ETV Bharat / state

কৰ্তব্যত যোগদান কৰিবলৈ যোৱা সেনা জোৱান বিনন্দ গগৈ ক'লৈ গ'ল ? - Army personnel missing

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 7:30 PM IST

কৰ্মস্থলীলৈ যোৱাৰ পথতে সন্ধানহীন এগৰাকী সেনা জোৱান । মৰিয়নীৰ বিনন্দ গগৈ নামৰ সেনা জোৱানজন ছুটীত ঘৰলৈ আহি এমাহ পূৰ্বে কৰ্মস্থলীলৈ উভতি যোৱাৰ পথতে সন্ধানহীন হৈ পৰা ঘটনাই বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য । ৰহস্যজনকভাৱে জোৱানজন কৰ্মৰত হৈ থকা সেনাৰ ৰেজিমেণ্টৰ এটা দল তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ পাচতহে পৰিয়ালৰ লোকে অৱগত কৰে আৰক্ষীক ।

Army personnel from Mariani is missing on his way to work
সেনা জোৱান বিনন্দ গগৈ নিৰুদ্দেশ (ETV Bharat Assam)

মৰিয়নী,২৮ জুন: বহিঃৰাজ্যলৈ যোৱাৰ পথত অসমৰ লোক সন্ধানহীন হোৱা ঘটনা সঘনে সংঘটিত হৈ থকাৰ সময়তে পুনৰ পোহৰলৈ আহিছে তেনে এক ঘটনা । এইবাৰ কৰ্মস্থলীলৈ যোৱাৰ পথতে সন্ধানহীন এগৰাকী সেনা জোৱান । বিগত এমাহে কোনো শুংসূত্ৰ নাই সন্ধানহীন সেনা জোৱানজনৰ । ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনাৰাজী ।

ভাৰতীয় সেনাত কৰ্মৰত মৰিয়নীৰ এগৰাকী সেনা জোৱান প্ৰায় এমাহ ধৰি কৰ্মস্থলীলৈ যোৱাৰ পথৰ পৰাই নিৰুদ্দেশ হৈ থকাৰ ফলত মৰিয়নীৰ নিজ বাসভৱনত বিৰাজ কৰিছে এক অভাৱনীয় পৰিৱেশ । ছুটীত ঘৰলৈ আহি পুনৰ কৰ্মস্থলীলৈ যোৱাৰ সময়ত যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা মৰিয়নী বাহনী লাহিং গাঁৱৰ বিনন্দ বৰা নামৰ সেনা জোৱানগৰাকী যোৱা ২৬ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে । সেনা জোৱানজনে ঘৰতে এৰি গৈছে ম'বাইল, আই কাৰ্ডসহ যাৱতীয় নথিপত্ৰ ৷

ৰহস্যজনকভাৱে সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছে । সেনাবাহিনীৰ ৰাজপুত ৰেজিমেণ্টৰ জোৱান বিনন্দ বৰা কৰ্মস্থলী আছিল উত্তৰ প্ৰদেশ । সেনাৰ ৰাজপুত ৰেজিমেণ্টৰ এটা দল বিনন্দ বৰাৰ বাসগৃহত উপস্থিত হোৱাৰ পাচতহে পৰিয়ালটোৱে আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰাত সমগ্ৰ ঘটনা সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত । ইতিমধ্যে সেনা বাহিনীৰ এটা দলে বিনন্দ বৰা নিৰুদ্দেশ হোৱা ঘটনাক লৈ নিজাববীয়াকৈও আৰম্ভ কৰিছে তদন্ত ৷ আনহাতে সেনা বাহিনীত কাম কৰি অসুবিধা পোৱা বুলি তেওঁ বন্ধুক অৱগত কৰে বুলি উল্লেখ কৰে বন্ধুৱে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে গোলাঘাট নগৰৰ শালমৰাস্থিত এছ এছ বিৰ ৬৮ নং বেটেলিয়ানৰ হেড কনিষ্টবল অমিত নাৰ্জিনাৰী নামৰ লোকজনো কৰ্মস্থলীলৈ গৈ থকা অৱস্থাতে আদবাটৰে পৰাই নিখোজ হয় ৷ পশ্চিম বংগৰ আলিপুৰ দুৱাৰৰ নাৰ্জিনাৰী যোৱা ৮ জুনত পুৱা ৫.৩০ বজাত শালমাৰা কেম্পৰ পৰা কৰ্তব্যৰ বাবে ওলাই যোৱাৰ পাচত সন্ধিয়া জোৱানৰ গণনাত অমিত নাৰ্জিনাৰী নোহোৱা হোৱাৰ কথা পোহৰলৈ আহে ৷

লগতে পঢ়ক: কৰ্মস্থলীলৈ গৈ থকাৰ পথতে এছ এছ বি জোৱান সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.