ETV Bharat / state

চৰকাৰী কাৰ্যালয়ত মুকলিকৈ চলিছে বনধ্বংস যজ্ঞ: স্থানীয় দল-সংগঠনৰ ক্ষোভ প্ৰকাশ - Deforestation in Golaghat - DEFORESTATION IN GOLAGHAT

Golaghat Forest department : চৰকাৰী কাৰ্যালয়ত মুকলিকৈ বন ধ্বংস যজ্ঞ চলাৰ অভিযোগ । স্থানীয় দল-সংগঠনৰ ক্ষোভ প্ৰকাশ ৷ গোলাঘাটত বন বিভাগে জব্দ কৰে কাটি থোৱা অৱস্থাত বহু মূল্যবান গছ ৷

allegations of open destruction of forests in government offices in Golaghat
চৰকাৰী কাৰ্যালয়ত মুকলিকৈ চলিছে বনধ্বংস যজ্ঞ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 3:03 PM IST

গোলাঘাট, 28 জুন: বন বিভাগৰ ছত্ৰছায়াত একাংশ দুষ্ট চক্ৰই বন ধ্বংস যজ্ঞ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ গোলাঘাটত সংঘটিত হৈছে এই ঘটনা ৷ গছ কটাৰ প্ৰতিযোগিতাত একাংশ চৰকাৰী বিভাগ নামি পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় দল-সংগঠনে ।

স্থানীয় দল-সংগঠনৰ ক্ষোভ প্ৰকাশ (ETV Bharat Assam)

জানিব পৰা মতে, গোলাঘাটত অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত মূল্যবান সাঁচি গছকে ধৰি কেবাজোপা গছ কাটি তহিলং কৰিছে বিভাগীয় কৰ্তৃপক্ষই । বন বিভাগৰ অনুমতি নোলাৱাকৈয়ে চৰকাৰী কাৰ্যালয় চৌহদত থকা মূল্যবান গছ কাটি তহিলং কৰাৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে নিশাৰ ভাগত গোলাঘাটৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ কাৰ্যালয়ৰ চৌহদত থকা দুডাল মূল্যবান সাঁচি গছৰ লগতে আন কেইবাজোপা গছ কাটি তহিলং কৰিছে বিভাগটোৱে ।

লগতে পঢ়ক: উন্নয়নৰ বেদীত প্রাণাহুতি দিব মাজুলীৰ সহস্রাধিক বৃক্ষই - Deforestation in Majuli

বন বিভাগৰ কাৰ্যালয়ৰ নাতিদূৰৈতে থকা এই চৰকাৰী কাৰ্যালয়টোত থকা বহু মূল্যবান গছ কাটি পেলাইছে বিভাগীয় কৰ্তৃপক্ষই । এই খবৰ লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে গোলাঘাট বন বিভাগৰ বিষয়ববীয়া উক্ত কাৰ্যালয় চৌহদত উপস্থিত হৈ জব্দ কৰে গছসমূহ ।

লগতে পঢ়ক: গছ কাটিব যে নালাগে সেই শিক্ষা ক'ভিডে আমাক দিছে; বন ধ্বংসৰ বাবে অৰণ্য মানৱৰ দুখ - Jadav Payeng on planting trees

এই ঘটনাৰ পাচতে কোনো লিখিত অনুমতি নোলাৱাকৈ চৰকাৰী কাৰ্যালয়ত কেনেকৈ গছ কাটিলে বুলি সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেউজ বিপ্লৱৰ কথা কোৱাৰ সময়তে ভূমি সংৰক্ষণ সংমণ্ডলৰ কাৰ্যালয়ৰ এই বন ধ্বংস কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইফালে কাৰ্যালয় চৌহদত থকা দুডালকৈ মূল্যবান সাঁচি গছ কাটি ইতিমধ্যে এটা চক্ৰই বিক্ৰী কৰি ধন আত্মসাৎ কৰিছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে । ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত সংঘটিত হোৱা এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে গোলাঘাটত ।

লগতে পঢ়ক: দেশৰ ভিতৰতে বন ধ্বংসৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িলে অসমে - Deforestation in Assam

অমৃত বৃক্ষ আন্দোলনৰ গছবোৰ কি হ'ল ? আপৰ প্ৰশ্ন - AAP Assam opposes deforestation

আমগুৰিত দুস্কৃতিকাৰীৰ বন ধ্বংসযজ্ঞ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.