গুৱাহাটী, ২১ ফেব্ৰুৱাৰী : দলীয় অনুশাসন ভংগ কৰা সকলৰ ক্ষেত্ৰত লগে লগে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰদেশ কংগ্ৰেছে গঠন কৰিছে দ্ৰুত সঁহাৰি দল তথা কুইক ৰেচপন্স টিম (Quick response team)। প্ৰদেশ কংগ্ৰেছত শেহতীয়াকৈ দেখা দিয়া পৰিস্থিতিৰ বাবেই এই টীমটো গঠন কৰা হৈছে ।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খাড়েৰ নিৰ্দেশনা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই দ্ৰুত সঁহাৰি দলটো গঠন কৰি দিছে । এই দলটোত আছে বিধায়ক ভৰত চন্দ্ৰ নৰহ, প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী প্ৰণতি ফুকন, বিধায়িকা শিৱামণি বৰা, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৱজ্যোতি তালুকদাৰ, এ পি চি এছ ডিৰ সভাপতি দীপ বায়ন, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক গোপাল শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছ মুখপাত্ৰ আব্দুল আজিজ ।
আঠজনীয়া এই দলটোৱে দলৰ যিকোনো জৰুৰী পৰিস্থিতিত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব । তদুপৰি যথাযথ নিৰ্দেশনা অনুসৰি যিকোনো সংঘাত নাইবা বিতৰ্কজনক পৰিস্থিতিত তৎকালীনভাৱে সঁহাৰি জনাব এই দ্ৰুত সঁহাৰি দলটোৱে ।
আনহাতে প্ৰদেশ কংগ্ৰেছ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীক দলটোৱে প্ৰাসংগিক ৰাজ্যিক বিষয়সমূহৰ ওপৰত প্ৰয়োজনীয় অন্তৰ্দৃষ্টি প্ৰদান কৰিব । উল্লেখ্য যে, শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছত ব্যাপক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে । আভ্যন্তৰীন কন্দলত নিমজ্জিত হৈ পৰা দলটোত এতিয়া অস্থিৰতাই বিৰাজ কৰিছে ।
দলৰ বিৰুদ্ধে গৈ কেবাজনো বিধায়কে চৰকাৰক মুকলিকৈ সমৰ্থন জনোৱাৰ উপৰি কেইবাজনো বিধায়ক আৰু সাংসদে পৰস্পৰে পৰস্পৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । দলত দেখা দিয়া এই অস্থিৰ পৰিস্থিতিৰ বাবেই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দিল্লীলৈ তলব কৰিছিল । নেতৃত্বই অসমৰ পৰিস্থিতিৰ বুজ লৈ কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছিল । তাৰেই আধাৰত এই দ্ৰুত সঁহাৰি দল গঠন কৰা হৈছে ৷
ইফালে ভূপেন বৰায়ো দলৰ অনুশাসন ভংগ কৰা সকলক কঠোৰ সকিয়নী প্ৰদান কৰিছে । লক্ষ্মণ ৰেখা অতিক্ৰম নকৰাৰ বাবে দলৰ সকলোকে আহ্বান জনাইছে ভূপেন বৰাই ।
লগতে পঢ়ক : অসমত কংগ্ৰেছৰ খহনীয়াক লৈ উদ্বিগ্ন হাইকামাণ্ড; দিল্লীত ভূপেন বৰা-দেৱব্ৰত শইকীয়া