ETV Bharat / state

ঘূণাসুঁতিত মিচিং সংগঠৰ সদস্যক আক্ৰমণ : গুৰুতৰভাৱে আহত কেবাজনো - Attack on TMPK members

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 10:47 PM IST

Ghunasuti TMPK : ঘূণাসুঁতিত টি এম পি কে সদস্যৰ ওপৰত আক্ৰমণ ৷ গুৰুতৰভাৱে আহত কেবাজনো সদস্য ৷ নদী পাৰ হৈ প্ৰাণৰক্ষা ৷

Ghunasuti TMPK
ঘূণাসুঁতিত মিচিং সংগঠৰ সদস্যক আক্ৰমণ (ETV Bharat Assam)

লখিমপুৰ, 14 জুলাই : লখিমপুৰৰ ঘূণাসুঁতিত দেওবাৰে সংঘটিত হ’ল ভয়ংকৰ ঘটনা । দলবদ্ধ আক্ৰমণৰ ফলত সৃষ্টি হ’ল ৰণাংগণসদৃশ পৰিৱেশৰ ৷ ঘটনাত আহত হয় কেবাজনো লোক ৷

ঘটনাটো দেওবাৰে বিয়লি সংঘটিত হয় লখিমপুৰ জিলাৰ ঘূণাসুঁতিৰ উৰীয়াম তলাত । উৰীয়াম তলাত মিচিং সংগঠন টি এম পি কেৰ সদস্যই এক কাজিয়াৰ মীমাংসা কৰিবলৈ যোৱাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয় । একাংশ লোকে ভয়ংকৰভাৱে আক্ৰমণ কৰে মিচিং জাতীয় সংগঠন টি এম পি কেৰ নেতাক । পাঁচদলীয়া পচাৰে আক্ৰমণ কৰাৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় মনোৰাম টাইড আৰু দলিছন পায়েঙৰ লগতে সংগঠনটোৰ বহুকেইগৰাকী সদস্য । আক্ৰমণৰ বলি হোৱা সদস্যসকল ঘূণাসুঁতি টি এম পি কে আঞ্চলিক সমিতিৰ ৷

উক্ত আক্ৰমণত সংগঠনটোৰ মুঠ চাৰিজন সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । অভিযোগ অনুসৰি সদস্যসকলক কাটি পানীত পেলাই দিয়াৰ চেষ্টা কৰা হৈছিল যদিও তেওঁলোকে যেনেতেনে নদী পাৰ হৈ আঁতৰি গৈ জীৱন ৰক্ষা কৰে । উল্লেখ্য যে উৰীয়াম তলাৰ দিগন্ত নাথ আৰু ক্ষীৰেশ্বৰ নাথৰ পৰিয়ালৰ মাজত কিবা কাৰণত কন্দলৰ সূত্ৰপাত হৈছিল । উক্ত পৰিয়াল দুটাৰ কন্দল মীমাংসাৰ বাবে গৈছিল টি এম পি কেৰ ঘূনাসুঁতি আঞ্চলিক সমিতিৰ কেইজনমান সদস্য ।

তেওঁলোকে বিষয়টো লৈ আলোচনা কৰি থকাৰ সময়তে হঠাৎ একাংশ লোক আহি টি এম পি কেৰ সদস্যসকলক পঁচা, দা আদিৰে আক্ৰমণ কৰে । এই অতৰ্কিত আক্ৰমণৰ লগে লগে টি এম পি কেৰ সদস্যসকলে কোনোমতে পলাই আত্মৰক্ষা কৰিলেও কেবাজনো লোক আহত হয় ।

ইয়াৰ ভিতৰত গুৰুতৰভাৱে আহত হোৱা মনোৰম টাইদ আৰু দলিছন পায়েঙক চিকিৎসাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ টি এম পি কেৰ সদস্যসকলে অভিযোগ কৰা অনুসৰি পুৰন্দৰ দাস, কেম্পা দাস, ৰমেন দাস, নিপেন দাস, বাপকন দাস, খণ্টি দাস, লীলা চুতীয়া আদিয়ে এই আক্ৰমণ কৰিছিল । টি এম পি কেই এখন ঘৰুৱা কাজিয়াক মীমাংসা কৰিবলৈ লোৱাৰ সময়তে সংঘটিত এই ভয়ংকৰ আক্ৰমণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷

লগতে পঢ়ক : জে’লৰ পৰা ওলায়ে পুনৰ অপৰাধ, ধৰ্ষণৰ গোচৰত অভিযুক্তৰ ছুৰীকাঘাতত আহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.