ETV Bharat / state

জীৱিকা সখীয়ে ধন আত্মসাৎ কৰাক লৈ উত্তাল গোলাঘাট - Allegation Against Jeevika Shakhi

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 7:49 PM IST

Jeevika Shakhi :হিতাধিকাৰীয়ে মাহে মাহে বেংকৰ কিস্তি পৰিশোধ কৰিবলৈ দিয়া ধন জমা নকৰি জীৱিকা সখীয়ে ভৰালে নিজৰ পকেটত । কোন এইগৰাকী জীৱিকা সখী ?

Jeevika Shakhi
জীৱিকা সখীয়ে ধন আত্মসাৎ কৰাক লৈ উত্তাল গোলাঘাট (ETV Bharat Assam)

গোলাঘাট, ২ আগষ্ট: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এগৰাকী জীৱিকা সখীয়ে জোলোকা জোলোকে পানী খুৱাইছে শ শ মহিলাক । আত্মসহায়ক গোটৰ মহিলাৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি এইগৰাকী জীৱিকা সখীয়ে আত্মসাৎ কৰিলে লাখ লাখ টকা । তিনি বছৰত ৩০ টা আত্মসহায়ক গোটৰ পৰা জীৱিকা সখীয়ে ১০ লাখ টকা আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিচতেই শুক্ৰবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । এই ঘটনাটো সংঘটিত হৈছে গোলাঘাট জিলাৰ কঠালগুৰি ব্লকত ।

জীৱিকা সখীৰ কাণ্ড (ETV Bharat Assam)

আজি ভুক্তভোগী মহিলাসকলে অভিযোগ উত্থাপন কৰি কয়," প্ৰাৰ্থনা পাচনী কোঁৱৰ নামৰ জীৱিকা সখী গৰাকীয়ে তেওঁলোকৰ এই ধনৰাশি স্বামীৰ সহযোগত কৌশলেৰে আত্মসাৎ কৰিছে । " এতিয়া গোলাঘাটৰ শ শ মহিলাৰ টোপনি নাইকীয়া কৰা জীৱিকা সখী বাইদেউৰ কৰ্মকাণ্ডই তোলপাৰ লগাইছে কঠালগুৰি ব্লক ।

কোন এই জীৱিকা সখী ?

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কঠালগুৰি ব্লকৰ অন্তৰ্গত ৩০ গোটৰ পৰা এইগৰাকী জীৱিকা সখী প্ৰাৰ্থনা পাচনী কোঁৱৰে ১০ লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে । স্বাৱলম্বী হোৱাৰ উদ্দেশ্য গোট গঠন কৰি খাটিখোৱা এইসকল গ্ৰামাঞ্চলৰ মহিলাই গোটে প্ৰতি ৫০ হাজাৰ টকাকৈ ঋণ লৈছিল । ইয়াৰ পিচতেই তেওঁলোকে মাহে মাহে বেংকৰ কিস্তি পৰিশোধ কৰিবলৈ যাওঁতে জীৱিকা সখী প্ৰাৰ্থনা পাচনী কোঁৱৰে গোটৰ মহিলাসকলৰ পৰা বেংক ঋণৰ কিস্তি তেওঁক জমা দিবলৈ কয় । নহ'লে অসুবিধা হ'ব বুলি সকীয়াই দি কৌশলৰে ২০২১ বৰ্ষৰে পৰা ৩০ টা আত্মসহায়ক গোটৰ ১০ লাখ টকা আত্মসাৎ কৰি আহিছিল ।

কেনেকৈ পোহৰলৈ আহিল এই তথ্য় ?

মহিলাসকলে এই বেংকৰ ঋণৰ কিস্তি জমা দি আহিছিল যদিও জীৱিকা সখীয়ে বেংকত আদায় দিয়া নাছিল । যেতিয়া এই গোটসমূহলৈ বেংকৰ পৰা জাননী প্ৰেৰণ কৰা হ'ল তাৰ পিচতহে পোহৰলৈ আহিল সকলো তথ্য । সখীয়ে কিদৰে প্ৰৱঞ্চনা কৰি বিপদ পেলালে মহিলাসকলক । আৰু ইয়াৰ পিচত প্ৰৱঞ্চনাৰ বলি হোৱা গোটসমূহৰ মহিলাসকলে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোলাঘাটৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰাত শুক্ৰবাৰে গোলাঘাটৰ দক্ষিণ হেঙেৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত ৩০ টা গোটৰ মহিলাসকলৰ লগত সমগ্ৰ বিষয়টো সন্দৰ্ভত এক আলোচনাত মিলিত হ'ল বিভাগীয় বৰমূৰীয়াসকল ।

লগতে পঢ়ক:সুলভ মূল্যৰ চাউল আত্মসাতৰ অভিযোগ সুুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে - Rice Corruption in Raha

চাহ শ্ৰমিকসকলৰ সমূহীয়া উন্নয়ন কেন্দ্ৰৰ নামত লুণ্ঠনৰ অভিযোগ - Skill Development Centre

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.