ETV Bharat / state

ডিব্ৰুগড়ত দুটা পৃথক দুৰ্ঘটনাত শিশুসহ আহত 11 গৰাকী, চাৰিজনৰ অৱস্থা সংকটজনক - ROAD ACCIDENT IN DIBRUGARH

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 8:59 AM IST

Accident in Khowang: ডিব্ৰুগড়ৰ কোটোহা আৰু খোৱাঙত সংঘটিত দুই পৃথক দুৰ্ঘটনাত আহত 11 গৰাকী লোক ৷ ইয়াৰে এটা শিশুসহ আন তিনিজন লোকৰ অৱস্থা সংকটজনক ৷ সম্প্ৰতি তেওঁলোক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

ROAD ACCIDENT IN DIBRUGARH
ডিব্ৰুগড়ত দুটাকৈ দুৰ্ঘটনা (ETV Bharat Assam)

মৰাণ, 12 জুলাই: বৃহস্পতিবাৰৰ দিনটোত দুটাকৈ পৃথক দুৰ্ঘটনা সংঘটিত হয় ডিব্ৰুগড় জিলাত ৷ দুয়োটা দুৰ্ঘটনাৰ ফলত শিশু, মহিলাসহ মুঠ 11 জন গুৰুতৰভাৱে আহত হয় ৷ প্ৰথমটো ঘটনা সংঘটিত হৈছে জিলাখনৰ কোটোহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ বৃহস্পতিবাৰে আবেলি দেৰগাঁৱৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা এ এছ 03 ৱাই 3664 নম্বৰৰ এখন হোণ্ডাই এমেজ বাহনত বিপৰীত দিশৰ পৰা আহি এখন ইণ্ডিগ’ বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

দুৰ্ঘটনাটো সংঘটিত কৰিয়েই এ এছ 23 এল 4282 নম্বৰৰ টাটা ইণ্ডিগ' বাহনখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ এই দুৰ্ঘটনাটোত এমেজ বাহনখনত থকা স্বামী-স্ত্ৰী, এটি কেঁচুৱাসহ একেটা পৰিয়ালৰ মুঠ সাতগৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে নিকটৱৰ্তী চিকিৎসালয়লৈ ৷

লগতে পঢ়ক: দ খাৱৈত বাগৰি পৰিল পৰ্যটকেৰে ভৰা বিলাসী বাছ, দুটি নাবালকৰ মৃত্যু - Road Accident

আনহাতে, দ্বিতীয়টো পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে খোৱাঙত ৷ খোৱাঙৰ বাঁহনি পথাৰত এ এছ 06 এ এল 5079 নম্বৰৰ এখন বুলেট আৰু এ এচ 04 এ বি 5854 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত আহত হয় শিশুসহ চাৰিজনকৈ লোক ৷ আহত চাৰিওগৰাকীকে সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷

এই দুৰ্ঘটনাত শিশুসহ আহত তিনিগৰাকী লোক হৈছে ক্ৰমে আঘোনীবাৰী গাঁৱৰ জ্ঞানদীপ গগৈ(9), তুলতুল ফুকন(23) আৰু শিলপুতা গাঁৱৰ পংকজ ফুকন(21) ৷ অৱশ্যে আন এগৰাকীৰ নাম-ঠিকনা এতিয়াও জানিব পৰা হোৱা নাই ৷ পথ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে যিমানে নীতি গ্ৰহণ নকৰক কিয়, বহু সময়ত নিয়ন্ত্ৰণহীন গতিৰ বাবে আৰু চালকৰ ভুলৰ বাবে পথ দুৰ্ঘটনাসমূহ সংঘটিত হয় ৷

লগতে পঢ়ক: গাখীৰৰ টেংকাৰত তীব্ৰবেগী বাছৰ প্ৰচণ্ড খুন্দা; নিহত 18, আহত প্ৰায় 30 গৰাকী যাত্ৰী - Accident in Lucknow Agra Expressway

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.