ETV Bharat / state

এ পি এছ চি কেলেংকাৰীৰ শাস্তি ঘোষণা : পাঁচবাৰকৈ সলনি কৰা হৈছিল নম্বৰ - APSC Scam Verdict

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 5:52 PM IST

APSC Scam Verdict : অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী গোচৰৰ দোষী সাব্যস্ত ৩২ গৰাকী বিষয়াৰ সোমবাৰে শাস্তি ঘোষণা কৰা হয় । লোকসেৱা আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালসহ তেওঁৰ দুই সহযোগী আৰু ২৯ গৰাকী চাকৰি প্ৰাৰ্থীৰ সোমবাৰে শাস্তি ঘোষণা কৰে বিশেষ আদালতৰ ন্যায়াধীশে । কিন্তু এই সমগ্ৰ কেলেংকাৰীটো সন্দৰ্ভত বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে গোচৰটোৰ চৰকাৰী পক্ষৰ ন্যায়াধীশে । কৃষি উন্নয়ন বিষয়াকেইগৰাকীক বাছনিৰ বাবে কি কি প্ৰক্ৰিয়া গ্ৰহণ কৰিছিল ৰাকেশ পাল এণ্ড কোম্পানীয়ে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

APSC Scam Verdict
এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত চৰকাৰী অধিবক্তাৰ বিস্ফোৰক তথ্য (ETV Bharat Assam)

গুৱাহাটী, ২৯ জুলাই : অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া বাছনি কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ ৩২ অভিযুক্তৰ সোমবাৰে শাস্তি ঘোষণা কৰা হয় । বিশেষ ন্যায়াধীশৰ আদালতে এই শাস্তি ঘোষণা কৰে । কিন্তু শাস্তি ঘোষণাৰ পিচত কেতবোৰ নতুন তথ্য পোহৰলৈ আহিছে ।

গোচৰটোৰ চৰকাৰী অধিবক্তাই সদৰী কৰা তথ্যত এই নতুন তথ্য পোহৰলৈ আহিছে । দোষী সাব্যস্ত ২৯ গৰাকী কৃষি উন্নয়ন বিষয়াৰ মৌখিক পৰীক্ষাৰ নম্বৰ পাঁচবাৰ পৰ্যন্ত নম্বৰ সলনি কৰা‌ হৈছিল বুলি জনায় চৰকাৰী অধিবক্তাই ।

লগতে পঢ়ক :ধনৰ লালসা : ৰাকেশ পাল বাহিনীৰ নতুন ঠিকনা কাৰাগাৰৰ কুঠৰী - APSC SCAM

চৰকাৰী পক্ষৰ অধিবক্তা সমুদ্ৰগুপ্ত দত্তই কয়, "ন্যায়াধীশে শাস্তি ঘোষণা কৰাৰ সময়ত 'The termite eats of wood' জতুৱা ঠাঁচৰ উদ্ধূতি দিয়ে । ইয়াৰ অৰ্থ হ'ল ৰাকেশ পালে গুৰুত্বপূৰ্ণ পদবীত থাকি গুৰুত্বপূৰ্ণ প্ৰশাসনিক সেৱাত যি প্ৰক্ৰিয়াৰে নিযুক্তি দিছিল, সেয়া আৰম্ভণিৰে পৰা ঘূণে ধৰিছিল । লগতে প্ৰশাসনিক সেৱাক ভিতৰৰ পৰা ফোঁপোলা কৰাৰ চেষ্টা কৰিছিল ।

তেওঁ কয়, "এই পৰীক্ষাটো মূলত মৌখিকভাৱে হৈছিল । কিন্তু অ' এম আৰ শ্বীটতো এটা পৰীক্ষা হৈছিল । এই পৰীক্ষা ২০১৬ চনৰ ১৪, ১৫ আৰু ১৬ আগষ্টত অনুষ্ঠিত হৈছিল । পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ২০১৭ চনৰ ৮ ফেব্ৰুৱাৰীত । এই সময়ছোৱাত এগৰাকী প্ৰাৰ্থীৰ নম্বৰ পাঁচবাৰকৈ সলনি কৰা হৈছিল ।"

ইয়াৰ তথ্য সন্দৰ্ভত অধিবক্তাগৰাকীয়ে কয়, "ফৰেনছিকৰ তথ্যমতে, প্ৰথমবাৰ যি নম্বৰ এইসকল প্ৰাৰ্থীয়ে পাইছিল, সেইমতে তেওঁলোক চাকৰি পোৱাৰ যোগ্য নহয় । ফৰেনছিকৰ তথ্যত সকলো নম্বৰ দিয়াৰ অনিয়ম আদালতত প্ৰমাণিত ‌হৈছে ।"

লগতে পঢ়ক :লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ ৰায়দান: ৰাকেশ পালসহ ৩২ জন দোষী সাব্যস্ত - APSC Scam

তেওঁ লগতে কয়, "টেবুলেশ্বন শ্বীটবোৰ লোকসেৱা আয়োগৰ ষ্ট্ৰং ৰুমত ৰাখিব লাগিছিল । কিন্তু ৰাখিছিল ৰাকেশ‌ পাল আৰু আয়োগৰ দুই প্রাক্তন সদস্য বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমানৰ আলমিৰাত ।‌ ইয়াৰ পৰা তেওঁলোকে বহুবাৰ টেবুলেশ্বন শ্বীটবোৰ উলিয়াই আনিছিল । তাৰ তথ্য প্ৰমাণিত হৈছে ।"

ধাৰামতে ৰাকেশ পালক ৩১ বছৰ কাৰাদণ্ড, জে'লত থাকিব লাগিব ৮ বছৰ ৫ মাহ

উল্লেখ্য যে বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে যোৱা ২২ জুলাইত দিয়া এক ৰায়যোগে ৰাকেশ পালৰ লগতে আয়োগৰ দুই প্রাক্তন সদস্য বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমানৰ উপৰি বক্রপথেৰে চাকৰি লোৱা বুলি প্ৰমাণিত হোৱা ২৯ গৰাকী কৃষি উন্নয়ন বিষয়াক দোষী সাব্যস্ত কৰিছিল । ৰাকেশ পাল আৰু এ পি এছ চিৰ দুই প্রাক্তন সদস্যক প্ৰৱঞ্চনা, প্ৰৱঞ্চনাৰ উদ্দেশ্যে জালিয়াতি, ফৌজদাৰী যড়যন্ত্ৰৰ লগতে চৰকাৰী চাকৰিয়ালৰ কদাচাৰ আদি অপৰাধৰ ধাৰাত দোষী সাব্যস্ত কৰা হয় ।

আনহাতে, ২৯ কৃষি বিষয়াক প্ৰৱঞ্চনা আৰু প্ৰৱঞ্চনাৰ উদ্দেশ্যে জালিয়াতি আৰু ফৌজদাৰী ষড়যন্ত্ৰৰ অপৰাধত দোষী সাব্যস্ত কৰা হয় । ৰাকেশ পাল আৰু এ পি এছ চিৰ দুই প্রাক্তন সদস্যক ভাৰতীয় দণ্ডবিধিৰ ৪২০ ( প্ৰৱঞ্চনা ), ৪৬৮ (প্ৰৱঞ্চনাৰ উদ্দেশ্যে জালিয়াতি) আৰু ১২০ বি (ফৌজদাৰী ষড়যন্ত্ৰ)ৰ লগতে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ৭ (চৰকাৰী কৰ্মচাৰীয়ে নিজৰ পদমর্যাদাৰ অপব্যৱহাৰ কৰি উপঢৌকন লোৱা অপৰাধ) আৰু ১৩ (২) (চৰকাৰী কৰ্মচাৰীৰ কদাচাৰ)ৰ ধাৰাত দোষী সাব্যস্ত কৰা হৈছে ।

লগতে পঢ়ক :কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী : ৰাকেশ পালসহ কাৰাগাৰলৈ যাব লাগিব ৩২ জন - APSC Scam

তেওঁ কয়, "ৰাকেশ‌ পালে এই ধাৰাসমূহৰ ভিত্তিত বেলেগকৈ জে'ল‌‌ খাটিব লাগিব । সেইমতে ৰাকেশ‌ পালৰ শাস্তি ৩১ বছৰ‌ হয় যদিও এই‌ ক্ষেত্ৰত আইনী বাধা থকাৰ বাবে ফৌজদাৰী ধাৰাৰ অধীনত ১৪ বছৰ কাৰাৰুদ্ধ হ'ব লাগে । ৰাকেশ পালে যিহেতু ইতিমধ্যে ৫ বছৰ ছমাহ জে'ল খাটিছে, গতিকে তেওঁ আৰু ৮ বছৰ ৫ মাহ জে'ল খাটিব লাগিব ।"

আনহাতে, আন দুগৰাকী সদস্য সন্দৰ্ভত তেওঁ কয়, "এ পি এছ চিৰ দুই প্রাক্তন সদস্যই উল্লিখিত ধাৰাসমূহৰ ভিত্তিত একেলগে জে'ল খাটিব লাগিব ।‌ সেই অনুসৰি বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমান‌ে মুঠ ১০ বছৰ জে'ল খাটিব পাৰিব ।"

ইফালে আন ২৯ গৰাকী বিষয়াৰ শাস্তি সন্দৰ্ভত তেওঁ কয়, "২৯ গৰাকী কৃষি উন্নয়ন বিষয়াক ভাৰতীয় দণ্ডবিধিৰ ৪২০ আৰু ৪৬৮ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে । এই‌ ধাৰাসমূহৰ ভিত্তিত তেওঁলোকে ৪ বছৰ জে'লত থাকিব লাগিব ।"

গুৱাহাটী উচ্চ ন্যায়ালয়তে কৰিব পাৰিব জামিন আবেদন

আনহাতে, জামিন আবেদন সন্দৰ্ভত চৰকাৰী অধিবক্তাগৰাকীয়ে জনায়, "সকলোৰে শাস্তি যিহেতু চাৰি বছৰ তথা চাৰি বছৰৰ অধিক হৈছে, সেইমতে তেওঁলোকে বিশেষ ন্যায়াধীশৰ আদালতত জামিন আবেদন কৰিব নোৱাৰে । দুমাহৰ ভিতৰত তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন‌ আবেদন কৰিব পাৰিব ।"

এ পি এছ চি গোচৰৰ অপৰাধীসকল কোন কোন

উল্লেখ্য যে বিশেষ ন্যায়াধীশৰ আদালতে ২২ জুলাইৰ ৰায়যোগে ৩২ অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বিপৰীতে ১১ অভিযুক্তক ‘দোষমুক্ত' ঘোষণা কৰে । তেওঁলোক হৈছে ৰাকেশ কুমাৰ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমান, ফণীন্দ্ৰ শ‍ইকীয়া, প্ৰণৱ ভৰালী, জ্যোতিৰেখা দাস, কবীন কিলিংপি, প্রীতি দাস, আলোক কুমাৰ মালী, বিশ্বজিৎ দলে, কেশৱানন্দ বৰা, বৰ্ণালী মেধি, মৃগেন হালৈ, বিপুল কুমাৰ ডেকা, ছুইটী বৰা হাজৰিকা, সত্যনাথ ডেকা, কমলকৃষ্ণ দাস, ৰিতুৰাজ সোণোৱাল, অঞ্জন লয়িং, প্ৰিয়ংকা বৰা, ৰুখেশ্বৰ টিমুং, সংঘমিত্রা শ্যাম, বিদ্যুৎ দাস, আল্পনা দেউৰী, জয়ন্তজিৎ দাস, দীপংকৰ বাৰিক, ৰৌশন ৰফী, প্রাঞ্জল বৰ্মন, শ্বাহিল আজিজ হক, কল্যাণ শর্মা, মফিদা বেগম শ‍ইকীয়া আৰু জয়ন্ত চাবুকধৰা ।

লগতে পঢ়ক :APSC কেলেংকাৰী; ১১ গৰাকী ৰাজপত্ৰিত বিষয়াক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.