ পিচৰে পৰা সমষ্টিটোত বিশেষভাৱে দৃষ্টি ৰাখিছে শাসকীয় দল বিজেপিৰ লগতে বিৰোধী এআইইউডিএফে । সমষ্টিটোৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী একপ্ৰকাৰ চূড়ান্ত হোৱাৰ দৰেই বিজেপি দলেও প্ৰায় চূড়ান্ত কৰিছে প্ৰাৰ্থী । একেদৰে এআইইউডিএফ দলেও ৰকিবুলৰ পুত্ৰৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰি নিৰ্বাচনী প্ৰচাৰত নামিছে । মুঠৰ ওপৰত বিজেপি আৰু এআইইউডিএফৰ লক্ষ্য হৈ পৰিছে চামগুৰি বিধানসভা সমষ্টি আৰু ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি ।

বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা

বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ইতিমধ্যে চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপি নেতা দিপ্লু ৰঞ্জন শৰ্মাৰ নাম ঘোষণা কৰাৰ পিচতেই সমষ্টিটোত ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে প্ৰচাৰত নামিছে বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীগৰাকী । সোমবাৰে নিশালৈকে চামগুৰি সমষ্টিৰ দলীয় নেতা-কৰ্মীৰ লগতে সাধাৰণ ভোটাৰৰ সৈতে মত বিনিময় কৰে বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই । চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ খেলপথাৰত নামিয়েই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব হৈ পৰে বিজেপি নেতা দিপ্লু ৰঞ্জন শৰ্মা ।

ৰকিবুল হুছেইনক সমালোচনা

ইতিহাস প্ৰসিদ্ধ সমষ্টিটো হত্যা আৰু হিংসাৰ চামগুৰি হিচাপে ৰকিবুল হুছেইনে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল বুলি বিস্ফোৰক মন্তব্য কৰে বিজেপি নেতা তথা সমষ্টিটোৰ উপ নিৰ্বাচনৰ সম্ভাব্য প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই । চামগুৰিত ৰকিবুল হুছেইনৰ চাউল শেষ হোৱা বুলিও কটাক্ষ কৰে বিজেপি নেতাগৰাকীয়ে । তেওঁ কয়, "বিধিৰ বিধান বুজিয়েই ৰকিবুল হুছেইনে চামগুৰি এৰি ধুবুৰীলৈ গৈ ফাঁকি ফুকাৰে সাংসদ হিচাপে নিৰ্বাচিত হৈছে । তেখেতে গম পাইছে যে চামগুৰিত তেখেতৰ পৰিয়ালৰ চাউল শেষ হৈছে । এইবাৰ চামগুৰিৰ নিৰ্বাচন ব্যক্তিক্ৰমী উপ নিৰ্বাচন হিচাপে পৰিগণিত হ'ব । চামগুৰিত এইবাৰ কংগ্ৰেছ আৰু ৰাইজৰ মাজত হ'ব নিৰ্বাচনী যুঁজ ।" সমষ্টিটোত এইবাৰ বিজেপি প্ৰাৰ্থীয়েই জয়ী হ'ব বুলিও তেওঁ আত্মবিশ্বাসী ।

লগতে পঢ়ক :বড়োভূমিত ইউ পি পি এল-বি পি এফ একেলগ হ'লে ভাল হ'ব: মুখ্যমন্ত্ৰী শৰ্মাৰ ঘোষণা - CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.