ETV Bharat / state

পতিতা সন্দৰ্ভত RSS ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ; জানিলে আপুনিও হ’ব আচৰিত - Allegation against RSS

author img

By ETV Bharat Assamese Team

Published : 5 hours ago

APHLC press meet: আৰ এছ এছৰ ৮নং নির্দেশনাত জনজাতীয়, অনুসূচীত জাতি, খিলঞ্জীয়া আৰু মুছলমান মহিলাসকলক পতিতা ৰূপে ব্যৱহাৰ কৰাৰ নির্দেশ আছে বুলি চাঞ্চল্যকৰ অভিযোগ আনিছে এটা আঞ্চলিক ৰাজনৈতিক দলে । কি ভিত্তিত APHLC এ উত্থাপন কৰিলে অভিযোগ ? পঢ়ক সবিশেষ-

APHLC press meet in Diphu
এপিএইচএলচিৰ সংবাদমেল (ETV Bharat Assam)

ডিফু, ১ অক্টোবৰ: ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘ (আৰ এছ এছ)ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কার্বি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল অল পার্টি হিলছ লীডাৰছ কনফাৰেন্স চমুকৈ APHLC দলে । APHLC ৰ সভাপতি জন ইংতি কাথাৰে আৰ এছ এছে কেনেদৰে জনজাতীয়, অনুসূচীত জাতি, খিলঞ্জীয়া অসমীয়া আৰু মুছলমান মহিলাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ জাল পেলাইছে সেয়া ব্য়াখ্য়া কৰে ।

এপিএইচএলচিৰ সভাপতিগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয়, "আৰএছএছে জনজাতীয়, অনুসূচীত জাতি, খিলঞ্জীয়া অসমীয়া আৰু মুছলমান মহিলাক পতিতা সজাবলৈ চেষ্টা কৰিছে ৷ সংগঠনটোৰ ৮ নং নির্দেশনাত জনজাতীয়, অনুসূচীত জাতি, খিলঞ্জীয়া আৰু মুছলমান মহিলাসকলক পতিতা ৰূপে ব্যৱহাৰ কৰাৰ নির্দেশ আছে । সংগঠনটোৰ এই নির্দেশ কার্যকৰী কৰাত এতিয়া আৰএছএছৰ নেতা-কর্মীসকল নামি পৰিছে ।"

এপিএইচএলচিৰ সংবাদমেল (ETV Bharat Assam)

ৰুদ্রাক্ষ মালা পৰিধান কৰা এগৰাকী অনা-খিলঞ্জীয়া আৰএছএছ নেতাই কাৰ্বি আংলঙৰ এগৰাকী খিলঞ্জীয়া মহিলাৰ সৈতে অনৈতিক কর্মত লিপ্ত হৈ থকাৰ এক ভিডিঅ' ভাইৰেল হৈ পৰাৰ কথা উল্লেখ কৰি আৰএছএছৰ বিৰুদ্ধে এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰে এপিএইচএলচিৰ সভাপতিগৰাকীয়ে । তেওঁ ৰুদ্রাক্ষ পৰিধান কৰা সেই বিশেষ ব্যক্তিগৰাকীৰ নাম নাজানে বুলি উল্লেখ কৰি এনে অপকর্মত লিপ্ত হোৱাসকলৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনায় ।

এপিএইচএলচিৰ সভাপতিগৰাকীয়ে লগতে কয়, "এনেবোৰ অপকর্মৰ বিষয়ে মনে মনে থাকিলে খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যতে আৰু আত্মসন্মান নাথাকিব । সেয়ে এই বিষয়টো মই ৰাজহুৱা কৰি আইনগত ব্যৱস্থা গ্রহণ কৰি সমাজৰ বাবে এক সঠিক বার্তা প্ৰেৰণ কৰাৰ বাবে কর্তৃপক্ষক আহ্বান জনাইছো । "

কাথাৰে কংগ্রেছৰ আমোলতো কার্বি আংলঙৰ সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন অঞ্চলত পৰিদর্শন বাংলো সাজি একাংশ কংগ্রেছী নেতা এনে অপকর্মত লিপ্ত হৈছিল বুলিও অভিযোগ উত্থাপন কৰে ৷ আৰক্ষীয়ে অপৰাধমূলক অসামাজিক কাম-কাজৰ বিৰুদ্ধে নিজাববীয়াকৈ ব্যৱস্থা গ্রহণ কৰিব লাগে যদিও কার্বি আংলঙত শেহতীয়াকৈ হত্যা, ধর্ষণ, গুপ্তহত্যাৰ দৰে ঘটনা বৃদ্ধি পোৱাৰ অভিযোগ তুলি তেওঁ উদ্বিগ্নতা প্রকাশ কৰে ৷ কাৰ্বি আংলং আৰু হোজাই সীমান্তৰ টকৌবাৰীত সংঘটিত হত্যাকাণ্ড, কিছুদিন পূৰ্বৰ বীণা ৰংপিপীৰ হত্যাকাণ্ডৰ অপৰাধীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাত বিফল হোৱা বুলিও জিলা প্রসাসন-আৰক্ষী প্রশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে জে আই কাথাৰে ।

লগতে পঢ়ক:কংগ্ৰেছত থাকিও যেন অশোক শৰ্মাই আৰ এছ এছৰ কথা, হিন্দুৰ কথা কৈ থাকে : মুখ্যমন্ত্ৰী - Ashok Sharma joins Congress

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক: মুখ্যমন্ত্রী - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.