ETV Bharat / state

এ পি এছ চিৰ ২০২৩ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা: মৌখিক সাক্ষাৎকাৰৰ বাবে উত্তীৰ্ণ ৭১১ গৰাকী

শনিবাৰে এ পি এছ চিৰ ৱেবছাইট যোগে ঘোষণা কৰা হৈছে লিখিত মূল পৰীক্ষাৰ ফলাফল ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

APSC result declared
এ পি এছ চিৰ ২০২৩ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা (Etv Bharat)

গুৱাহাটী: অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা শনিবাৰে ঘোষণা কৰা হয় । মূল পৰীক্ষাৰ পৰা ৭১১ গৰাকী পৰীক্ষাৰ্থীয়ে মৌখিক সাক্ষাৎকাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে । অসম লোকসেৱা আয়োগৰ ২৩৫ টা পদৰ বাবে মূল পৰীক্ষাত ২,৮৯৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ৭১১ গৰাকী পৰীক্ষাৰ্থী মৌখিক সাক্ষাৎকাৰৰ বাবে উত্তীৰ্ণ হৈছে ।

উল্লেখ্য যে চলিত বৰ্ষৰ ২৬, ২৭ আৰু ২৮ জুলাইত অসম লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ মূল পৰীক্ষা অনুষ্ঠিত হৈছিল । মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা ৭১১ গৰাকী প্ৰাৰ্থীৰ সাক্ষাৎকাৰ ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব । শনিবাৰে এ পি এছ চিৰ ৱেবছাইট যোগে ঘোষণা কৰা হৈছে লিখিত মূল পৰীক্ষাৰ ফলাফল । সাক্ষাৎকাৰ সন্দৰ্ভত শীঘ্ৰেই জাননী জাৰি কৰিব এ পি এছ চি কর্তৃপক্ষই ।

বিগত ৯ মে'ত অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ২০২৩ৰ ফলাফল ঘোষণা কৰিছিল । অসমৰ ৩২ খন জিলাৰ ১১৬ টা কেন্দ্ৰত মুঠ ২৩৫ টা পদৰ বিপৰীতে এই পৰীক্ষা অনুষ্ঠিত হৈছিল । এই পৰীক্ষাত ৬৭,২৫১ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল । প্ৰথমবাৰৰ বাবে পৰীক্ষাৰ অ' এম আৰ শ্বীটৰ সৈতে প্ৰাৰ্থীৰ বাবে কাৰ্বন প্ৰতিলিপি উপলব্ধ কৰা হৈছিল । প্ৰাৰম্ভিক পৰীক্ষাৰ পৰা মূল পৰীক্ষাৰ বাবে মুঠ ২,৮৯৮ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছিল ।

আনহাতে অসম লোকসেৱা আয়োগে প্ৰথমবাৰৰ বাবে উক্ত পৰীক্ষাত মৰাণ-মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল । মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ এইবাৰ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ কৰোৱা হৈছিল । পৰীক্ষাৰ্থীসকলে উত্তৰসমূহ অসমীয়া মাধ্যমতো লিখাৰ ব্যৱস্থা আছিল । উল্লেখ্য যে ১৮ মাৰ্চত অনুষ্ঠিত হৈছিল অসম লোকসেৱা আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা । ২৩৫টা পদৰ ভিতৰত এ চি এছৰ বাবে ৪৫টা আৰু এ পি এছৰ বাবে ৩৫ টা পদ আছে ।

লগতে পঢ়ক: ঐতিহাসিক সিদ্ধান্ত : এ পি এছ চিৰ মূল পৰীক্ষাত অসমীয়াতো থাকিব প্ৰশ্নকাকত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.