ETV Bharat / state

কোকৰাঝাৰ লোকসভা সমষ্টি : ১২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত কোন যাব দিল্লীলৈ - lok sabha election 2024 - LOK SABHA ELECTION 2024

Kokrajhar LS Constituency Analysis : কোকৰাঝাৰত অৱতীৰ্ণ সম পৰ্যায়ৰ কেইবাজনো নেতা । যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব নিৰ্বাচনী যুঁজ । অবড়োৰ বৃহৎ সমর্থনত দুবাৰকৈ সাংসদ হৈছে নৱ কুমাৰ শৰণীয়া । জাতিগত প্ৰমাণ-পত্ৰৰ খেলিমেলিৰ বাবে এইবাৰ প্রার্থিত্বৰ পৰা বঞ্চিত নৱ কুমাৰ শৰণীয়া । এইবাৰ বিভক্ত হৈছে অবড়ো । বড়োসকলৰো ভোট বিভাজনৰ সম্ভাৱনা । মিত্ৰজোঁটত থাকিলেও ভিতৰি ভিতৰি অসন্তুষ্ট হৈ আছে বিজেপিৰ একাংশ নেতা-কর্মী ।

Kokrajhar LS Constituency Analysis
কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিশ্লেষণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 7:24 PM IST

গুৱাহাটী, ৩ মে' : ৰাজ্যৰ চাৰিটা লোকসভা সমষ্টি কোকৰাঝাৰ, গুৱাহাটী, বৰপেটা আৰু ধুবুৰীত অহা ৭ মে'ত অনুষ্ঠিত হ'ব তৃতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন । তৃতীয় পৰ্যায়ৰ ভোট যুদ্ধৰ বাবে আন সমষ্টিৰ লগতে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১নং কোকৰাঝাৰ সমষ্টিৰ নির্বাচনী যুঁজখনো যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে । সমষ্টিটোত কেইবাজনো সমপৰ্যায়ৰ নেতা অৱতীৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী যুঁজখন যথেষ্ট প্ৰত্যাহ্বানমূলক হোৱাটো নিশ্চিত হৈ পৰিছে । কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা ‌আগবঢ়াইছে মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে । তেওঁলোক হৈছে :

  1. বিপিএফৰ খাম্ফা বৰগয়াৰী
  2. ইউপিপিএলৰ (বিজেপি মিত্ৰজোঁট) জয়ন্ত বসুমতাৰী
  3. কংগ্ৰেছৰ গৰ্জন মুছাহাৰী
  4. গণ সুৰক্ষা পাৰ্টীৰ বিনীতা ডেকা
  5. অবড়ো সুৰক্ষা সমিতিৰ সমর্থিত নির্দলীয় প্রার্থী জ্যোতিষ (জোন) দাস
  6. তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়া
  7. ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ ললিত পেগু
  8. নিৰ্দলীয় প্ৰাৰ্থী অজয় নাৰ্জাৰী
  9. নিৰ্দলীয় প্ৰাৰ্থী তৃপ্তিনা ৰাভা
  10. নিৰ্দলীয় প্ৰাৰ্থী পংকজ ইছলাৰী
  11. নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ
  12. নিৰ্দলীয় প্ৰাৰ্থী ৰঞ্জন কুমাৰ ব্ৰক্ষ্ম

ভোটযুদ্ধলৈ মাজত মাত্র তিনিটা দিন বাকী যদিও কোকৰাঝাৰ সমষ্টিটোত এইবাৰ কাৰ কাৰ মাজত মূল ৰণখন হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

* সমষ্টিটোত ২০১৪ চনত নিৰ্দলীয় প্রার্থী নৱ কুমাৰ শৰণীয়াই অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ।

* তেওঁ ৬,৩৪,৪২৮টা ভোট লাভ কৰিছিল ।

* ২০১৯ চনতো নৱ কুমাৰ শৰণীয়াই ৪৮৪,৫৬০টা ভোট লাভ কৰি সমষ্টিটোৰ পৰা দ্বিতীয়বাৰৰ বাবে জয়ী হয় ।

* তেওঁৰ প্ৰতিদ্বন্দ্বী বিপিএফৰ প্রার্থী প্ৰমিলাৰাণী ব্ৰহ্মই লাভ কৰিছিল ৪,৪৬,৭৭৪টা ভোট ।

* ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই লাভ কৰিছিল ৩,১২,৪৩৫টা ভোট ।

উল্লেখ্য যে ২০১৪ আৰু ২০১৯ চনত বিটিআৰ অঞ্চলত অবড়োসকলে সন্মুখীন হৈ অহা সমস্যাৰ বিপৰীতে এজন অবড়ো সমৰ্থিত প্ৰাৰ্থী আছিল নৱ কুমাৰ শৰণীয়া । বিভিন্ন অবড়ো সংগঠনৰ পূৰ্ণ সমর্থন আছিল শৰণীয়ালৈ । ইপিনে কোকৰাঝাৰ সমষ্টিটো বিটিআৰ অঞ্চলৰ অধিকাংশ সামৰি গঠিত হৈছে যদিও ইয়াত বড়ো ভোটাৰৰ সংখ্যা ৪০ শতাংশতকৈও কম ।

গতিকে অবড়োৰ বৃহৎ সমর্থনত নৱ কুমাৰ শৰণীয়াই যথেষ্ট ব্যৱধানত জয়লাভ কৰিছিল । কিন্তু পূৰ্বৰ পৰিৱেশ এতিয়া সলনি হৈছে । নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে শেহতীয়াকৈ সমষ্টিটোত বলিছে প্রতিষ্ঠান-বিৰোধী ঢৌ । উল্লেখ্য যে সমষ্টিটোৰ পৰা এইবাৰ নৱ কুমাৰ শৰণীয়াই জাতিগত প্ৰমাণ-পত্ৰৰ খেলিমেলিৰ বাবে প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাত সাংসদগৰাকীৰ নেতৃত্বত গঠিত ৰাজনৈতিক দল গণ সুৰক্ষা পার্টীয়ে প্রার্থিত্ব দিছে বিনীতা ডেকাক । কিন্তু বিনীতা ডেকা নতুন মুখৰ ।

আনহাতে, বিনীতা ডেকা সমষ্টিৰ বাহিৰৰ তথা ৰাইজৰ অপৰিচিত হোৱা বাবে সমষ্টিটোৰ গৰিষ্ঠসংখ্যক অবড়ো জনতাই এইবাৰ মুকলি সমর্থন আগবঢ়াইছে অবড়ো সুৰক্ষা সমিতিৰ প্রক্ষেপিত প্রার্থী তথা যুৱ নেতা জ্যোতিষ (জোন) দাসক । আনহাতে, যোৱাবাৰ নৱ কুমাৰ শৰণীয়াক সমর্থন কৰা একাংশয়ো এইবাৰ জোন দাসৰ সমৰ্থনত থিয় দিছে । আনহাতে, কিছুদিন পূর্বে ষড়যন্ত্রমূলকভাৱে বিটিচি পৰিষদৰ পৰা ঘনশ্যাম দাসৰ কাৰ্যবাহী সদস্য পদ কৰ্তন কৰা কাৰ্যৰ প্ৰত্যুত্তৰ হিচাপেও একাংশ সচেতন অবড়ো ৰাইজৰ ভোট জ্যোতিষ (জোন) দাসৰ পক্ষলৈ অহাৰ সম্ভাৱনা আছে ।

ইতিমধ্যে বাকপটু নির্দলীয় প্রার্থীগৰাকীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তর্গত বিধানসভা সমষ্টিকেইটাত জোৰদাৰ প্ৰচাৰ চলাই আছে । বিশাল নির্বাচনী সভাৰ সলনি অলিয়ে-গলিয়ে, বজাৰে-সমাৰে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে । ইপিনে বিটিআৰ বা বড়ো অধ্যুষিত অঞ্চলত শক্তিশালী দল হিচাপে বিবেচিত হৈ আহিছে বিপিএফ । দলটোৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰো আছে এক শক্তিশালী ভেটি । বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপেও সকলোৰে পৰিচিত ব্যক্তি খাম্ফা বৰগয়াৰী ।

আনহাতে, বিজেপি মিত্রদল ইউপিপিএলৰ প্ৰাৰ্থী তথা চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ সমৰ্থনত সমষ্টিটোত দিনে-নিশাই প্ৰচাৰ অব্যাহত ৰাখিছে শাসকীয় দলটোৱে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, কেন্দ্রীয় মন্ত্রী, মুখ্যমন্ত্রী, সাংসদকে ধৰি কেইবাগৰাকী ষ্টাৰ কেম্পেইনাৰে মাৰাথন প্ৰচাৰ চলাই কোকৰাঝাৰ লোকসভা সমষ্টিত বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ বাবে ব্যাপক ৰণকৌশল অৱলম্বন কৰিছে । এক কথাত কোকৰাঝাৰ সমষ্টিক লৈ বৃহৎ ব্যৱধানত জয়ী হোৱাটো বিটিচি প্রধান প্রমোদ বড়ো তথা ইউপিপিএলৰ বাবে সন্মানৰ কথা হৈ পৰিছে ।

মিত্ৰজোঁটৰ প্রার্থী জয়ন্ত বসুমতাৰীয়ে যাতে অভিলেখ সৃষ্টি কৰি জয়ী হ'ব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সুকীয়া ৰণ কৌশলো প্ৰস্তুত কৰি উলিয়াইছে ইউপিপিএলে । ইফালে বিপিএফৰ প্ৰাৰ্থীগৰাকীৰ বিৰামহীন ব্যাপক প্ৰচাৰে ইউপিপিএলক কিছু পৰিমাণে হ'লেও চিন্তাত পেলাইছে । এনে পৰিস্থিতিত দলটোৰ সভাপতি তথা বিটিচি প্রধান প্রমোদ বড়োৱে কোকৰাঝাৰত যাতে দলীয় প্রার্থীগৰাকীক অভিলেখসংখ্যক ভোটত জয়ী কৰাব পাৰে তাৰ বাবে উঠি-পৰি লাগিছে ।

কিন্তু এইবাৰ সমষ্টিটোত সংখ্যাগৰিষ্ঠতা নোহোৱা বড়ো ৰাইজৰ ভোট বিভাজন হোৱাৰ ফলত বিপিএফৰ খাম্ফা বৰ্গয়াৰী আৰু ইউপিপিএলৰ জয়ন্ত বসুমতাৰী দুয়োগৰাকী প্ৰাৰ্থীয়ে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে । তদুপৰি কংগ্ৰেছকে ধৰি সমষ্টিটোত আছে আৰু আন কেইবাগৰাকীও প্রার্থী । তেওঁলোকৰ প্ৰায়কেইগৰাকী বড়ো সম্প্ৰদায়ৰ । তেওঁলোকে জয়ী হ'ব নোৱাৰিলেও একপ্ৰকাৰ পানী ঘোলা কৰাটো নিশ্চিত । যাৰ বাবে বহুধা বিভক্ত হ'ব পাৰে বড়ো ৰাইজৰ ভোট ।

ইফালে বিটিচি পৰিষদত ইউপিপিএলেৰে মিত্ৰজোঁটত থাকিলেও ভিতৰি ভিতৰি অসন্তুষ্ট হৈ আছে বিজেপিৰ একাংশ নেতা-কর্মী । সমষ্টিটোত বড়ো ভোটৰ উপৰি অবড়ো ভোটৰ বিভাজন হোৱাৰ ফলত কোন বেছি লাভৱান হ'ব সেয়া সময়তহে জানিব পৰা যাব । কোকৰাঝাৰত অবড়োসকলৰ এক শক্তিশালী সংগঠন 'অবড়ো সুৰক্ষা সমিতি'য়ে যোৱাবাৰ নৱ কুমাৰ শৰণীয়াক পূর্ণ সমর্থন দিছিল যদিও এইবাৰ দুভাগত বিভক্ত হৈছে সংগঠনটো ।

‘অবড়ো সুৰক্ষা সমিতি'ৰ এটা ভাগে সমর্থন দিছে গণ সুৰক্ষা পাৰ্টীৰ বিনীতা ডেকাক আৰু আন এটা গোটে সমর্থন দিছে জ্যোতিষ (জোন) দাসক । ইফালে সমষ্টিটোত নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰো আছে জনপ্ৰিয়তা । তেনেস্থলত এইবাৰ কোকৰাঝাৰত ১২ গৰাকী প্ৰাৰ্থীৰ মাজত কোনে শেষ হাঁহি মাৰি দিল্লীলৈ যাব সেয়া ফলাফলতহে জানিব পৰা যাব ।

লগতে পঢ়ক : গুৱাহাটীত জাতীয় বিদ্যালয়ৰ অভিভাৱকৰে পোনপটীয়া মত-বিনিময় মীৰা বৰঠাকুৰৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.