ETV Bharat / state

অৰুণাচলত অসমৰ গাড়ী চালকক প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ, এজনৰ বিৰুদ্ধে এজাহাৰ - Attempt to Murder Allegation

Attack on Assam car driver in Arunachal : অৰুণাচলত অসমৰ গাড়ী চালকৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ উত্থাপিত হৈছে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গাড়ীৰ ক্ষতিসাধন কৰাৰ লগতে টকা লৈ যোৱাৰ ৷ ঘটনাত জড়িত থকাৰ সন্দেহত এজন অৰুণাচলী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ৷

Attack on Assam car driver in Arunachal
অৰুণাচলত অসমৰ গাড়ী চালকক প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2024, 3:50 PM IST

জোনাই, ২৫ ছেপ্টেম্বৰ : অব্যাহত আছে অসমীয়াৰ ওপৰত অৰুণাচলীৰ আক্ৰমণৰ অভিযোগ ৷ এইবাৰ অভিযোগ উত্থাপিত হৈছে অসমৰ গাড়ী চালকক প্ৰাণে মৰা চেষ্টা চলোৱাৰ ৷

কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ দাপৰিজোত দুজনকৈ অসমৰ গাড়ী চালকক হত্যা কৰাৰ ঘটনা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ তেনে সময়তে পুনৰ অৰুণাচল প্ৰদেশৰ ল'ৱাৰ দিবাং ভেলীৰ দাম্বুকত ২৩ ছেপ্টেম্বৰত অসমৰ গাড়ী চালকক অৰুণাচলৰ এদল দুৰ্বৃত্তই প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ উত্থাপিত হৈছে ।

অৰুণাচলত অসমৰ গাড়ী চালকক প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ (ETV Bharat Assam)

অভিযোগ অনুসৰি দুৰ্বৃত্তৰ দলটোৱে হাতে হাতে চোকা অস্ত্ৰ লৈ খেদি আহি চালকগৰাকীৰ পৰা ধন দাবী কৰে ৷ তদুপৰি চালকগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত চোকা অস্ত্ৰৰে আঘাত কৰি গাড়ীৰ চাবিৰ লগতে জেপত থকা সকলো ধন দুৰ্বৃত্তই কাঢ়ি লৈ যায় ৷ ইফালে প্ৰাণৰ মমতাত চালকগৰাকীয়ে জেপত থকা সকলো ধন দি কোনোমতে প্ৰাণৰক্ষা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিছে ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও অৰুণাচল প্ৰদেশৰ একাংশ দুৰ্বৃত্তই অসমৰ চালকসকলক বিভিন্নধৰণেৰে দাবী-ধমকি দি ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল ৷ ধন নিদিলে গাড়ীৰ চকা, আইনা আদি ভাঙি দিয়াৰ ঘটনাও সংঘটিত কৰাৰ অভিযোগ আছে অৰুণাচলীৰ বিৰুদ্ধে ।

২৩ ছেপ্টেম্বৰৰ ঘটনা সন্দৰ্ভত অসমৰ গাড়ী চালক সন্থাই অৰুণাচল প্ৰদেশৰ দাম্বুকৰ নিবাসী কেদংজী দুমাৰ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে ৷ এই আক্ৰমণৰ লগত লোকজন জড়িত থকাৰ সন্দেহত ইতিমধ্যে জোনাই থানাত দাখিল কৰিছে গোচৰ । ইফালে অহা ২৪ ঘন্টাৰ ভিতৰত যদিহে দুৰ্বৃত্তক আটক কৰি উচিত শাস্তি প্ৰদান নকৰে, তেন্তে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিছে জোনাইৰ গাড়ী চালক সন্থাই ।

লগতে পঢ়ক : চালকক হত্যাৰ প্ৰতিবাদ : ৩ দিনৰ ভিতৰত দাবী পূৰণ নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ

অৰুণাচলত পুতি থোৱা অৱস্থাত উদ্ধাৰ অসমৰ অপহৃত ট্ৰাক চালকৰ মৃতদেহ, গ্ৰেপ্তাৰ চাৰি

নদীত গা ধুবলৈ যোৱা অসমীয়া যুৱকৰ দলক অৰুণাচলীৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.