ETV Bharat / state

ভূপেন বৰাই বন্ধুসকলক কেয়াৰ নকৰে: অখিল গগৈ - Opposition unity Assam - OPPOSITION UNITY ASSAM

Bhupen Borah Vs Akhil Gogoi : ভূপেন বৰাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অখিল গগৈ । আগন্তুক উপ-নিৰ্বাচনত পাঁচোটা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ইংগিত দিয়ে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়কগৰাকীয়ে । বিৰোধী ঐক্য মঞ্চই হিমন্ত বিশ্ব শৰ্মাক বিদায় নিদিয়ালৈকে ঐক্যবদ্ধভাৱে থকাৰ আহ্বান গগৈৰ ।

Akhil Gogoi appealed to the Opposition Unity Assam to remain united till the 2026 elections
ভূপেন বৰাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অখিল গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 5:55 PM IST

শিৱসাগৰ, ১৯ জুলাই: উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘাত বৃদ্ধি পাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মাজত । আগন্তুক উপ-নিৰ্বাচনত কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বৰাই মন্তব্য কৰাৰ পাচতেই ফাঁট মেলে বন্ধুত্বত । লোকসভা নিৰ্বাচনৰ আগে আগে গঠন হোৱা বিৰোধী ঐক্য মঞ্চ এতিয়া উপ-নিৰ্বাচনৰ পূৰ্বেই থানবান হোৱাৰ দিশে । বিশেষকৈ অখিল গগৈ আৰু ভূপেন বৰাৰ বাকযুদ্ধই বিৰোধী ঐক্য মঞ্চ ভংগ হোৱাৰ এক আভাস তুলি ধৰিছে ।

ভূপেন বৰাই বন্ধুসকলক কেয়াৰ নকৰে: অখিল গগৈ (ETV Bharat Assam)

৫ সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছে অকলেই যুঁজ দিয়াৰ কথা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উল্লেখ কৰাৰ পাচতে এইবাৰ অখিল গগৈয়ে ক'লে উপ-নিৰ্বাচনত পাঁচোটা সমষ্টিতে ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । এই সন্দৰ্ভত শিৱসাগৰত উপস্থিত হৈ বিৰোধী ঐক্য মঞ্চত কোনো ফাঁট মেলা নাই বুলি উল্লেখ কৰি গগৈয়ে কয়, "বিৰোধী ঐক্য মঞ্চৰ আটাইতকৈ ডাঙৰ দলটো হৈ আমাক লগত লৈ যিদৰে আগবাঢ়িব লাগিছিল তাৰ বিপৰীতে সকলো সিদ্ধান্ত আমাৰ ওপৰত জাপি দিবলৈ লোৱাৰ কাৰণে আমাৰ মাজত এটা ভুল বুজাবুজি হৈছে ।"

লগতে তেওঁ কয়,"আমি সকলোৱে বুজি পাওঁ যে ২০২৬ ত বিজেপিক বিদায় দিবৰ কাৰণে, অসমৰ ৰাইজক যদি বিজেপিৰ অপশাসনৰ পৰা মুক্ত কৰিব লাগে, অসমৰ মানুহক মূল্যবৃদ্ধিৰ ব্যৱস্থাৰ আঁতৰাই আনিব লাগে, কৰ-কাটলৰ ব্যৱস্থা, সাম্প্ৰদায়িক ৰাজনীতি, অসমৰ ৰাইজে উশাহ ল'ব নোৱৰা পৰিৱেশ নোহোৱা কৰিব লাগে, তেতিয়াহ'লে সকলোৱে জানে যে বিৰোধী ঐক্য মঞ্চ ঐক্যবদ্ধ হৈ থাকি নিৰ্বাচন খেলিব লাগিব । গতিকে আমি সকলোৱে এইবাৰ উপ-নিৰ্বাচনত কংগ্ৰেছকে সমৰ্থন কৰিম বুলি ভাবি আছিলো ।"

লোকসভা তথা বিধানসভা নিৰ্বাচনত আন দলৰ সহায় লাগে আৰু চৰকাৰ গঠন নোহোৱা নিৰ্বাচনত সহায় নালাগে বুলি আক্ষেপ প্ৰকাশ কৰি গগৈয়ে কয়," ভূপেন বৰাই বন্ধুসকলক কেয়াৰ নকৰে, তাৰমানে হিমন্ত বিশ্ব শৰ্মাক কেয়াৰ কৰে ? এনেধৰণৰ নীতি লৈ বিৰোধী পক্ষ কেতিয়াও শক্তিশালী হ'ব নোৱাৰে । গতিকে আমাৰ স্পষ্ট কথা যে আমি ২০২৪ ৰ লোকসভা নিৰ্বাচনতো ত্যাগ কৰিছিলো আৰু উপ-নিৰ্বাচতো ত্যাগ কৰিবলৈ প্ৰস্তুত আছিলো । কিন্তু এতিয়া কংগ্ৰেছৰ যিটো দাদাগিৰি দেখা গৈছে তাৰপাচত আমাৰ কৰ্মীসকলে স্পষ্টভাৱে কৈছে আমি আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী দিব লাগে । "

ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্তই গ্ৰহণ কৰা হ'ব পাৰে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়,"ইয়াত আমাৰ কোনো ভুল নাই । কংগ্ৰেছৰ নিজৰ ভুলৰ বাবেই আমি এই সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম । ২০২৬ ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়ালৈকে আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগে বুলি মই ভাৱো ।" পিচে অখিল গগৈৰ এই আহ্বানক ভূপেন বৰাই কিদৰে সঁহাৰি দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক: দূৰত্ব বাঢ়িছে অখিল গগৈ-কংগ্ৰেছৰ : উপ-নিৰ্বাচনক লৈ ঐক্য মঞ্চত আকৌ অনৈক্য - Opposition unity Assam

পেৰাচ্যুটেৰে নমাৰ দৰে হঠাতে ঢেকিয়াজুলিত নামিল সিংহল : বিজেপিত আৰু এক জঞ্জাল আৰম্ভ - Assam assembly election 2026

এলায়েন্সৰ ধৰ্ম কংগ্ৰেছতকৈ কোনেও বেছিকৈ নাজানে : ভূপেন কুমাৰ বৰাৰ কৌশলী যুক্তি - Assembly bypolls 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.