ETV Bharat / state

আমাৰ এলায়েন্স ঠিকে আছে, সকলোৰে মত একে হ'ব বুলি কথা নাই : ভূপেন কুমাৰ বৰা - APCC President Bhupen Kumar Borah

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 9:00 PM IST

APCC President Bhupen Kumar Borah: উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ বিৰোধী ঐক্যত বিভেদ সৃষ্টি হোৱাক লৈ ব্যাপক চৰ্চা হৈছে । তাৰ মাজতে ভূপেন কুমাৰ বৰাই স্পষ্ট কৰিলে যে কংগ্ৰেছে সকলো আসনতে অকলে নিৰ্বাচন খেলিব বুলি এতিয়ালৈ ঘোষণা কৰা নাই । এলায়েন্স ঠিকে আছে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে । ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ক'লে ভূপেন কুমাৰ বৰাই ৷

APCC President Bhupen Kumar Borah
আমাৰ এলায়েন্স ঠিকে আছে, সকলোৰে মত একে হ'ব বুলি কথা নাই (ETV Bharat)

তেজপুৰ, ২৫ জুলাই : অসমৰ বিধানসভাৰ উপ-নিৰ্বাচন সমাগত । কিছুদিন আগতে বিভিন্ন মাধ্যমত প্ৰকাশ পাইছিল যে এই নিৰ্বাচনত ৫ খন আসনত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব । আনকি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাইও এই কথাৰ ইংগিত দিছিল । অৱশ্যে এতিয়া সুৰ সলনি কৰিছে সভাপতিগৰাকীয়ে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই ই টিভি ভাৰতক জনোৱা মতে উপ-নিৰ্বাচনৰ ৫ খন আসনত কংগ্ৰেছে অকলে যুজঁ দিয়াৰ বিষয়ে এতিয়ালৈ সিদ্ধান্ত লোৱা নাই । তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰামৰ্শনৰ ভিত্তিত হে প্ৰদেশ কংগ্ৰেছে অন্তিম সিদ্ধান্ত ল'ব ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বৃহস্পতিবাৰে তেজপুৰত ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে বিৰোধী ঐক্যত (এলায়েন্স) কোনো ব্যৱধান অহা নাই । সকলো ঠিকে আছে । তেওঁৰ মতে সকলো কথাতে যে সকলো একে মত হ'ব সেয়া নহয় । সকলো দলৰ সুকীয়া সিদ্ধান্ত থাকে, সেয়া কোনো ডাঙৰ কথা নহয় । তেওঁৰ মতে সকলো বিৰোধী একগোট হোৱাৰ উদ্দেশ্য আছিল ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি কৰা বিজেপি আৰু এ আই ইউ ডি এফ দলক নিৰ্বাচনত পৰাস্ত কৰা ।

আসন বুজাবুজিক লৈ বা অন্যান্য কথাত মতানৈক্য থাকিব, সেইটো আগতেও আছিল আৰু এতিয়াও আছে ৷ সেয়া কোনো বাধা বা বিভাজন নহয় বুলি ভূপেন কুমাৰ বৰাই দাবী কৰে । উপ-নিৰ্বাচন সন্দৰ্ভত অখিল গগৈয়ে কৰা মন্তব্যৰ বিষয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে কংগ্ৰেছে অকলে উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই । সেয়া তৃণমূল পৰ্যায়ৰ সদস্যই দিয়া এক সিদ্ধান্ত বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই উপ-নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিষয়ে কয় যে আলোচনা চলি আছে কিন্তু সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । যদি কেন্দ্ৰীয় নেতৃত্বই নিৰ্দেশ দিয়ে তেনেহ'লে দলৰ হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি উল্লেখ কৰে । আনহাতে কেন্দ্ৰীয় বাজেট সন্দৰ্ভত তেওঁ কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষ কোনো পুঁজি আগবঢ়োৱা নাই ।

ড'নাৰ মন্ত্ৰালয়ত মাত্ৰ পূৰ্বতকৈ ৮ কোটি টকা বেছিকৈ দিছে, যিটো বৰ্তমান সময়ত অতি সাধাৰণ বুলি তেওঁ দাবী কৰে । উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি অভিহিত কৰি এতিয়া প্রধানমন্ত্ৰীয়ে নিজৰ চকী ৰক্ষা কৰিবলৈ বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশক সন্তুষ্ট কৰিছে বুলি তেওঁ অভিযোগ কৰে । নিবনুৱা সমস্যা সমাধান কৰিবলৈ ৫০০ নিৰ্দিষ্ট কোম্পানীত যুৱক-যুৱতীক ইণ্টাৰ্ণশ্বিপৰ সুবিধা দিয়া হ'ব চৰকাৰে কেৱল ঘোষণাহে কৰিছে বুলি তেওঁ দাবী কৰে ।

একেদৰে কংগ্ৰেছ দলত নতুন যোগদান সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে জিলা কংগ্ৰেছৰ অনুমতিৰ পিচতহে নিৰ্দিষ্ট লোকজনক দলত যোগদান কৰিবলৈ দিয়া হ'ব । আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰই কংগ্ৰেছ দলত যোগদান কৰাক লৈ প্ৰকাশ পোৱা বাতৰি সন্দৰ্ভত কয় যে এই সন্দৰ্ভত তেওঁৰ সৈতে এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ কোনেও কৰা নাই ।

লগতে পঢ়ক :চীনা ভাষাৰ ডিগ্ৰী পাঠ্যক্ৰম তেজপুৰ বিশ্ববিদ্যালয়ত, শীঘ্ৰে আৰম্ভ হ’ব স্পেনিছ ভাষাৰ পাঠ্যক্ৰমো - Tezpur University

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.