ETV Bharat / state

ডাবল ইঞ্জিনৰ চৰকাৰে ডাবল সাহায্য দিব লাগিছিল : ভূপেন বৰা - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 1:42 PM IST

APCC Bhupen Kumar Borah: বংকোৱালত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ বন্যাৰ্তক খাদ্য সাহায্য বিতৰণ কৰাৰ লগতে মথাউৰি চিগা পৰিদৰ্শন কৰি বন্যাৰ্তৰ সৈতে মত বিনিময় কৰে ৷ চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে ভূপেন বৰাই ৷

APCC Bhupen Kumar Borah visited the breaching embankment portion of Bokakhat
বংকোৱালত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

বোকাখাত, 5 জুলাই: বৃহস্পতিবাৰে বংকোৱালত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ বংকোৱালত মথাউৰি চিগা পৰিদৰ্শন কৰি ভূপেন বৰাই অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি মহুৰামুখৰ 1 নং গৰৈমাৰীৰ মাজ চাপৰিত দুজন কিশোৰৰ সলিল সমাধি ঘটা ঘটনাত দুখ প্ৰকাশ কৰে ৷

বৰাই কয় যে, "দুৰ্যোগ ব্যৱস্থাপনা বিভাগ সম্পূৰ্ণ বিফল হৈছে ৷ বানে কালৰূপ ধৰাৰ পাচতো এই পৰ্যন্ত কৃষি বিভাগ আৰু জলসম্পদ বিভাগে কোনো পৰিকল্পনা যুগুত নকৰা কাৰ্য গৰিহণাযোগ্য ৷ বংকোৱালৰ এক লাখ কৃষক পৰিয়ালক কিদৰে চৰকাৰে পুনৰ কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰিব তাৰ কোনো পৰিকল্পনা নাই চৰকাৰৰ হাতত ৷"

সমান্তৰালভাবে, বৰাই কয়, "কোন দলৰ চৰকাৰ থাকিব সেয়া ৰাইজে নিৰ্ণয় কৰিব । ৰাইজে সমস্যাসমূহৰ কথা কওঁতে মন্ত্ৰীয়ে ধমক দিব সেয়া ৰাইজে মানি নলয় ৷ ডাবল ইঞ্জিনৰ চৰকাৰে ডাবল সাহায্য দিব লাগিছিল ৷ কিন্তু সেয়া হোৱা নাই ৷ বানত মৃত্যু হোৱা এগৰাকী লোকৰ পৰিয়ালেও এই পৰ্যন্ত ৰাজ সাহায্য নোপোৱাটো দুখৰ বিষয়" ৷

ভূপেন বৰাই শাসকীয় মন্ত্ৰী-বিধায়কসকলে বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰাৰ নামত পিকনিক খোৱাহে পৰিলক্ষিত হৈছে বুলি তীৰ্যক মন্তব্য প্ৰকাশ কৰে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে সাহায্য বিতৰণ কৰে ৷ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক বিতোপন শইকীয়া, ৰাজ্যিক নেত্ৰী মিনতি দলে, ইয়ং ব্ৰিগেডৰ কাৰ্যকৰী সভাপতি জিতু শইকীয়া, গোলাঘাট জিলাৰ সভাপতি গোলাপ শইকীয়া, উপ-সভাপতি উৎপল দলে, ৰত্ন গগৈ, ধৰ্মেশ্বৰ কুৰ্মী, উপাধ্যক্ষ সাহায্য আৰু পুনৰ সংস্থাপন অমৃত কুমাৰ বুঢ়াগোঁহাইকে ধৰি বহু দলীয় কৰ্মকৰ্তা উপস্থিত থাকে এই কাৰ্যসূচীত ৷

লগতে পঢ়ক: কেশৱ মহন্তৰ লগত যি হ’ল, সেয়া মাথো আৰম্ভণিহে : ভূপেন বৰা - Assam Flood 2024

বিহপুৰীয়াত হাহাকাৰ : বৃহস্পতিবাৰে ছিগিল 15 কোটিটকীয়া বান প্ৰতিৰোধী মথাউৰি - Assam Flood 2024

বান বিভীষিকা অব্যাহত; বানত মৃত্যু হোৱা লোকৰ সংখ্যা 52 জনলৈ বৃদ্ধি - Assam flood 2024

সংসদৰ অধিৱেশনৰ মাজতে আহি মাজুলীৰ বানাক্ৰান্তৰ বুজ ল’লে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi in majuli

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.