ETV Bharat / state

এঘৰীয়া কৰিব ড্ৰাগছত জড়িত পৰিয়ালক : ৰাজহুৱা কবৰস্থানত কবৰস্থ নকৰাৰ সিদ্ধান্ত - Drugs Awareness Programme - DRUGS AWARENESS PROGRAMME

Anti Narcotics Awareness Meeting : নিচাজাতীয় দ্ৰব্য বিৰোধী সজাগতা সভাত ৰাইজে ল'লে কঠোৰ সিদ্ধান্ত । সকীয়ালে সমাজবিৰোধী চক্ৰক । ৰাইজে অংশগ্ৰহণ নকৰে জানাজাৰ নামাজত ।

Anti Narcotics Awareness Meeting
ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 11:27 AM IST

ধিং, ৬ ছেপ্টেম্বৰ : নিচামুক্ত সমাজ গঢ়াৰ বাবে সংকল্প । সমাজত দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছৰ লগতে নিচাজাতীয় দ্ৰব্য়ৰ প্ৰচলনৰ বিৰুদ্ধে এইবাৰ এটা সংখ্য়ালঘু অধ্য়ুষিত অঞ্চলৰ ৰাইজে ল'লে এই সংকল্প । ৰাইজৰ ড্ৰাগছ তথা নিচা সেৱনকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি সকীয়েলে সমাজবিৰোধী চক্ৰক ।

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা (ETV Bharat Assam)

এই অঞ্চলটোৰ সচেতন ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্য়ে আয়োজন কৰা সভাত গ্ৰহণ কৰিলে কেইবাটাও সিদ্ধান্ত । ড্ৰাগছ আসক্ত লোকৰ জানাজাৰ নামাজ আৰু ৰাজহুৱা কবৰস্থানত কবৰস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ড্ৰাগছ আসক্ত লোকৰ জানাজাৰ নামাজ আৰু ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰা নহয় বুলি মৈৰাবাৰীত জমিয়ত উলমা-ই হিন্দৰ কঠোৰ সিদ্ধান্ত ।

ধিং সমষ্টিৰ মৈৰাবাৰী অঞ্চলটোত ড্ৰাগছ সৰবৰাহকাৰী আৰু আসক্তৰ সংখ্যা বৃদ্ধি হৈছে । লগতে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ দৈনিক বৃদ্ধি পাই আহিছে । বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগত জড়িত অপৰাধীসকলে ইটোৰ পাছত সিটো দুষ্কাৰ্য সংঘটিত কৰি আহিছে । আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত অভিযান চলাই বহু ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰি আহিছে যদিও ইয়াৰ প্ৰকোপ হ্ৰাস পোৱা নাই । ফলত ৰাইজ অতিষ্ঠ হৈ পৰিছে ।

  • সামাজিকভাৱে এঘৰীয়া কৰিব ড্ৰাগছত জড়িত পৰিয়ালক

মৈৰাবাৰীৰ ৰাইজৰ লগতে জমিয়ত উলেমা-ই হিন্দে ড্ৰাগছৰ লগত জড়িত লোকক সামাজিকভাৱে বৰ্জন কৰাৰ লগতে জানাজাৰ নামাজত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এতিয়াৰে পৰা ড্ৰাগছ বা অন্যান্য অবৈধ ব্যৱসায়ৰ লগত জড়িত লোকক সামাজিক বাবে বৰ্জন কৰা হ'ব । ৰাজহুৱা কবৰস্থানত কবৰ নিদিয়া, জানাজা নামাজত অংশ নোলোৱাৰ লগতে ড্ৰাগছৰ লগত জড়িত সেইখন ঘৰকো সামাজিকভাৱে এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে মৈৰাবাৰীৰ ৰাইজে ।

মৈৰাবাৰী জামিয়া ইছলামীয়া দাৰুল উলুম,মাদ্ৰাছাত মৰিগাঁও জিলা জমিয়ত উলামাই বৃহস্পতিবাৰে সমাজ সংস্কাৰৰ উদ্দেশ্যি অনুষ্ঠিত কৰে এখন সমাজ সংস্কাৰ সভা । সভাখনত মৈৰাবাৰীৰ বিভিন্ন অঞ্চলত সহজলভ্য হৈ পৰা মাৰাত্মক ড্ৰাগছৰ কবলৰ পৰা নৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ সৰ্বসন্মতি ক্ৰমে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

  • ড্ৰাগছৰ বিৰুদ্ধে চলোৱা হ'ব সজাগতা

সভাখনত মছজিদে মছজিদে সজাগতাৰ উদ্দেশ্যে আলোচনা আৰু বেনাৰ আঁৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । মৈৰাবাৰীৰ প্ৰতিটো এলেকাত সমাজ সংস্কাৰ কমিটী গঠন কৰি ড্ৰাগছৰ বিৰুদ্ধে চলোৱা হ'ব সজাগতা । মৰিগাঁও জিলা জমিয়তৰ সভাপতি মুফতি মতলেবুৰ ৰহমানৰ সভাপতিত্ব আয়োজিত সভাত অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে ।

মৈৰাবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাসও সভাত উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায় । এই সভাত অঞ্চলটোৰ বহুকেইজন শিক্ষক, মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সভাপতি মেহবুব মুক্তাৰ, সমাজকৰ্মীকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিৰ লগতে অঞ্চলটোৰ প্ৰত্যেকটো মছজিদৰ ইমাম, মছজিদ কমিটীৰ সভাপতি-সম্পাদক উপস্থিত থাকে ।

লগতে পঢ়ক:সজাগতা সভাই মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে : আৰক্ষী বিষয়া সঞ্জীৱ ফুলকোঁৱৰ

দেশত কাৰ্যকৰী হোৱা ৩ অপৰাধমূলক আইন সন্দৰ্ভত তিনিচুকীয়াত সজাগতা সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.