ETV Bharat / state

তেজপুৰত ৭৭ সংখ্যক সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উদযাপন - ARMED FORCE FLAGS DAY

১৯৪৯ চনৰ পৰা ৭ ডিচেম্বৰৰ পৰা সমগ্ৰ দেশতে পালন কৰি অহা হৈছে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস ৷

Armed Force Flags Day
তেজপুৰত ৭৭ সংখ্যক সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2024, 5:35 PM IST

তেজপুৰ: তেজপুৰত শনিবাৰে পালন কৰা হয় ৭৭ সংখ্যক সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসক । এই দিনটোত সমগ্ৰ দেশৰ বাবে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা সাহসী জোৱান, নাৱিক, বিমান চালকসকলক সন্মান জনোৱাৰ উদ্দেশ্যৰে এই দিৱস উদযাপন কৰা হয় । তেজপুৰ আৱৰ্ত্ত ভৱনত থকা যুদ্ধ সোঁৱৰণী তথা শ্বহীদ স্মাৰকত মাল্যাৰ্পণ অনুষ্ঠানেৰে উদযাপন কৰা হয় আজিৰ দানটো ।

অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে পতিত বীৰ জোৱান, বিশেষভাৱে সক্ষম জোৱান, যুদ্ধত আত্মীয়ক হেৰুওৱা বিধৱা মহিলা আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে । তেওঁলোকৰ ত্যাগক স্বীকৃতি দিয়াৰ লগতে প্ৰাক্তন সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে ধন সংগ্ৰহৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।

সেনা বাহিনীৰ পতাকা দিৱস:

প্ৰাক্তন সেনা বাহিনীৰ জোৱানসকল আৰু তেওঁলোকৰ পৰিয়ালক উদগনি দিয়াৰ লগতে সেনা বাহিনীয়ে গৌৰৱ কঢ়িয়াই অনা পতাকা বিতৰণ কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে লেফটেনেণ্ট কৰ্ণেল এ কে নন্দী (অৱসৰপ্ৰাপ্ত), শোণিতপুৰৰ জিলা সৈনিক কল্যাণ বিষয়া, শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালী ৷ এই অনুষ্ঠানত ১৬ টা আঞ্চলিক প্ৰাক্তন সেনাবাহিনী সন্থাৰ সভাপতি আৰু সচিবকে ধৰি মুঠ ৪৫ গৰাকী প্ৰাক্তন সেনা জোৱানক আদৰণি জনোৱা হয় ।

Armed Force Flags Day
তেজপুৰত ৭৭ সংখ্যক সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উদযাপন (ETV Bharat Assam)

পুঁজি সংগ্ৰহ :

জিলা আয়ুক্ত তথা জিলা সৈনিক ব'ৰ্ডৰ সভাপতি অংকুৰ ভৰালীয়ে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি নাগৰিকসকলক সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসৰ পুঁজিলৈ উদাৰতাৰে বৰঙণি আগবঢ়াবলৈ আহ্বান জনায় । তেওঁ প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ আৰু মংগল নিশ্চিত কৰাৰ ক্ষেত্ৰত সামূহিক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । জিলা প্ৰশাসনে সকলো নাগৰিককে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিলৈ উদাৰতাৰে অৱদান আগবঢ়াবলৈ আহ্বান জনায়, যিয়ে প্ৰাক্তন সৈনিক, যুদ্ধত বিধৱা হোৱা আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

তেওঁ কয়, " আমাৰ বীৰসকলৰ উত্তৰাধিকাৰীসকল যাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ থাকে সেয়া আমি সকলোৱে মিলি নিশ্চিত কৰোঁ আহক । সাহসীক সন্মান জনোৱা,পতিত আৰু জীৱিত বীৰ উভয়কে তেওঁলোকৰ অদম্য সাহস আৰু নিষ্ঠাৰ বাবে বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱা প্ৰয়োজন ৷" তেওঁলোকৰ সাহসী প্ৰচেষ্টাই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সুনাম গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছে বুলি উল্লেখ কৰি আয়ুক্ত ভৰালীয়ে আৰু কয়, "আজি আমি সেই বীৰ পুৰুষ-মহিলাসকলক সন্মান জনোৱাৰ বাবে একত্ৰিত হৈছো, যাৰ ত্যাগ আৰু সমৰ্পণে আমাক সকলোকে অনুপ্ৰাণিত কৰে । তেওঁলোকৰ বীৰত্ব আৰু পৰম ত্যাগে আমাৰ সশস্ত্ৰ বাহিনীৰ সুনাম গঢ়ি তুলিছে আৰু তেওঁলোকক সমৰ্থন কৰাটো আমাৰ কৰ্তব্য ।"

পতাকা দিৱস কি :

১৯৪৯ চনৰ ৩১ আগষ্টত প্ৰতিৰক্ষা সচিব লুই জনছনে পৃথক সেনা, নৌসেনা আৰু বায়ুসেনা দিৱসৰ ঠাইত সশস্ত্ৰ বাহিনী দিৱসৰ সৃষ্টি কৰাৰ কথা ঘোষণা কৰে । এই দিনটো উদযাপনৰ মূলতে আছিল সশস্ত্ৰ বাহিনীক এটা বিভাগৰ অধীনত একত্ৰিত কৰা আৰু সেইটো হৈছিল প্ৰতিৰক্ষা বিভাগ । তাৰ পিছত ১৯৪৯ চনৰ পৰা ৭ ডিচেম্বৰত সমগ্ৰ দেশতে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হিচাপে পালন কৰি দেশৰ সন্মান ৰক্ষাৰ বাবে আমাৰ সীমান্তত সাহসেৰে যুঁজ দিয়া আৰু যুঁজি থকা শ্বহীদ আৰু ইউনিফৰ্ম পৰিহিত লোকসকলক সন্মান জনোৱা হয় । সৈনিক হৈছে যিকোনো দেশৰ বাবে অন্যতম এক বৃহৎ সম্পদ । সীমান্তত সাহসেৰে যুঁজ দি শ্বহীদ হোৱা, প্ৰাক্তন সৈনিক আৰু বৰ্তমান ইউনিফৰ্ম পৰিহিত সেনাৰ জোৱানক সন্মান জনাই প্ৰতি বছৰে এই দিনটোত সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হিচাবে পালন কৰা হয় ।

লগতে পঢ়ক: ১৪ৰ পৰা ১৮ হ'ল অসম মন্ত্রীসভা : মন্ত্রী হিচাপে শপতগ্ৰহণ ৪ বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.