ETV Bharat / state

এন এইচ পি চিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ - Protest against NHPC Big Dam - PROTEST AGAINST NHPC BIG DAM

Protest against NHPC Big Dam: এন এইচ পি চিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ ৷ লখিমপুৰত পুত্তলিকা জ্বলাই সাব্যস্ত প্ৰতিবাদ ।

asomiya yuva mancha Protests demanding closure of NHPC in lakhimpur
লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:24 PM IST

লখিমপুৰ, 29 মে’: বাৰিষাৰ আৰম্ভণিতে এজন লোকৰ প্ৰাণ ল’লে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই ৷ ইয়াৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চই ৷ লখিমপুৰত এন এইচ পি চিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । জনবিৰোধী কাৰ্য শীঘ্ৰে বন্ধ নকৰিলে আত্মজাহৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ (Etv bharat assam)

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন এইচ পি চিৰ বিৰুদ্ধে মঙলবাৰে লখিমপুৰ নগৰৰ মাজমজিয়াত ক্লক টাৱাৰৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই । সংগঠনটোৱে এন এইচ পি চিৰ পুত্তলিকা দাহ কৰি এন এইচ পি চি গ’ বেক, বৃহৎ নদীবান্ধ বন্ধ কৰক, অসম চৰকাৰ হায় হায়, বিজেপি গ' বেক, এন এইচ পি চি গ' বেক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।

দুৰ্ভাগ্যজনক বিষয় যে দুদিন পূৰ্বে নামনি সোৱণশিৰি প্ৰকল্পত পুতুল গগৈ নামৰ শ্ৰমিকজনৰ মৃত্যু হোৱাৰ বাবে অসমীয়া যুৱ মঞ্চই এই প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে । লখিমপুৰ জিলা সমিতিৰ সভাপতি চিৰঞ্জিত বৰদলৈয়ে এন এইচ পি চিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, "এন এইচ পি চিয়ে লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীৰ জীৱনৰ প্ৰতি ভাবুকি আনিছে । বাৰিষা অহাৰ লগে লগে এনে আশংকা অধিক হৈছে । নিৰ্মাণৰত প্ৰকল্পটোত শ্ৰমিকৰ মৃত্যু সুলভ ৷ এনে ঘটনাসমূহ এন এইচ পি চিয়ে গাপ দি ৰাখে ৷"

যুৱ মঞ্চই বিজেপি চৰকাৰখনকো সমালোচনা কৰি কয়, "বিজেপি চৰকাৰে এই প্ৰকল্পটো বন্ধ কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দি পাচত প্ৰকল্পটো বনাবলৈহে উঠিপৰি লাগিল ।"

প্ৰকল্পটো বন্ধ কৰিবলৈ বৰদলৈয়ে সজোৰে দাবী উত্থাপন কৰি মৃত শ্ৰমিকজনৰ পৰিয়ালক ৫০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে আহত শ্ৰমিকসকলকো ক্ষতিপূৰণ দিবৰ বাবে দাবী জনায় । এন এইচ পি চিয়ে জনবিৰোধী কাৰ্যকলাপ বন্ধ নকৰিলে তাৰ প্ৰতিবাদত অসমীয়া যুৱ মঞ্চই আত্মজাহ দিব বুলিও বৰদলৈয়ে সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক: সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা জলবোমা : কৃষক মুক্তি সংগ্ৰাম সমিতি - Labour died in NHPC big dam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.