লখিমপুৰ,৫ মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত নাগৰিকত্ব সংশোধনী আইন (কা) কাৰ্যকৰী কৰাৰ কথা চৰকাৰে ঘোষণা কৰাৰ লগে লগে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে । অসমৰ বিভিন্ন জিলাত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বহু সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে লখিমপুৰত মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।
অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে সংগঠনটোৰ নেতা-কৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তোলে ।
সংগঠনটোৱে দাবী কৰা মতে চৰকাৰে কা বলবৎ কৰিবলৈ লোৱাটো সম্পূর্ণ আইন বিৰোধী । কেন্দ্রীয় চৰকাৰে বিগত ৪ বছৰ ধৰি উচ্চতম ন্যায়ালয়ত চলি থকা উক্ত গোচৰ আগবঢ়াই নিয়াৰ কোনো সদিচ্ছা প্রকাশ কৰা নাই । সংগঠনটোৰ মতে বতর্মান সময়ত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে সম্পূর্ণ অবৈধ আৰু স্বেচ্ছাচাৰিতাৰে কা'ৰ বিধি বলবৎ কৰিব বিচাৰিছে । কিন্তু চৰকাৰৰ ষড়যন্ত্রমূলক সিদ্ধান্তক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্র গৰিহণা দিয়ে ।
সংগঠনটোৰ মতে তেওঁলোকে পূৰ্বৰে এই আইনৰ বিৰোধিতা কৰি আহিছে । সংগঠনটোৱে দাবী কৰা মতে কা কাৰ্যকৰী হ'লে দেশৰ ভিতৰতে সর্বাধিক ক্ষতিগ্রস্ত হ'ব অসম । অবৈধভাৱে বিদেশীয়ে অসমলৈ আহি নাগৰিকত্ব গ্রহণ কৰাৰ ফলত অসমীয়া জাতি অসমতে সংখ্যালঘুত পৰিণত হ'ব বুলি সংগঠনটোৱে আশংকা কৰিছে । এই আইনখন বাতিলৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পুনৰ এক ধাৰাবাহিক গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও প্ৰতিবাদকাৰীসকলে ঘোষণা কৰে ।
লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ‘কা’বিৰোধী প্ৰতিবাদত কঁপিল যোৰহাট