ডিব্ৰুগড়,৩ আগষ্ট : ৰাজ্যত পুনৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ প্ৰসংগ । অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক লৈ পুনৰ বিভিন্ন সংগঠনসমূহ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে । কিয়নো চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিলৈ কোনো এখন চৰকাৰে সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী নাই । শাসনলৈ অহাৰ পূৰ্বে শাসকীয় দল বিজেপিয়েও অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যকৰী নকৰিলে । ফলত অসমৰ জনগোষ্ঠীয় সংগঠনসমূহে ৰাজ্যত পুনৰ আৰম্ভ কৰিছে প্ৰতিবাদ ।
মটক যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ :
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত শনিবাৰে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ষষ্ঠ অনুসূচীত মটক জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই সংগঠনটোৱে । আনকি সংগঠনটোৱে চৰকাৰক অন্তিম সকীয়নিও প্ৰদান কৰে । ডিব্ৰুগড়ৰ চৌকিডিঙ্গীত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় ।
চৰকাৰক সকীয়নি :
প্ৰতিবাদত অংশ লৈ এগৰাকী নেতাই কয়,"অসম চৰকাৰক ২০২৬ চনৰ পূৰ্বে আমি শেষ সকীয়নি দিব বিচাৰিছো । আমি আপোনালোকৰ লগত বহুবাৰ আলোচনা কৰিছো, দিল্লীতো আলোচনা কৰিছো । কিন্তু আলোচনাৰ নামত আমাৰ লগত আপোনালোকে কেৱল ভেকোভাওনা কৰিছে । আমাৰ লগত প্ৰৱঞ্চনা কৰিছে । জনজাতি কৰিম বুলি প্ৰতিটো নিৰ্বাচনী বৈতৰণী পাৰ কৰিছে । সেয়ে আমি সকীয়াই দিব বিচাৰিছো । যদি নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহয় তেনেহ'লে আপোনালোকৰ গাদী ব্ৰহ্মপুত্ৰত উটি যাব ।"