ETV Bharat / state

ৰাজ্যত গোপনে গঢ়ি উঠিছে নেকি ব্ৰইলাৰ মুৰ্গীৰ ছিণ্ডিকেট ? - Broiler Syndicate in Assam - BROILER SYNDICATE IN ASSAM

Broiler chicken syndicate: ৰাজ্যত অতি সংগোপনে ব্ৰইলাৰৰ নামতো এক ছিণ্ডিগেট গঢ়ি উঠাৰ অভিযোগ উত্থাপিত হৈছে । যি অভিযোগে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । উচিত তদন্তৰ জৰিয়তে ছিণ্ডিগেট বন্ধ কৰাৰ দাবী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ । সঁচাকৈয়ে ৰাজ্যত গঢ়ি উঠিছে নেকি ব্ৰইলাৰৰ ছিণ্ডিগেট ?

BROILER SYNDICATE IN ASSAM
ৰাজ্যত ব্ৰইলাৰৰ নামত ছিণ্ডিকেটৰ অভিযোগ (Getty images)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 6:56 PM IST

নগাঁও, 12 জুন : গৰু অথবা কয়লা ছিণ্ডিকেটৰ অভিযোগে প্ৰায়েই দখল কৰে বাতৰিৰ শিৰোনাম । শাসক-বিৰোধীৰ মাজতো গৰু, কয়লা ছিণ্ডিকেটক লৈ সৃষ্টি হয় বাকযুদ্ধৰ । কিন্তু শেহতীয়াকৈ ৰাজ্যৰ এটা প্ৰান্তত অতি গোপনে ব্ৰইলাৰৰ নামতো ছিণ্ডিকেট গঢ়ি উঠাৰ এটা বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে মধ্য অসম আৰু বৰাক ভেলীৰ ব্ৰইলাৰ ব্যৱসায়ী সন্থাই ।

ৰাজ্যত ব্ৰইলাৰৰ নামত ছিণ্ডিকেটৰ অভিযোগ (ETV Bharat Assam)

মঙলবাৰে নগাঁও চহৰত এখন সভা অনুষ্ঠিত কৰাৰ পিচতেই সংবাদ মাধ্যমক সম্বোধন কৰি ব্ৰইলাৰৰ নামত ডিমা হাছাও জিলাত এটা চক্ৰই ছিণ্ডিকেট গঢ়ি অবাধ হাৰত ধন সংগ্ৰহ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে । ব্ৰইলাৰ ব্যৱসায়ী সন্থাই উত্থাপন কৰা অভিযোগৰ পিচতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

ডিমা হাছাও জিলাত কোনে কিয় সংগ্ৰহ কৰে ধন ?

মধ্য অসম আৰু বৰাক ভেলীৰ ব্ৰইলাৰ ব্যৱসায়ী সন্থাই উত্থাপন কৰা অভিযোগ অনুসৰি ডিমা হাছাও জিলাত ব্ৰইলাৰ কঢ়িওৱা বাহন প্ৰৱেশ কৰাৰ সময়তে প্ৰতিখন বাহনৰ নামত এটা চক্ৰক দিব লাগে বৃহৎ পৰিমাণৰ ধন । ডিমা হাছাও জিলাৰেই স্থানীয় যুৱক বুলি পৰিচয় দিয়া চাৰিজন যুৱকৰ নেতৃত্বত এটা দলে প্ৰতিখন ব্ৰইলাৰভৰ্তি বাহনৰ পৰা সংগ্ৰহ কৰে 39 হাজাৰকৈ টকা ।

লগতে পঢ়ক: নগাঁৱৰ পৰা বৰাকলৈ যোৱা প্ৰতিখন ব্ৰইলাৰ সৰবৰাহী বাহনে দিব লাগে ৪০ হাজাৰকৈ টকা

পশু চিকিৎসকৰ প্ৰমাণপত্ৰ বিচৰাৰ নামত চক্ৰটোৱে প্ৰতিখন বাহনৰ পৰা 39 হাজাৰকৈ টকা আদায় লোৱাৰ অভিযোগ চক্ৰটোৰ বিৰুদ্ধে । এইক্ষেত্ৰত ব্যৱসায়ীসকলে কোম্পানীৰ পৰা দিয়া পশু চিকিৎসকৰ প্ৰমাণপত্ৰ দেখুওৱাৰ পিচতো পশু চিকিৎসকৰ প্ৰমাণপত্ৰৰ নামত ধন আদায় নিদিয়া ব্যৱসায়ীসকলক হাৰাশাস্তি কৰি থকাৰো অভিযোগ উত্থাপন কৰে ব্যৱসায়ীসকলে ।

দৈনিক কিমান ব্ৰইলাৰ ৰপ্তানি হয় বৰাকলৈ ?

মধ্য অসমৰ ব্ৰইলাৰ ব্যৱসায়ী সন্থাৰ সদস্যই ই টিভি ভাৰত অসমক জনোৱা মতে মধ্য অসমৰ পৰা দৈনিক 35 খনলৈকে ব্ৰইলাৰভৰ্তি বাহন যায় বৰাক ভেলীলৈ । ব্যৱসায়ীগৰাকীয়ে জনোৱা মতে দৈনিক প্ৰতিখন গাড়ীৰ পৰা 39 হাজাৰকৈ অৰ্থাৎ দৈনিক দহৰ পৰা পোন্ধৰ লাখ টকা সংগ্ৰহ কৰে চক্ৰটোৱে । এই তথ্যও জনাইছে ব্যৱসায়ী সন্থাৰ সদস্যই ।

অতিৰিক্ত ধন আদায় আৰু ব্ৰইলাৰ ব্যৱসায়ত প্ৰভাৱ :

মধ্য অসমৰ পৰা বৰাক ভেলীলৈ ব্ৰইলাৰ ৰপ্তানিৰ সময়ত ডিমা হাছাও জিলাত অতিৰিক্তভাৱে ধন আদায় দিয়াৰ ফলত বৰাক ভেলীত প্ৰতি কেজিত 20 টকাকৈ অধিক দামত বিক্ৰী কৰিবলগীয়া হয় ব্ৰইলাৰ । যাৰ ফল ভুগিব লাগে সাধাৰণ গ্ৰাহকে ।

লগতে পঢ়ক: আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত ছিণ্ডিকেট ! আলফা শিবিৰৰ পৰা দাবী মানসৰ

পাইকাৰী দাম অনুসৰি নগাঁৱৰ পৰা ৰপ্তানি কৰা ব্ৰইলাৰ বৰাক ভেলীত 140-145 টকাত বিক্ৰী কৰিব লাগে যদিও ডিমা হাছাও জিলাত 160-165 টকা প্ৰতি কেজিত বিক্ৰী কৰিব লাগে বুলিও জনায় ব্যৱসায়ী সন্থাৰ সদস্যই ৷ আনকি পাইকাৰী মূল্যত প্ৰতি কেজিত 20 টকা বৃদ্ধি কৰিবলগীয়া হোৱাত খুচুৰা ব্যৱসায়ীসকলেও অধিক মূল্যত ব্ৰইলাৰ বিক্ৰী কৰিব লাগে বুলিও জনায় ব্যসায়ী সন্থাই ।

লগতে পঢ়ক: অসমত কয়লা ছিণ্ডিকেট আৰম্ভ কৰা মানুহজনেই হ'ল প্ৰদ্যুৎ বৰদলৈ: পীযুষ হাজৰীকা

মঙলবাৰে ব্ৰইলাৰ ব্যৱসায়ী সন্থাই এই অভিযোগ উত্থাপন কৰাৰ পিচতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । এই সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মোছাব্বিৰ আলী আহমেদে । অবাধে ব্ৰইলাৰভৰ্তি বাহনৰ পৰা ধন সংগ্ৰহ সন্দৰ্ভত উত্থাপন হোৱা অভিযোগৰ তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে সংগঠনটোৱে ।

ব্ৰইলাৰৰ নামত ছিণ্ডিকেট আৰু তদন্তৰ দাবী উত্থাপন হোৱাৰ পিচত সকলো দুৰ্নীতি, ছিণ্ডিকেটৰ বিৰুদ্ধে শূন্যসহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক: বৰপেটা চিভিল হাস্পতালত ছিণ্ডিকেটৰাজৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.