ETV Bharat / state

বিদ্যুৎ সংযোগ নহ’লেও কথা নাই, শক্তি বিভাগে ঘৰে ঘৰে বিলাইছে স্মাৰ্ট মিটাৰ - ELECTRICITY BILL FROM APDCL

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 5:44 PM IST

Prepaid smart meters in Bihali : আজৱ কাণ্ড সংঘটিত কৰা তালিকাৰ শীৰ্ষস্থানত ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগ ৷ কেতিয়াবা অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি কৰি, কেতিয়াবা গ্ৰাহকক নিৰ্দিষ্ট নিৰিখতকৈ বহুগুণে বেছি বিদ্যুতৰ বিল দি হ’লেও চৰ্চাত থাকিবই বিভাগটো ৷ বিহালীৰ কিছুসংখ্যক গাঁৱত বিদ্যুৎ বিভাগে কি কাণ্ড সংঘটিত কৰিলে, চাওক সবিশেষ...

ELECTRICITY BILL FROM APDCL
বিদ্যুৎ সংযোগ নোহোৱা ঘৰলৈ আহিল বিল আৰু স্মাৰ্ট মিটাৰ (ETV Bharat Assam)

বিহালী, 11 জুলাই: অসম চৰকাৰৰ এটি বিয়াগোম বিভাগ, যাৰ নেতৃত্বৰ দায়িত্ব ন্যস্ত আছে মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ ওপৰত ৷ বিভাগটোৱে ৰাজ্যত কিমানখিনি সফলতাৰে কাম কৰিছে, সেয়া ডাঙৰ কথা নহয় ৷ কিন্তু সময়ে সময়ে কিছুমান আজৱ কাণ্ডৰেহে ৰাজ্যবাসীক যোগাই আহিছে আমোদ ৷

বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড (ETV Bharat Assam)

এনেধৰণৰ এক আমোদজনক ঘটনা সংঘটিত হৈছে বিশ্বনাথ জিলাৰ বিহালীৰ সীমান্তৱৰ্তী অঞ্চলত ৷ বিদ্যুৎ সংযোগৰ নামত এটা খুঁটাও পুতি নোপোৱা বিভাগটোৱে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী বিহালীৰ বিহমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠাণ্ডাপানী, কাজিয়ামাটি, নাহৰজান আদি অঞ্চলত বাস কৰা কেইবাঘৰো লোকক প্ৰদান কৰি আহিছে স্মাৰ্ট মিটাৰৰ লগতে বিদ্যুতৰ বিল ৷

বিদ্যুৎ বিভাগৰ এনে কাণ্ডত স্বাভাৱিকতে হতচকিত হৈ পৰিছে গাঁওবাসী ৷ 2022 চনৰ মাজভাগৰ পৰাই বিশ্বনাথ সংমণ্ডলে এনেদৰেই অঞ্চলটোৰ সহজ-সৰল একাংশ লোকক কাগজে-কলমে বিদ্যুতৰ সংযোগ স্থাপন কৰা দেখুৱাই বিদ্যুতৰ মিটাৰ আৰু বিলৰ নামত চৰম প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ কেৱল এয়াই নহয়, সময়ে সময়ে বিদ্যুতৰ বিল বিচাৰি অঞ্চলসমূহলৈ আহি বিভাগটোৰ কৰ্মচাৰীসকলে সাধাৰণ লোকসকলক হাৰাশাস্তি কৰাৰো উঠিছে অভিযোগ ৷

লগতে পঢ়ক: অচিনাক্ত বাহনৰ খুন্দাত বিহালীত পহুৰ মৃত্যু - Deer death news

উল্লেখ্য যে, অঞ্চলটোৰ কাজিয়ামাটি, নাহৰজানত আছে দুখনকৈ প্ৰাথমিক বিদ্যালয় ৷ তদুপৰি নাহৰজানত আছে বন বিভাগৰ এটা সীমান্ত সুৰক্ষা শিবিৰ ৷ অঞ্চল দুটাত বাস কৰা তিনিশৰো অধিক পৰিয়ালে দীৰ্ঘদিনৰে পৰা সৌৰশক্তিৰ দ্বাৰা প্ৰাপ্ত পোহৰৰ সহায়ত চলি আহিছে ৷

অঞ্চলটোৰ ঠিক এশ মিটাৰ দূৰত্বত অৰুণাচলীয়ে অসমৰ মাটি বেদখল কৰি ৰাস্তা-ঘাট, বিজুলী যোগানৰ ব্যৱস্থাৰে পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ লগতে অসমৰ মানুহক প্ৰদান কৰিছে অৰুণাচলৰ ভোটাধিকাৰ ৷ কিন্তু পৰিতাপৰ বিষয় যে, এইবোৰ দেখি-শুনিও চকু মুদা কুলিৰ ভাও ধৰি থকা অসম চৰকাৰে কথাৰ ফুলজাৰি মাৰি সীমান্তত বসবাস কৰা ৰাইজক এতিয়ালৈকে যোগান ধৰিব পৰা বিজুলী ৷

উল্লেখ্য যে, ৰাজ্যবাসীক শোষণ কৰি প্ৰবঞ্চনাৰে মাচুল বঢ়াই অহা ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিভাগটোৱে কিন্তু আজৱ কাণ্ড সংঘটিত কৰা তালিকাৰ শীৰ্ষস্থানত সদায়েই থাকে ৷

লগতে পঢ়ক: যোৰহাটৰ কণমানিটিৰ অন্তিম সৎকাৰ সম্পূৰ্ণ : কান্দি কান্দি কেক কাটিলে পিতৃ-মাতৃয়ে - CHILD DEATH IN JMCH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.