ETV Bharat / state

শিলচৰ এনআইটিৰ প্ৰাক্তন বাংলাদেশী ছাত্ৰৰ বিৰুদ্ধে গোচৰ - Anti India Facebook post

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 8:20 AM IST

Anti India Facebook post: ভাৰতীয়ক নাগৰিকক উদ্দেশ্যি অপমানজনক ফেচবুক পোষ্ট এজন বাংলাদেশী যুৱকৰ । শিলচৰ এনআইটিৰ প্ৰাক্তন ছাত্ৰ আছিল শ্বাহাদত হুছেইন আলপি নামৰ যুৱকজন । বজৰং দলে এজাহাৰ দাখিল কৰিছে ।

Anti India Facebook post
শিলচৰ এনআইটিৰ প্ৰাক্তন বাংলাদেশী ছাত্ৰৰ বিৰুদ্ধে গোচৰ (ETV Bharat)

শিলচৰ,২৭ আগষ্ট : এজন বাংলাদেশী যুৱকৰ বিৰুদ্ধে গৰজি উঠিল হিন্দুত্ববাদী সংগঠন বজৰং দল । ভাৰত বিদ্বেষী মন্তব্য কৰাৰ বাবেই বাংলাদেশী যুৱকজনৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ । শিলচৰ এনআইটিৰ প্ৰাক্তন ছাত্ৰ আছিল বাংলাদেশী যুৱকজন ।

বাংলাদেশী যুৱকৰ ভাৰত বিদ্বেষী পোষ্ট

বাংলাদেশী যুৱকজনে সামাজিৰ মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছিল । য'ত লিখা আছিল,"Dogs and Indians are not allowed"। অৰ্থাৎ যুৱকজনে ভাৰতীয়ক কুকুৰৰ লগত তুলনা কৰি সামাজিক মাধ্যমত ভাৰত বিদ্বেষী পোষ্ট কৰে । ইফালে শ্বাহাদত হুছেইন আলপি নামৰ এই যুৱকজন বাংলাদেশৰ বাসিন্দা যদিও শিলচৰ এনআইটিৰ এগৰাকী প্ৰাক্তন ছাত্ৰ । যাৰবাবে যুৱকজনৰ এনে নিকৃষ্ট কাণ্ডক লৈ শিলচৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । যুৱকজনে ফেচবুকত শ্বেয়াৰ কৰা পোষ্টটো ভাইৰেল হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ভাৰতত শিক্ষাগ্ৰহণ কৰি যোৱা এজন ছাত্ৰই ভাৰত আৰু ভাৰতীয়ৰ বিৰুদ্ধে এনে মন্তব্য কৰাৰ সাহস ক'ত পালে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে ।

শিলচৰ এনআইটিৰ প্ৰাক্তন ছাত্ৰৰ নিকৃষ্ট কাণ্ড

জানিব পৰা মতে বাংলাদেশৰ ঢাকা নিবাসী যুৱকজনে প্ৰায় দুমাহ পূৰ্বে শিলচৰ এনআইটিৰ পৰা শিক্ষাগ্ৰহণ কৰি গৈছিল । কিন্তু সোমবাৰে শিলচৰ এনআইটিৰ এই প্ৰাক্তন বাংলাদেশী ছাত্ৰজনৰ ফেচবুক পোষ্টটো দেখাৰ পিচতে বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । দীৰ্ঘদিন ভাৰতত থাকি, শিলচৰ এনআইটিৰ দৰে দেশৰ আগশাৰীৰ এখন শিক্ষানুষ্ঠানত পঢ়া-শুনা কৰি বাংলাদেশী ছাত্ৰজনৰ এনে ভাৰত বিদ্বেষী মনোভাৱ মানি ল'ব পৰা নাই । সেয়েহে বাংলাদেশী যুৱকজনৰ বিৰুদ্ধে শিলচৰ গুংগুৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে বজৰং দলৰ সদস্যসকলে ৷

লগতে পঢ়ক :তিনি বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰত্যাহ্বান মাজত থাকি কাম কৰিছে : ৰূপজ্যোতি কুৰ্মী - MLA Rupjyoti Kurmi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.