ETV Bharat / state

মৰণোত্তৰ পৰীক্ষাৰ নামতো চলে দৰ-দাম ! - MONEY DEMAND

ধন নিদিলে চৰকাৰী চিকিৎসালয়ত নহয় নেকি মৰণোত্তৰ পৰীক্ষা ? কোনে কোনে পায় ধনৰ ভাগ ? এজন ব্যক্তিৰ ভাষ্যই উদঙালে চিকিৎসাখণ্ডৰ স্বৰূপ ৷

Money demand
মৰণোত্তৰ পৰীক্ষাৰ নামতো চলে দৰ-দাম ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 7:37 AM IST

বিশ্বনাথ: যোৱা ৭ নৱেম্বৰৰ ঘটনা । ঘটনাটো আছিল বিশ্বনাথ জিলাৰ গহপুৰৰ । নিজ পিতৃয়ে ৭ বছৰীয়া পুত্ৰক হত্যা কৰি বাচি লৈছিল আত্মহত্যাৰ পথ । পিতা-পুত্ৰৰ মৃত্যু ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । ৭ নৱেম্বৰৰ সন্ধিয়া মৃগাংক শইকীয়া নামৰ লোকজনে নিজৰ ৭ বছৰীয়া পুত্ৰ আয়ুস্মান শইকীয়াক হত্যা কৰি ঘৰৰ পৰা পলায়ন কৰিছিল যদিও পিছদিনা অৰ্থাৎ ৮ নৱেম্বৰত মৃগাংক শইকীয়াৰ মৃতদেহ উদ্ধাৰ হয় চিপ লৈ থকা অৱস্থাত । সোমবাৰে তেওঁলোকৰ আদ্যশ্ৰাদ্ধ সম্পন্ন কৰিলে পৰিয়ালে ৷ তাৰ পাচতেই উন্মোচিত হৈছে এক চাঞ্চল্যকৰ অধ্যায় ৷

পুত্ৰ আৰু নাতিৰ দুটাকৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ নিয়াৰ নামত গহপুৰ আৰক্ষী আৰু বিহালী চিকিৎসকৰ পৰা পোৱা হাৰাশাস্তি সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে পৰিয়ালটো মৃগাংগৰ পিতৃ চিদানন্দ শইকীয়াই । তেওঁ অভিযোগ কৰা অনুসৰি ৭ বছৰীয়া আয়ুস্মান শইকীয়াক হত্যা কৰি মৃগাংক শইকীয়াই আত্মহত্যা কৰাত পৰিয়ালটোৰ মাজত সৃষ্টি হৈছিল এক শোকাকুল পৰিস্থিতিৰ । যাৰ ফলত সমস্যাৰ ওপৰত সমস্যাই গা কৰি উঠিছিল ।

মৰণোত্তৰ পৰীক্ষাৰ নামতো চলে দৰ-দাম ! (ETV Bharat)

ইফালে দুটাকৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ নিয়াৰ নামত গহপুৰ আৰক্ষী আৰু মৰণোত্তৰ পৰীক্ষা নামত বিহালীত চিকিৎসকে বৃহৎ পৰিমাণৰ ধন দাবী কৰা বুলি অভিযোগ তোলে চিদানন্দ শইকীয়াই ৷

শইকীয়াই কয় যে পুত্ৰ মৃগাংক আৰু নাতি আয়ুস্মানৰ মৃতদেহ বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ নিয়াৰ বাবে গহপুৰ আৰক্ষীক বাৰম্বাৰ কাকূতি-মিনতি কৰাৰ পিছতো কোনো সু-ফল নোপোৱাত নিজাকৈ দুখনকৈ এম্বুলেঞ্চ ভাড়াত ল’ব লগাত পৰে ৷ আনকি মৰণোত্তৰ পৰীক্ষাৰ নামত চিকিৎসক আৰু ছুইপাৰকো ধন দিবলগীয়া হয় ৷ ফলত প্ৰায় ২৫ হাজাৰ টকা ভৰিবলগীয়া হয় ।

চিকিৎসক আৰু আৰক্ষীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি শইকীয়াই কয়, ‘‘মোৰ পুত্ৰ আৰু নাতিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ নিবলৈ গহপুৰ আৰক্ষীক কোৱা পিছতো কোনো গুৰুত্ব নিদিলে ৷ যাৰ ফলত নিজাকৈ গহপুৰৰ পৰা বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ দুখন এম্বুলেঞ্চ ভাড়া কৰি লৈ যাব লগা হয় । ইফালে বিহালী প্ৰাথমিক চিকিৎসালয়ত থকা মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত দুটাকৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ নামত চিকিৎসক আৰু ছুইপাৰকো দিবলগীয়া হয় ধন ৷ মোৰ সেইসময়ত উপায় নাছিল বাবে টকাখিনি দিলোঁ ৷ কিন্তু আজি মই মুখ্যমন্ত্ৰীক এই বিষয়ে অৱগত কৰিব বিচাৰিছোঁ ৷’’

ইফালে বিহালী প্ৰাথমিক চিকিৎসালয়ৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত সহায় কৰা ছুইপাৰ দীপক তাঁতিয়ে দুটা মৃতদেহৰ কটা-ছিঙাৰ নামত যোৱা ৮ নৱেম্বৰত ৩ হাজাৰ টকা লোৱা কথা স্বীকাৰ কৰে ৷ তেওঁ কয়, ‘‘যোৱা ১০ বছৰ অধিক সময়ত বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰটোত ছুইপাৰ হিচাপে মই কাম কৰি আছোঁ যদিও চৰকাৰে কোনো মোক আজিলৈকে এটকাও দিয়া নাই৷ চাকৰিও দিয়া নাই, যাৰ ফলত মই সামান্য টকা এটাৰ বিনিময়ত এই কাম কৰো ৷ যদি দুখীয়া মানুহ হয় তেতিয়া এটকাও নলওঁ ৷’’

আনহাতে চিদানন্দ শইকীয়াই আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভতো অসন্তুষ্টি প্ৰকাশ কৰে ৷ তেওঁ কয় যে ৰাইজে মৃতদেহ দেখি খবৰ দিয়াত আৰক্ষী ততালিকে উপস্থিত হৈছিল কিন্তু পাছৰ পৰ্যায়ত তেওঁলোকে তদন্ত উচিতভাৱে কৰা নাই ৷ আজিলৈকে তেওঁলোকে স্কুটীখন উদ্ধাৰ কৰিবলৈও সক্ষম নহ’ল ৷ এই বিষয়ে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক গুৰুত্ব প্ৰদানৰ বাবে অনুৰোধ জনায় শইকীয়াই ৷

লগতে পঢ়ক: আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.