ETV Bharat / state

পদ্ম হাজৰিকাৰ বাবে মুখ্যমন্ত্ৰীক কাতৰোক্তি ভূপেন বৰাৰ - BEHALI BYE ELECTION 2024

Assembly Bye Election 2024: উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত শাসক-বিৰোধীৰ বাকযুদ্ধ তুংগত উঠিছে । পদ্ম হাজৰিকাক তীব্ৰ কটাক্ষ ভূপেন বৰাৰ ।

Assembly Bye Election 2024
বিহালীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 7:15 AM IST

বিশ্বনাথ : বিহালী সমষ্টিত উপ-নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে । শাসক-বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছে । শাসকীয় বিজেপি দলৰ কেইবাজনো মন্ত্ৰী, বিধায়কে ৭৭ ন‌ং বিহালী সমষ্টিৰ বিজেপিৰ দলীয় প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ অহৰহ প্ৰচাৰ চলাই থকাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ দলেও চলাই গৈছে প্ৰচাৰ অভিযান ।

ইফালে দেওবাৰে বিহালী সমষ্টিৰ বটিয়ামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বটিয়ামাৰী ভানুৰংগ মঞ্চত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।

বিহালীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat)

ভূপেন কুমাৰ বৰাৰ নিৰ্বাচনী প্ৰচাৰ

দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই দেশক সুৰক্ষিত কৰাৰ স্বাৰ্থত কংগ্ৰেছ দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় । লগতে ভূপেন কুমাৰ বৰাই কয় যে বিজেপিয়ে চলোৱা সম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে সংবিধান সুৰক্ষা, দেশ ৰক্ষা, দেশৰ জাতীয় পতাকা সুৰক্ষাৰ স্বাৰ্থত ৰাইজে কংগ্ৰেছ দলক ভোট দিব লাগে । কংগ্ৰেছ দলে সদায় ব্যক্তি স্বাৰ্থৰ পৰিৱৰ্তে দেশৰ স্বাৰ্থত কাম কৰি আহিছে বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

Assembly Bye Election 2024
বিহালীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat)

পদ্ম হাজৰিকাক কটাক্ষ

আনহাতে চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বিহালীত বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচানী প্ৰচাৰ চলাবলৈ অহা সময়ত সাংসদ গৌৰৱ গগৈয়ে বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলোৱা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কয় সাংসদ গৌৰৱ গগৈয়ে বিহালীত যিমান প্ৰচাৰ চলালেও কোনো প্ৰভাৱ নপৰে ।

ইফালে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিধায়ক পদ্ম হাজৰিকাক কটাক্ষ কৰি কয়, "পদ্ম হাজৰিকা ইমান প্ৰভাৱশালী এজন মানুহ, তাতে দুবাৰকৈ বিজেপি চৰকাৰ গঠন হ'ল ৷ কিন্তু ইমান কষ্ট কৰাৰ পিছতো জ্যেষ্ঠ বিধায়কগৰাকীক এটা মন্ত্ৰিত্ব নিদিলে হিমন্ত বিশ্ব শৰ্মাই । তেখেতৰ কথা শুনিলে মোৰ দুখ লাগে, মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাম জ্যেষ্ঠ বিধায়কগৰাকীক এটা সৰু-সুৰা জাতীয় এটা মন্ত্ৰিত্ব লাগে ।"

আনহাতে অসম সন্মিলিত মৰ্চাই বিহালী সমষ্টিত নিজাকৈ প্ৰাৰ্থিত্ব দিয়া পিছতে চিপিআইএমএলৰ সৈতে এক আলোচনা কৰা কথা আছিল যদিও চিপিআইএমএল দলে ঘৰলৈ নিমন্ত্ৰণ দিয়া নাই যিহেতু যোৱা নহ'ব বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :বিহালীত বিজেপিয়ে দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি কটাক্ষ লুৰীণজ্যোতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.