ETV Bharat / state

আইতাগৰাকীৰ ভোটটোহে বহুমূলীয়া, জীৱনটো নহয় ! নেতাই কিয় কেৰাহীকেও নাচায় ? - Deprived from govt scheme

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 10:26 PM IST

Decrepit house of an elderly woman: নেতা আহে, নেতা যায় ৷ আইতাগৰাকীৰ ঘৰখনলৈহে চকু নাযায় কাৰো ৷ আজিকালি গোহালিও বহুত উন্নত হ’ল আইতাগৰাকী থকা ঘৰখনতকৈ ৷ নেতাৰ ভাষণে লাজ পাবলগীয়া এটা বাতৰি আহিছে যোৰহাটৰ পৰা...

Decrepit house of an elderly woman
আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী বৃদ্ধাৰ কাহিনী (ETV Bharat Assam)

যোৰহাট, 11 জুন: ‘‘ভৱেন্দ্ৰ নাথ ভৰালীক হাতীৰ চিনত ভোট দি জয়যুক্ত কৰক’’ বুলি লিখা এখন বেনাৰহে পালে আইতাগৰাকীয়ে ৷ তাকে ঘৰখনত আঁৰি থৈছে ৷ নিৰ্বাচনৰ পূৰ্বে ভোট বিচাৰি বিধায়কসকল ৰাইজৰ কাষলৈ যিমানবাৰ যায়, তাতকৈও বেছি আইতাগৰাকীয়ে ঘৰ এটা বিচাৰি জনপ্ৰতিনিধিৰ ওচৰলৈ গ’ল ৷ তথাপিও আইতাগৰাকী বঞ্চিত হৈয়েই থাকিল চৰকাৰী ঘৰ এটাৰ পৰা ৷

আইতাগৰাকীৰ ঘৰ যোৰহাটত ৷ থাকে ওপৰলৈ চালেই আকাশ দেখা এখন টিনৰ চালিৰ তলত ৷ ঘৰৰ নামত চাৰিবেৰত কিছু ভগা টিনপাত ৷ শোৱে কাঠৰ তক্তা দুচলামানত ৷ ঘৰখনৰ সামগ্ৰিক পৰিৱেশটো গোহালীতকৈ কোনোগুণে কম ভাল নহয় ৷ কথা ক’লে শুনিয়েই থাকিবলৈ মন যোৱা আইতাগৰাকীৰ নাম মাজনী মুদৈ ৷

উত্তৰ-পশ্চিম যোৰহাট ঢেঁকৰগঢ়া উন্নয়নখণ্ডৰ অন্তৰ্গত ৪৩ নং ঢেঁকৰগঢ়া গাঁও পঞ্চায়ত অধীনৰ বৈৰাগী চুকত হোৱা উন্নয়ন(?)ৰ বাতৰি এইটো ৷ মানুহ, জন্তু সকলো থকা অনুপযোগী ঘৰখনত মাজনী মুদৈ নামৰ বৃদ্ধাগৰাকীয়ে যিটো জীৱন যাপন কৰি আছে জীৱনৰ বিয়লি বেলাত, সেয়া দেখিলে চকু সেমেকি উঠিব জনপ্ৰতিনিধিৰ বাদে সকলোৰে ৷

চৰকাৰ, প্ৰশাসন তথা জনপ্ৰতিনিধিসকলৰ দায়িত্বহীনতাৰ বাবে দীৰ্ঘদিন ধৰি গোহালীসদৃশ পৰিৱেশটোত জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে বৃদ্ধাগৰাকীয়ে । এটা চৰকাৰী গৃহৰ বাবে বৃদ্ধাগৰাকীয়ে সংশ্লিষ্ট বিভাগক বহুবাৰ আবেদন-নিবেদন কৰিলে যদিও গুৰুত্ব লাভ নকৰিলে । ভাষণত যথেষ্ট উন্নয়নৰ কথা কোৱা জনপ্ৰতিনিধিসকলৰ দৃষ্টিত নপৰিল এগৰাকী বৃদ্ধা ভোটাৰৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনীটো ।

ডাবল ইঞ্জিন চৰকাৰখনে মাজনি মুদৈক কেৱল বৃদ্ধ পেন্সন আঁচনিত নাম অন্তৰ্ভুক্ত কৰি বাকী সকলো আঁচনিৰ পৰা বঞ্চিত কৰি অহাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে । বৃদ্ধাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিভিন্ন সময়ত প্ৰশাসনৰ লোক ঘৰখনত উপস্থিত হৈ অভিলাসী আঁচনিবোৰৰ কথা কৈ আহিছে ৷ কিন্তু যেতিয়া বৃদ্ধাগৰাকীয়ে জৰাজীৰ্ণ গৃহটোৰ কথা কয়, তেতিয়া চৰকাৰী গৃহ লাভ নকৰে বুলিহে জনায় । কিন্তু বৃদ্ধাগৰাকীয়ে চৰকাৰী গৃহ কিয় লাভ কৰিবলৈ সক্ষম নহয় সেয়া এক ৰহস্যৰ বিষয় হিচাপে বিবেচিত হৈছে ৰাইজৰ মাজত ।

ইফালে এটুপী বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিছে বৃদ্ধাগৰাকীয়ে ৷ বৃদ্ধাগৰাকীয়ে সমীপৰ কোনো লোকৰ গৃহৰ দমকল অথবা বাসগৃহৰ কাষতে থকা এটা কুৱাৰ পৰা পানী আনি সেৱন কৰি আহিছে ৷ বিজুলী সংযোগ বহু দূৰৈৰ কথা ৷

এটা ভগা জুপুৰীত বোকা-পানীৰ মাজত জীৱন অতিবাহিত কৰা মাজনী মুদৈক চৰকাৰ তথা প্ৰশাসনে অকণমান সহায়ৰ হাত আগবঢ়াই সকাহ দিবলৈ সময় পাবনে ? নে জীৱনৰ বাকী দিনকেইটাও এনেদৰেই জীৱন অতিবাহিত কৰিবলৈ বাধ্য হ'ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.