ETV Bharat / state

পুনৰ পানীৰ তলত ডিব্ৰুগড় চহৰ - Dibrugarh Artificial flood

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 9:26 PM IST

Artificial Flood effects Dibrugarh : পুনৰ ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড় চহৰ ৷ এজাক বৰষুণৰ পাচতে কৃত্ৰিম বানৰ কবলত পৰে মানকটা পথ, জে'ল ৰোড, ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভসহ বহুকেইটা অঞ্চল ৷ ক্ষোভিত জনতা ৷

Dibrugarh Artificial flood
পুনৰ ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড় চহৰ (ETV Bharat Assam)

ডিব্ৰুগড়, ৫ আগষ্ট: পুনৰ ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত ডিব্ৰুগড় চহৰ । সোমবাৰে পুৱাৰ ভাগৰে পৰা অহা এজাক বৰষুণৰ ফলতে ডিব্ৰুগড় চহৰৰ অন্যতম মানকটা পথ, জে'ল ৰোড, ডিব্ৰুগড় পুলিচ ৰিজাৰ্ভসহ বহুকেইটা অঞ্চল কৃত্ৰিম বানৰ কবলত পৰে । একাঁঠু পানীৰ মাজেৰে আহিবলগীয়া হৈছে পথযাত্ৰী । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজে যাতায়তত ব্যাপক সমস্যা সন্মুখীন হ'বলগা হৈছে ।

আজি অহা এজাক বৰষুণৰ ফলত চহৰখন কৃত্ৰিম বানৰ কবলত পৰাত চহৰবাসীক চিন্তিত কৰি তুলিছে । ইয়াৰ পূৰ্বে প্ৰায় এমাহ কৃত্ৰিম বানৰ ফলত ককবকাবলগীয়া হৈছিল চহৰবাসী ৷ কেইটামান দিন পূৰ্বে পানী শুকাই পুনৰ পৰিস্থিতি কিছু স্বাভাবিক হৈছিল যদিও আজি অহা এজাক বৰষুণৰ ফলত পুনৰ চহৰখন কৃত্ৰিম বানৰ কবলত পৰে ৷

লগতে পঢ়ক: কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় চহৰ : ব্যস্ত ৰাজপথত চলিল নাও - Assam Flood 2024

এইক্ষেত্ৰত ডিব্ৰুগড় পৌৰনিগম আৰু বিধায়ক প্ৰশান্ত ফুকনৰ নীৰৱ ভূমিকাক সমালোচনা কৰিছে ক্ষোভিত জনতাই । উল্লেখ্য যে, অসমৰ প্ৰথমখন পৌৰসভাক উন্নীত কৰা হ'ল পৌৰ নিগমলৈ । গুৱাহাটী পৌৰ নিগমৰ পিচতে দ্বিতীয়খন পৌৰ নিগম হিচাপে স্বীকৃতি দিয়া হ'ল ডিব্ৰুগড় পৌৰ নিগমক । ৰাজ্যৰ দ্বিতীয়খন পৌৰ নিগম হিচাপে ডিব্ৰুগড়ক স্বীকৃতি দিয়াৰ পাচতে কৃত্ৰিম বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে ডিব্ৰুগড় চহৰত ৷

ডিব্ৰুগড় চহৰৰ নলা-নৰ্দমা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলতে এজাক বৰষুণতে কৃত্ৰিম বান পৰিস্থিতিৰ সন্মুখীন হ'বলগা হৈছে ডিব্ৰুগড়ৰ ৰাইজ । বিগত এমাহ বানৰ কবলত থকা ডিব্ৰুগড় চহৰৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো আহিছিল । বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাচতেই ডিব্ৰুগড়ৰ কৃত্ৰিম বান সমস্যা সমাধানৰ আশ্বাস দিছিল নেতাদ্বয়ে ।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ কৃত্ৰিম বান পৰিস্থিতিৰ পৰ্যালোচনা সৰ্বানন্দ সোণোৱালৰ - Dibrugarh flash flood

আনহাতে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটীৰ আই আই টি বিশেষজ্ঞ দলে গবেষণা কৰিব বুলি জানিবলৈ দিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কিন্তু মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ আশ্বাস কিমান কাৰ্যকৰী হয় সেয়াহে লক্ষ্যণীয় হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.