ETV Bharat / state

উপ-নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতৰ লক্ষ্য়ৰে তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ মাৰাথন বৈঠক - APCC in charge Jitendra Singh - APCC IN CHARGE JITENDRA SINGH

Election strategy of Jitendra Singh : বিধানসভাৰ উপ-নিৰ্বাচনৰ লগতে ২০২৬ৰ নিৰ্বাচনৰ বাবে এতিয়াৰে পৰাই কৌশল প্ৰস্তুত কৰিব কংগ্ৰেছে । অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এই ৰণকৌশলৰ বাবে দলীয় নেতা-কৰ্মীৰ পৰা বিচাৰিব মতামত ।

Meeting in Rajib Bhawan
অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ সভা (Social Media)
author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 2:23 PM IST

গুৱাহাটী, ১৫ জুলাই : লোকসভা নিৰ্বাচনৰ পিচতেই পুনৰ প্ৰাণ পাই উঠিছে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনে । বিধানসভাৰ উপ-নিৰ্বাচনৰ লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছ ৷ সেইবাবে ব্যস্ত হৈ পৰিছে দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱন ।

এই উদ্দেশ্য় আগত ৰাখিয়েই সোমবাৰৰ পৰা অহা ১৭ জুলাইলৈ পৃথকে পৃথকে প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীৰে বৈঠকত মিলিত হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং । লোকসভা নিৰ্বাচনৰ বাবে খালী হোৱা বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচ সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ সৈতেও বৈঠকত বহিব অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকী ।

Meeting in Rajib Bhawan
অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ সভা (Social Media)

অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে সোমবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি বিয়লি বৈঠকত কাৰ্যালয়ৰ বিষয়ববীয়াৰ লগতে বিহালী, চামগুৰি, বঙাইগাঁও, চিডলী আৰু ধলাই উপ নিৰ্বাচনৰ বাবে এ আই চি চিৰ সম্পদাক, চি এল পি নেতা, কাৰ্যকৰী সভাপতি, বিধায়ক আৰু সাংসদসকলৰ সৈতে মিলিত হ'ব ।

দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে জিতেন্দ্ৰ সিঙে সাংগঠনিক বৈঠকত মিলিত হ’ব । কাইলৈ অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত উজনি অসম, উত্তৰ অসম, মধ্য অসম, পাহাৰীয়া জিলা, বৰাক উপত্য়কা আৰু নামনি অসমৰ কংগ্ৰেছ কৰ্মীসকল উপস্থিত থাকিব ।

তৃতীয় দিনা অৰ্থাৎ বুধবাৰে সংসদীয় কমিটীৰ সদস্য, সাংসদ, বিধায়ক, ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী আৰু জ্যেষ্ঠ নেতাৰ সৈতে বৈঠকত মিলিত হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে ৷ তত্বাৱধায়কগৰাকীৰ সৈতে থাকিব অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাকে আদি কৰি দলীয় নেতৃবৃন্দ ৷

লগতে পঢ়ক:ৰাজীৱ ভৱনত বিজয় উৎসৱ : নৱ-নিৰ্বাচিত তিনি সাংসদক বিপুল সম্বৰ্ধনা - APCC victory celebration

অৱশেষত বিজেপি এৰিবলৈ সাজু অশোক শৰ্মা ! ৰাজীৱ ভৱন হ’ব পাৰে নতুন ঠিকনা - ASHOK SARMA READY TO RESIGN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.