ETV Bharat / state

চলন্ত অ’টোত ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা চলোৱা অ’টো চালক বদৰুজামান ফাৰুকক আটক - Attempt To Molest Student

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 11:13 AM IST

Assam University in Silchar: দেশজুৰি ধৰ্ষণ-হত্য়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত । ইয়াৰ মাজতেই শিলচৰত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে । কি কাৰণে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে শিক্ষাৰ্থীয়ে ?

Assam University
ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টাৰ অভিযোগ (ETV Bharat Assam)

শিলচৰ, ২১ আগষ্ট : কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিবাদ অব্য়াহত থকাৰ সময়তেই এইবাৰ শিলচৰত অ’টো চালকৰ বিৰুদ্ধে অসম বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই ঘটনাৰ পিচতেই নিৰাপত্তাক লৈ চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।

উত্থাপিত অভিযোগ মতে,যোৱা ১৯ আগষ্টৰ সন্ধিয়া বিশ্ববিদ্যালয়ৰ পৰা এগৰাকী ছাত্ৰীয়ে অ’টোৰে ভাড়াঘৰলৈ যোৱাৰ সময়তেই এই ঘটনাটো সংঘটিত হয় । এই ঘটনাৰ পাছত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বদৰুজামান ফাৰুক নামৰ লম্পটটোক আটক কৰি গতালে আৰক্ষীক ।

ঘটনাটো কেনেকৈ সংঘটিত হ'ল ?

এজন অ’টো চালকে অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ শ্লীলতাহানিৰ চেষ্টা চলোৱা সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ এজন ছাত্ৰই কয়, "যি সয়ময়ত দেশত নাৰী সুৰক্ষাৰ দাবীত প্ৰতিবাদ চলি আছে সেই সময়ত শিলচৰত অসম বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ লগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । বিশ্ববিদ্যালয়ৰ পৰা অ’টোৰে নিজৰ ভাড়াঘৰলৈ যাওতেই অ’টোৰ ভিতৰত ছাত্ৰীগৰাকীৰ শ্লীলতাহানিৰ চেষ্টা চলায় চালকে । ইয়াৰ পাছত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বদৰুজামান ফাৰুক নামৰ লম্পটটোক আটক কৰি আৰক্ষীক গতাই দিয়ে ।"

এই ছাত্ৰজনে পুনৰ অভিযোগ উত্থাপন কৰি কয়, "১৯ আগষ্টৰ সন্ধিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী বিশ্ববিদ্যালয়ৰ মূল গেটৰ সম্মুখৰ পৰা এখন অ’টোত উঠে আইৰংমাৰাস্থিত ভাড়াঘৰলৈ যোৱাৰ বাবে । অটো চালকজনে ছাত্ৰীগৰাকীক অ’টোৰ পিছৰ ছিটত বহিবলৈ নিদি সম্মুখৰ ছিটটোত অৰ্থাৎ চালকৰ কাষত বহুৱাই লয় । অ’টোখন কিছুদূৰ যোৱাৰ পাছত চালকজনে ছাত্ৰীগৰাকীৰ লগত অভব্য আচৰণ আৰম্ভ কৰে ৷ আনকি ছাত্ৰীগৰাকীক লম্পট চালকেজনে পেণ্টৰ চেইন খুলি গোপনাংগ দেখুৱাবলৈ আৰম্ভ কৰে । চালকজনে এনে অশ্লীল আচৰণত কৰাত কোনোমতে অ’টোৰ পৰা নামি পলাই যায় ছাত্ৰীগৰাকীয়ে ।"

চালকৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰ :

এই ঘটনাৰ পাছত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনা বৰ্ণনা কৰি অসম বিশ্ববিদ্যালয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে । ইপিনে, এই ঘটনাৰ পাছত শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে লম্পট চালকক বিচাৰি অভিযান আৰম্ভ কৰে । যোৱা নিশা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বদৰুজামান ফাৰুকক আটক কৰি আৰক্ষীক গতাই দিয়ে । ধৃত চালকজনৰ ঘৰ কাছাৰৰ বাকিৰনগৰত ।

ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী :

এই ঘটনাটোক কেন্দ্ৰ কৰি অসম বিশ্ববিদ্যালয়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষসহ কাছাৰ জিলা প্ৰশাসনক দাবী জনাইছে শিক্ষাৰ্থীসকলে ।

লগতে পঢ়ক:জঘন্য কাণ্ড! যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰি গ্ৰেপ্তাৰ প্ৰাক্তন আছু কৰ্মী - Viral video of Narayanpur

হৰিদ্বাৰত বাতৰি পৰিৱেশিকাক আক্ৰমণ ! - News Anchor molestation

নাৰীক সুৰক্ষা প্ৰদানৰ দাবীত হাফলঙত শিক্ষাৰ্থীৰ প্ৰতিবাদী সমদল - Kolkata rape murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.