ETV Bharat / state

ধনৰ লালসা : ৰাকেশ পাল বাহিনীৰ নতুন ঠিকনা কাৰাগাৰৰ কুঠৰী - APSC SCAM

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 1:14 PM IST

Verdict for APSC job scam convicts : অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড তথা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক 14 বছৰ কাৰাদণ্ড বিহাৰ লগতে 2 লাখ টকাৰ জৰিমণা বিহে বিশেষ ন্যায়াধীশৰ আদালতে ৷ পাল বাহিনীৰ অন্য দোষীৰ বিৰুদ্ধে আদালতে কি কি শাস্তি আৰু জৰিমণা ঘোষণা কৰিলে জানিবলৈ পঢ়ক আমাৰ এই বিস্তৃত প্ৰতিবেদন-

APSC FORMER chairman Rakesh Pal sentenced to 14 years and fined Rs 2 lakh for the scam
কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পাল (ETV Bharat Assam)

গুৱাহাটী, 29 জুলাই : আয়াসতে ধন ঘটাৰ খকত একাংশ কৃতী শিক্ষাৰ্থীক বঞ্চিত কৰি অযোগ্য এচামক বক্ৰপথেৰে এ পি এছ চিৰ পৰীক্ষাত উৰ্ত্তীণ কৰোৱা ৰাকেশ পাল বাহিনীক ইতিমধ্যে দোষী সাব্যস্ত কৰিলে আদালতে । অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া বাছনি কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত কৰা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পাল সহ 32 অভিযুক্তৰ শাস্তি সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতে সোমবাৰে ৰায়দান কৰে ।

বিশেষ ন্যায়াধীশৰ আদালতৰ ৰায় (ETV Bharat Assam)

দোষীৰ বিৰুদ্ধে শাস্তি আৰু জৰিমণাৰ পৰিমাণ

সমগ্ৰ কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পালক বিহা হয় 14 বছৰ কাৰাদণ্ড । আনহাতে, আয়োগৰ দুই প্রাক্তন সদস্য বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমানক 10 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হয় । আকৌ বক্রপথেৰে চাকৰি লোৱা বুলি প্ৰমাণিত হোৱা 29 কৃষি উন্নয়ন বিষয়াক দোষী সাব্যস্ত কৰি 4 বছৰৰ কাৰাদণ্ড বিহে আদালতে । ৰাকেশ পালৰ লগতে আয়োগৰ দুই প্রাক্তন সদস্য বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমানক 50000 টকাকৈ জৰিমণা বিহা হয় । আকৌ 29 কৃষি উন্নয়ন বিষয়াক দোষী সাব্যস্ত কৰি 10 হাজাৰ টকাকৈ জৰিমণা বিহা হয় ।

উল্লেখ্য যে, বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে যোৱা 22 জুলাইত দিয়া এক ৰায়যোগে ৰাকেশ পালৰ লগতে আয়োগৰ দুই প্রাক্তন সদস্য বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমানৰ উপৰি বক্রপথেৰে চাকৰি লোৱা বুলি প্ৰমাণিত হোৱা 29 কৃষি উন্নয়ন বিষয়াক দোষী সাব্যস্ত কৰিছিল । পাল আৰু এ পি এছ চিৰ দুই প্রাক্তন সদস্যক প্ৰৱঞ্চনা, প্ৰৱঞ্চনাৰ উদ্দেশ্যে জালিয়াতি, ফৌজদাৰী যড়যন্ত্ৰৰ লগতে চৰকাৰী চাকৰিয়ালৰ কদাচাৰ আদি অপৰাধৰ ধাৰাত দোষী সাব্যস্ত কৰাৰ বিপৰীতে 29 কৃষি বিষয়াক প্ৰৱঞ্চনা আৰু প্ৰৱঞ্চনাৰ উদ্দেশ্যে জালিয়াতি আৰু ফৌজদাৰী ষড়যন্ত্ৰৰ অপৰাধত দোষী সাব্যস্ত কৰিছিল । দোষী সাব্যস্তসকলৰ শাস্তিৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰাৰ বাবে আদালতে 22 জুলাইতে শুনানি আৰম্ভ কৰিছিল ।

22 জুলাইত অসম্পূর্ণ শুনানিৰ পাছত 23 জুলাইতো আদালতে শুনানি গ্রহণ কৰে । 23 জুলাইত শুনানি সম্পূৰ্ণ কৰি আদালতে 29 জুলাই অৰ্থাৎ আজি শাস্তিৰ ৰায়দান ঘোষণা কৰে । এ পি এছ চিৰ দৰে এটা প্ৰতিষ্ঠানৰ জৰিয়তে অনুষ্ঠিত কৰা ৰাজহুৱা বাছনি পৰীক্ষাত ব্যাপক জালিয়াতি আৰু ধনৰ লেনদেনৰ দৰে অপৰাধ কৰা দোষীৰ বিৰুদ্ধে দোষী সাব্যস্ত কৰা ধাৰাসমূহত থকা সৰ্বোচ্চ শাস্তি বিহাৰ বাবে চৰকাৰী পক্ষই আদালতত যুক্তি দাঙি ধৰে ।

পূৰ্বৰ কেলেংকাৰীৰ উদাহৰণ, অপৰাধৰ গভীৰতা আৰু সামাজিক স্বার্থ - এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ আৰু সদস্যদ্বয়ক আইনমতে সৰ্বোচ্চ শাস্তি বিহা তথা প্ৰতিটো ধাৰাৰ বিপৰীতে একাদিক্রমে কাৰাদণ্ড বিহাৰ সপক্ষে বিশেষ চৰকাৰী অধিবক্তা পল্লৱ কটকীয়ে যুক্তি দর্শায় । কটকীয়ে এই সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ একাধিক ৰায়ৰ প্ৰসংগ দাঙি ধৰে ।

আনহাতে, দোষী সাব্যস্তসকলৰ হৈ যুক্তি দর্শোৱা জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰ, অংশুমান বৰা, বি এম চৌধুৰী, লক্ষ্মণ শিকদাৰ, ডি কে দাস, ফিৰোজ খান, ধ্ৰুৱ গগৈ আদিয়ে শাস্তিৰ বিষয়টো দয়াৰ দৃষ্টিৰে বিবেচনা কৰিবলৈ আদালতত আৰ্জি জনায় । ইয়াৰ সমৰ্থনত তেওঁলোকে পূৰ্বৰ একাধিক গোচৰৰ ৰায় আৰু যুক্তি দাঙি ধৰে ।

উল্লেখ্য যে, বিশেষ ন্যায়াধীশৰ আদালতে 22 জুলাইত প্ৰদান কৰা এক ৰায়যোগে 32 অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বিপৰীতে 11 অভিযুক্তক ‘দোষমুক্ত' ঘোষণা কৰিছিল ।

লগতে পঢ়ক: কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী : ৰাকেশ পালসহ কাৰাগাৰলৈ যাব লাগিব ৩২ জন - APSC Scam

এটা অধ্যায় যৱনিকাৰ দিশে: মঙলবাৰে শাস্তি শুনাব ন্যায়ালয়ে - APSC SCAM

লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ ৰায়দান: ৰাকেশ পালসহ ৩২ জন দোষী সাব্যস্ত - APSC Scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.