ETV Bharat / state

ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰ'ছ ভোটিং কৰাসকল কেতিয়াবাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে : জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 5:59 PM IST

Cross voting in presidential election : ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ বিধায়কৰ ক্ৰ'ছ ভোট প্ৰসংগত পুনৰ সৰৱ কংগ্ৰেছ । এইবাৰ দলৰেই প্ৰাক্তন বিধায়কক সমালোচনা তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ ।

APCC in charge Jitendra Singh in Guwahati
অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং (ETV Bharat Assam)

গুৱাহাটী, ১৬ জুলাই: ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ বিধায়কৰ ক্ৰ'ছ ভোটৰ প্ৰসংগত মুখ খুলিছে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে । গুৱাহাটীৰ ৰাজীৱ ভৱনত মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত এ আই ইউ ডি এফৰ বিধায়কে কৰিছিল ক্র'ছ ভোটিং । আমাৰ যিকেইজন কংগ্ৰেছ বিধায়কে ক্র'ছ ভোট কৰিছিল তেওঁলোক এতিয়া আমাৰ দলত নাই । তেওঁলোক কেতিয়াবাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে ।"

ইপিনে, অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে আজিৰে পৰা আৰম্ভ হোৱা দলটোৰ তিনিদিনীয়া কাৰ্যসূচী সন্দৰ্ভত কয়," আজি ২০২৬ ৰ বিধানসভা নিৰ্বাচন আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সাতটা জ'নৰ লগত ৭খন বৈঠক অনুষ্ঠিত কৰা‌ হ'ব । কেনেকৈ কিদৰে বিজেপিৰ বিৰুদ্ধে যুঁজ কৰিম তাক লৈ ৰণনীতি প্ৰস্তুত কৰা হ'ব । সাতটা জ'নৰ নেতাসকলৰ পৰামৰ্শ গ্ৰহণ কৰা হ'ব ।" উল্লেখ্য যে অহা ১৭ জুলাইত প্রদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব ।

কংগ্ৰেছৰ তিনিদিনীয়া সাংগঠনিক বৈঠক আৰম্ভ

ইপিনে, ২০২৬ চনৰ বিধানসভা নির্বাচনক লক্ষ্য কৰি সাংগঠনিক কচৰ‍ৎ আৰম্ভ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তৎপৰতা আৰম্ভ কৰিছে । তত্ত্বাৱধায়ক জীতেন্দ্র সিঙৰ উপস্থিতিত আজিৰে পৰা দলটোৱে তিনিদিনীয়া কাৰ্যসূচীৰে পর্যালোচনা বৈঠক আৰম্ভ কৰিছে । ৰাজীৱ ভৱনত তেওঁ কালি পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নির্বাচন সম্পর্কীয় প্রথমখন বৈঠকত অংশগ্রহণ কৰে । প্ৰতিটো বিধানসভা সমষ্টি অনুসৰি পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হৈছে ।

এই বৈঠকত ৰাজ্যিক নেতৃবৰ্গৰ লগতে সংশ্লিষ্ট সমষ্টিটোৰ জিলা কংগ্ৰেছৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি, বিগত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী, প্রাক্তন বিধায়ক, সমষ্টিটোৰ অন্তৰ্ভুক্ত হৈ থকা সংসদীয় সমষ্টিৰ সাংসদ, প্রাক্তন সাংসদ আদিয়ে অংশগ্রহণ কৰিছে । আজি দলৰ উজনি অসম, উত্তৰ অসম, মধ্য অসম, পাহাৰীয়া জিলা, বৰাক উপত্যকা, নামনি অসম আৰু বি টি আৰ মণ্ডলৰ সুকীয়াকৈ সাংগঠনিক সভা অনুষ্ঠিত হয় ।

লগতে পঢ়কডাবল ইঞ্জিনৰ চৰকাৰতো বাদেই, অসমত ছিংগল ইঞ্জিনো নাই: জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh

উপ-নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতৰ লক্ষ্য়ৰে তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ মাৰাথন বৈঠক - APCC in charge Jitendra Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.